Tuesday, October 4, 2022
HomeNewsআত্মীয়ক লগ কৰাৰ বাবেই বাংলাদেশত দুগৰাকী টেবুল টেনিছ তাৰকাক নিলম্বন

আত্মীয়ক লগ কৰাৰ বাবেই বাংলাদেশত দুগৰাকী টেবুল টেনিছ তাৰকাক নিলম্বন

আত্মীয়ক লগ কৰাৰ বাবেই বাংলাদেশত দুগৰাকী টেবুল টেনিছ তাৰকাক নিলম্বন

অলিম্পিয়া প্ৰতিবেদন

কমনৱেলথ গেমছৰ খেল এৰি লগ কৰিবলৈ গৈছিল আত্মীয়ক । বাংলাদেশ টেবুল টেনিছ ফেডাৰেচনে কৰিলে নিলম্বন । আচৰণ বিধি উলংঘাৰ অভিযোগ দুগৰাকী বাংলাদেশৰ টেনিছ তাৰকাৰ বিৰুদ্ধে ।

সদ্যসমাপ্ত বাৰ্মিংহাম কমনৱেলথ গেমছত ঘটিল এক আচৰিত ঘটনা । যি ঘটনা এতিয়া পোহৰলৈ আহিছে । এই ঘটনা সংঘটিত হৈছে বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় দুই টেবুল টেনিছ তাৰকাৰ । নাম তেওঁলোকৰ সোনম চুলতানা সোমা আৰু ছাদিয়া আক্টাৰ মৌ । অভিযোগ অনুসৰি দুয়োগৰাকী তাৰকাই বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ খেল এৰি লণ্ডনৰ আত্মীয়ক লগ কৰিবলৈ গৈছিল । তাতেই লাগিল অথন্তৰ । দুয়োগৰাকী টেবুল টেনিছ তাৰকাৰ বিৰুদ্ধে কঠোৰ হ’ল বাংলাদেশ টেনিছ ফেডাৰেচন । বাংলাদেশ টেবুল টেনিছ ফেডাৰেচনে নিম্বলন কৰিলে দুয়ো গৰাকী খেলুৱৈক । জানিব পৰা মতে, এগৰাকী খেলুৱৈক দুবছৰ , আনগৰাকীকো দুবছৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা প্ৰতিযোগিতাৰ পৰা নিষিদ্ধ কৰা হৈছে ।

ইফালে, ফেডাৰেচনৰ তৰফৰ পৰা খেলুৱৈ দুগৰাকীলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰী কৰা হৈছিল যদিও নাহিল কোনো উত্তৰ । ফলত এনে কঠোৰ সিদ্ধান্ত লবলৈ বাধ্য হ’ল বাংলাদেশ টেবুল টেনিছ ফেডাৰেচনে ।

বাংলাদেশ টেবুল টেনিছ ফেডাৰেচনৰ সাধাৰণ সম্পাদক শ্বেখ মহম্মদ জাহাংগীৰ আলমে কয় এনেদৰে, “শনিবাৰে কাৰ্যকৰী সমিতিৰ বৈঠকত সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত লোৱা হয় । কাৰণ ৫ আগষ্টত খেলিবলগা মেচসমূহত ৱাক অভাৰ দি দেশৰ ভাৱমুৰ্তি কলুষিত কৰিলে তেওঁলোকে ।”

বাংলাদেশ টেবুল টেনিছ ফেডাৰেচনৰ এই সিদ্ধান্তত তোলাপাৰ লাগিছে বাংলাদেশৰ ক্ৰীড়াক্ষেত্র । এই নিলম্বনৰ পাছত তাৰকা খেলুৱৈ দুগৰাকীয়ে কি স্থিতি গ্ৰহণ কৰে, সেয়া হ’ব লক্ষণীয় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments