নগাঁৱৰ পৰা অলিম্পিয়াৰ হৈ দীপশিখা বৰা হাজৰিকা
নগাঁও জিলাৰ ৰূপহী কলেজৰ উদ্যোগত সদ্যসমাপ্ত নগাঁও জিলা ভিত্তিক এদিনীয়া দিবা-নৈশ আন্তঃকলেজ কাবাডী প্ৰতিযোগিতাৰ ল’ৰাৰ শাখাত শাৰীৰিক শিক্ষাৰ নিৰ্দেশক হিৰণ্য গোহাঁইৰ প্ৰশিক্ষণৰে পুষ্ট নগাঁও কলেজৰ দল আৰু ছোৱালীৰ শাখাত ৰূপহী কলেজৰ দলে চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰিছে ।
এই প্ৰতিযোগিতাৰ নৈশলোকৰ ল’ৰাৰ শাখাৰ ফাইনেলত নগাঁও কলেজ দলটোৱে ৰূপহী কলেজ দলক ৩১-১৬ পইণ্টৰ ব্যৱধানত পৰাজিত কৰাৰ বিপৰীতে ছোৱালীৰ শাখাৰ ফাইনেলত ৰূপহী কলেজ দলে নগাঁও কলেজক ২৯-১১ পইণ্টৰ ব্যৱধানত পৰাজিত কৰে ।
ল’ৰাৰ শাখাত বিজয়ী আৰু ছোৱালীৰ শাখাত ফাইনেলিষ্ট নগাঁও কলেজ দলটোৰ প্ৰশিক্ষক হিৰণ্য গোহাঁই আৰু খেলুৱৈসকল হ’ল– জেচিম আলম (অধিনায়ক), অলিক হাজৰিকা, জিতুপন ৰাউটিয়া, পাপু পৰজা, ইমাদুল হুছেইন, প্ৰিঞ্চ শইকীয়া, প্ৰিতম বৰা, ৰমিদ গয়াৰী, অংকিত গোহাঁই, জ্যোতিষ বৰদলৈ, শান্তনু বৰা (ল’ৰা); পিংকী দাস (অধিনায়িকা), বিস্মিতা দাস, দীক্ষিতা দাস, অংকিতা দেৱী, অৰুন্ধতী হাজৰিকা (চুনচুনী), ৰশ্মিৰেখা বৰা, পল্লৱী নাথ, লুনা বৰা, ৰশ্মিতা পাটৰ, দিম্পীমণি বৰা, ৰিয়া বৰদলৈ, বন্দিতা দাস, সুমিত্ৰা নাথ, বিষ্ণুপ্ৰিয়া বৰদলৈ (ছোৱালী)। উল্লেখিত নগাঁও কলেজৰ খেলুৱৈসকলক শুকুৰবাৰে অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে আনুষ্ঠানিকভাৱে অভিনন্দন জনোৱাৰ লগতে ক্ৰীড়া তত্ত্বাৱধায়ক তথা সহকাৰী অধ্যাপক মৃদুপৱন চিন্তে, ড° পূৰ্বশ্ৰী বৰপূজাৰী, নগাঁও কলেজৰ প্ৰাক্তন ছাত্ৰ তথা খেলুৱৈ, অসম যোগ সংস্থাৰ সম্পাদক, যোগগুৰু প্ৰভাত চন্দ্ৰ বৰা, ক্ৰীড়া সংগঠক সমীৰ হাজৰিকা, ছাত্ৰ একতা সভাৰ বিষয়ববীয়া অৰিন্দম শৰ্মা, ময়ুৰকৃষ্ণ দাস (ক্ৰীড়া) আৰু কংকন শীল আদিয়েও অভিনন্দন জনাইছে ।