Monday, July 4, 2022
HomeNewsআন্তঃজিলা খো খো প্ৰতিযোগিতাত লৰা আৰু ছোৱালী উভয় শাখাতে ডিব্ৰুগড় চেম্পিয়ন

আন্তঃজিলা খো খো প্ৰতিযোগিতাত লৰা আৰু ছোৱালী উভয় শাখাতে ডিব্ৰুগড় চেম্পিয়ন

জিণ্টু গগৈ সোঁৱৰণী আন্তঃজিলা ছাব-জুনিয়ৰ খো খো প্ৰতিযোগিতাত লৰা আৰু ছোৱালী উভয় শাখাতে ডিব্ৰুগড় চম্পিয়ন হৈছে। অসম খো খো সন্থাৰ উদ্যোগত আৰু গুৱাহাটী খো খো সন্থাৰ সহযোগত সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখন ডিব্ৰুগড়ৰ লৰাৰ দলটোৱে তামুলপূৰক ২৪-১৭ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে ছোৱালী দলটোৱে সোণাপুৰক ২০-১৩ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে।

প্ৰতিযোগিতাখনত লৰা আৰু ছোৱালী শাখাত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ ক্ৰমে ডিব্ৰুগড়ৰ শেখৰদ্বীপ গগৈ আৰু কংকণা বৰশইকীয়াই।

প্ৰতিযোগিতাৰ বিজয়ী দলটোক ট্ৰফীসহ পাঁচহাজাৰ টকা আৰু বিজিত দলক ট্ৰফীসহ তিনি হাজাৰ টকা প্ৰদান কৰা হয়।

প্ৰতিযোগিতাখনত চূড়ান্ত খেলখনৰ পিছত অনুষ্ঠিত হোৱা বঁটা বিতৰণী অনুষ্ঠানত ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব স্বপ্ননীল বৰুৱা, ভাৰতীয় ক্ৰীড়া সাংবাদিক সন্থাৰ সভাপতি সুবোধমল্ল বৰুৱা, জ্যেষ্ঠ সাংবাদিক পাৰ্থ চক্ৰৱৰ্তী, খো খো সন্থাৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱা, সম্পাদক আফতাব হুছেইন, প্ৰাণজিত শইকীয়া আদি ব্যক্তিসকলে বঁটাসমূহ প্ৰদান কৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments