ৰাজ্যত ক্ৰীড়া ক্ষেত্ৰৰ এটি চিনাকী নাম আদৰ্শ চৌধুৰী। এইগৰাকী আদৰ্শই দাঙি ধৰিছে আদৰ্শ। তেওঁৰ নেতৃত্বত অসমৰ কাৰাটে খেলুৱৈয়ে দেখিছে আশাৰ বাট। প্ৰতিবছৰে আদৰ্শই এক লাখ টকা পুৰস্কাৰৰ এক লীগ অনুষ্ঠিত কৰি আহিছে। এইগৰাকী আদৰ্শই অলিম্পিয়াৰ আগত কৈছিল তেওঁৰ লগতে, তেওঁৰ ইউনিফাইড কাৰাটে গীল্ড আৰু ৰাজ্যৰ কাৰাটে ক্ষত্ৰখনৰ বিষয়ে কৈছিল বহু কথা। চাওক আমাৰ সেই বিশেষ প্ৰতিবেদন ভিডিঅ’ আকাৰে।
তুষাৰ প্ৰতিম
ৰাজ্যৰ নতুন প্ৰজন্মৰ বাবে আদৰ্শ স্বৰুপ ‘আদৰ্শ’। উপযুক্ত যোগ্যতা থকাৰ পিছতো এসময়ত সুযোগ-সুবিধা লাভ নকৰা আদৰ্শই উত্তৰ প্ৰজন্ম যাতে তেওঁৰ দৰে বঞ্চিত হ’ব নালাগে তাৰ বাবে নিজেই আগবাঢ়ি আহি হাতত লৈছে প্ৰচেষ্টা।

আদৰ্শ চৌধুৰী। অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ এটা অতি চিনাকী নাম। ইউনিফাইড কাৰাটে গীল্ড নামৰ এক কাৰাটেৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ জৰিয়তে ইতিমধ্য ৰাজ্যৰ সমৰকলাৰ ক্ষেত্ৰখনলৈ আগবঢ়াইছে বিশেষ অৱদান। পেছাত এগৰাকী অভিযন্তা আদৰ্শই ক্ৰীড়াৰ শিতানত ৰাজ্যৰ কেইখনমান উচ্চশিক্ষানুষ্ঠানৰ প্ৰতিষ্ঠানত উচ্চশিক্ষা গ্ৰহণৰ বাবে আৱেদন কৰিছিল যদিও তেওঁৰ সেই আৱেদন গ্ৰহণ কৰা নাছিল। কাৰণ আদৰ্শই কাৰাটেৰ যিবোৰ প্ৰতিযোগিতাৰ প্ৰমাণপত্ৰ দাখিল কৰিছিল সেইবোৰ অলিম্পিক সংস্থাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত সংস্থাৰ অধিনৰ প্ৰতিযোগিতা নাছিল। অৰ্থাৎ অলিম্পিক সংস্থাৰ দ্বাৰা স্বীকৃতি নোপোৱা কোনো ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ প্ৰমান পত্ৰ শিক্ষানুষ্ঠানে ক্ৰীড়াৰ শিতানত নাম ভৰ্তিৰ বাবে গ্ৰহণযোগ্য বুলি বিবেচনা নকৰে।

একাংশ ক্ৰীড়া সংস্থাৰ ক্ষুদ্ৰ স্বাৰ্থৰ বাবেই বিভ্ৰান্ত হবলগীয়া হৈছে আদৰ্শৰ দৰে ৰাজ্যৰ অনেক খেলুৱৈ আৰু অভিভাৱক। নিজে ভূগিবলগীয়া হোৱা এনে সমস্যা যাতে আন খেলুৱৈয়ে ভূগিবলগীয়া নহয় তাৰ বাবে আদৰ্শই নিজেই আগবাঢ়ি আহি প্ৰতিষ্ঠা কৰিলে ইউনিফাইড কাৰাটে গীল্ড নামৰ এটা কাৰাটেৰ প্ৰশিক্ষণ কেন্দ্ৰ। প্ৰথমে নিজ পৰিয়ালৰে ৭ টা শিশুক লগত লৈ মহানগৰীৰ খানাপাৰা দূৰ্গামন্দিৰৰ মুকলি ঠাইতে আৰম্ভ কৰিছিল প্ৰশিক্ষণ।

২০১৫ চনত এইদৰে আৰম্ভ কৰা প্ৰশিক্ষণ কেন্দ্ৰটোত আজি কেইবাশতাধিক প্ৰশিক্ষাৰ্থী। ইয়াৰ উপৰিও অসমৰ বিভিন্ন প্ৰান্তলৈ সম্প্ৰসাৰিত হৈছে ইউনিফাইড কাৰাটে গীল্ডৰ শাখা-উপশাখা। প্ৰথমে ৰঙা মাটিৰ ওপৰতে কাৰাটেৰ প্ৰশিক্ষণ প্ৰদান কৰা আদৰ্শই এতিয়া প্ৰশিক্ষাৰ্থীসকলক প্ৰদান কৰিছে বহু উন্নত মানদণ্ডৰ ক্ৰীড়া সামগ্ৰী।ইয়াৰ উপৰিও আদৰ্শৰ ইউনিফাইড কাৰাটে গীল্ডে প্ৰতিবছৰে অনুষ্ঠিত কৰি আহিছে IPL, ISL আদি প্ৰতিযোগিতাৰ আৰ্হিত এখন কাৰাটে লীগ। উঠি অহা খেলুৱৈৰ মনত প্ৰতিযোগিতামূলক মানসিকতা বৃদ্ধিৰ বাবে অনুষ্ঠিত কৰি অহা এই প্ৰতিযোগিতাত এক লাখ টকাৰ প্ৰাইজমাণী প্ৰদনা কৰা হয়।কাৰাটেৰ অ, আ, ক, খ শিকা সৰু লৰা ছৱালীৰ পৰা আৰম্ভ কৰি ব্লেক বেল্ট প্ৰাপ্ত খেলুৱৈলৈকে সকলোৰে নিলাম প্ৰক্ৰিয়াৰে আগবঢ়া এই প্ৰতিযোগিতাত থাকে চিয়েৰলীডাৰ্ছ আৰু প্ৰতিবাৰেই আহে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ একো-একোজন তাৰকা।

ৰাজ্যৰ কাৰাটে ক্ষেত্ৰখন বৰ্তমান বহুকেইটা ভাগত বিভক্ত হৈ আছে । কেইবাটাও কাৰাটেৰ সংস্থাই ৰাজ্যৰ সহশ্ৰাধিক খেলুৱৈক বিভিন্ন প্ৰান্তত প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। কিন্তু এই সংস্থা সমূহৰ মাজত চলি থকা সংঘাটৰ বাবে সমস্যাত পৰিবলগীয়া হৈছে ৰাজ্যৰ কাৰাটে খেলুৱৈসকলে। কাৰাটে সংস্থাসমূহ বহুধাবিভক্ত হৈ থকাৰ বাবেই সুযোগ-সুবিধা লাভ কৰাৰ পৰা বঞ্চিত হৈ আছে কাৰাটে খেলুৱৈসকল। অৱশ্যে শীঘ্ৰে এই সমস্যাৰ সমাধান ঘটিব বুলি অলিম্পিয়াৰ আগত জনাইছে তৰুণ ক্ৰীড়া সংগঠক তথা প্ৰশিক্ষকগৰাকীয়ে।

বিশ্বৰ ক্ৰীড়াৰ সৰ্বোচ্ছ মঞ্চ অলিম্পিকত অন্তৰ্ভুক্ত হৈছে কাৰাটে। টকিঅ অলিম্পিকত প্ৰথমবাৰৰ বাবে অংশলব কাৰাটে খেলুৱৈয়ে। ইয়াৰ পৰবৰ্তী ২০২৪ অলিম্পিকত ইউনিফাইড কাৰাটে গীল্ডৰ প্ৰশিক্ষাৰ্থীয়ে অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰিব পৰাকৈ প্ৰস্তুত কৰি তুলিছে বুলিও আদৰ্শই আমাৰ আগত জনাই। তেওঁ কয়, ২০২৪ অলিম্পিকত আমাৰ প্ৰশিক্ষাৰ্থীয়ে দেশক প্ৰতিনিধিত্ব কৰিব পৰাকৈ আমি প্ৰস্তুতি চলাই আছো।

বহুতৰ বাবে আদৰ্শ স্বৰূপ আদৰ্শই তেওঁৰ ইউনিফাইড কাৰাটে গীল্ডৰ লগতে তেওঁৰ বিষয়ে আৰু ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ বিষয়ে বহু কথা অলিম্পিয়াৰ আগত ব্যক্ত কৰিছিল।
চাওক ভিডিঅ’