Monday, May 16, 2022
HomeNewsআদ্ৰিকা ৰাজকুমাৰীৰ দ্বি-মুকুট

আদ্ৰিকা ৰাজকুমাৰীৰ দ্বি-মুকুট

আদ্ৰিকা ৰাজকুমাৰীৰ দ্বি-মুকুট

অলিম্পিয়া প্ৰতিবেদন:    ডিব্ৰুগড়ত বৃহস্পতিবাৰে সামৰণি পৰা আইটা টেলেণ্ট ছিৰিজ টেনিছ টুৰ্ণামেণ্টত অসমৰ আদ্ৰিকা ৰাজকুমাৰীয়ে দ্বি-মুকুট অৰ্জন কৰিছে ৷ ছোৱালীৰ ১৬ বছৰ অনূৰ্দ্ধ ছিংগলছৰ ফাইনেলত আদ্ৰিকাই অসমৰে অৰ্ণাভি দেৱনাথক ৩-৬, ৬-৩, ৬-০ ব্যৱধানত পৰাস্ত কৰি চুড়ান্ত বিজয়ী হয় ৷

আৰু অধিক পঢ়ক

ডাবোলছত নিষ্ঠা বেজবৰুৱাৰ সৈতে যুটি বান্ধি আদ্ৰিকাই ৬-৪, ৬-০ পোনপটিয়া ছেটত পৰাস্ত কৰে অৰ্ণাভি দেৱনাথ আৰু নিকিতা কন্দক ৷ ইফালে ল’ৰাৰ ১৬ বছৰ অনূৰ্দ্ধ ছিংগলছত পাৰ্থিৱ কলিতাই ৰামানুজ তালুকদাৰক ৬-০, ৬-৩ ব্যৱধানত পৰাস্ত কৰি ট্ৰফী দখল কৰে ৷

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

ল’ৰাৰ ডাবোলছ ফাইনেলত চান্দুগ্য ত্ৰিদিপ পাঠক আৰু বিদ্যান ৰঞ্জন বৰাই ৰামানুজ তালুকদাৰ আৰু অভিৰাজ দত্ত যুটিক ৬-২, ৬-১ ছেটত পৰাস্ত কৰি বিজয়ী হয় ৷ অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই জনোৱা মতে আইটা চেম্পিয়নশ্বিপ ছিৰিজ টেনিছ টুৰ্ণামেণ্ট ( ল’ৰা-ছোৱালীৰ ১২ আৰু ১৪ বছৰ অনূৰ্দ্ধ ) অহা ৯ মে’ৰ পৰা গুৱাহাটীৰ চচল টেনিছ প্ৰকল্পত আৰম্ভ হ’ব ৷ ইয়াৰে কোৱালিফাইং ৰাউণ্ডৰ মেচসমূহ হ’ব ৭ আৰু ৮ মে’ত ৷

OLYMPIA MEGAZINE

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

14 − 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments