Tuesday, October 4, 2022
HomeNewsআন্তঃক্লাব ক্ৰিকেটত জি চি চি চি , চিটি ক্ৰিকেটৰ জয়

আন্তঃক্লাব ক্ৰিকেটত জি চি চি চি , চিটি ক্ৰিকেটৰ জয়

অলিম্পিয়া প্ৰতিবেদন

নেহৰু ষ্টেডিয়ামত চলি থকা গোলাপ, আৰতি হাজৰিকা শৰৎ কলিতা সোঁৱৰণি ষষ্ঠ আন্তঃক্লাব ক্ৰিকেট টুৰ্ণামেণ্টৰ প্ৰথম মেচত বৃহস্পতিবাৰে গুৱাহাটী ক্ৰিকেট কোচিং চেণ্টাৰে জয়লাভ কৰিছে । দলটোৱে শান্তিপুৰ এ চিক ৭ উইকেটত পৰাস্ত কৰে । শান্তিপুৰে ১২ অভাৰত ৫ উইকেটত ৮৯ ৰাণ কৰাৰ বিপৰীতে জি চি চি চি য়ে ৯.৪ অভাৰত ৩ টা উইকেট হেৰুৱাই জয়ী হয় । বিজয়ী দলৰ অভিজিত সিনহা ৰয়ে সৰ্বাধিক ৩৬ ৰাণ কৰে । এই দলৰেই ৰোহিত সিঙে ১১ ৰাণৰ বিনিময়ত ৩ টা উইকেট দখল কৰি মেন অৱ দ্য মেচ ট্ৰফী লাভ কৰে । ইফালে দ্বিতীয় মেচত চিটি ক্ৰিকেট কোচিং চেণ্টাৰে ৭৭ ৰাণত পৰাস্ত কৰে চানমাৰী স্প’ৰ্টছ ক্লাবক । চিটি ক্ৰিকেটে ২০ অভাৰত ৬ উইকেটত কৰে ১৯২ ৰাণ । দলৰ অংশুমান কাটনিয়ে ৪৯, মিতৰাজ কুমাৰে ৪৩ আৰু ৰাজ আগৰৱালাই ৪২ ৰাণ কৰাৰ বিপৰীতে বিপক্ষৰ চান্দমাৰী ক্লাৱৰ চন্দন ৰয়ে ৪ অভাৰত ৪ টা আৰু চন্দ্ৰদ্বীপ দাসে ৪ অভাৰত ৩টা উইকেট দখল কৰে । মেন অৱ দ্য মেচ ট্ৰফী লাভ কৰে ৰাজ আগৰৱালাই ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eight + ten =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments