৫৭ সংখ্যক সদৌ অসম আন্তঃজিলা ছিনিয়ৰ ভলীবল প্ৰতিযোগিতাৰ পুৰুষ শাখাত এন এফ ৰেলৱে চেম্পিয়ন হবলৈ সক্ষম হৈছে। প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখনত এন এফ ৰেলৱেৱে নাজিৰাক ২৫-২০, ২৫-১৯ আৰু ২৯-২৭ ত পৰাস্ত কৰিবলৈ সক্ষম হয়।
অসম ভলীবল সন্থাৰ তত্ত্বাৱধানত, মঙলদৈ ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু আউলাচৌকা টাইগাৰ ফৰ্চৰ ব্যৱস্থাপনাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন উদ্বোধন কৰে বিধায়ক গুৰুজ্যোতি দাসে। আনহাতে চূড়ান্ত খেলখনত উপস্থিত থাকে বিধায়ক বিনন্দ কুমাৰ শইকীয়া , উপায়ুক্ত দিলীপ কুমাৰ বৰা, আৰক্ষী অধীক্ষক অমৃত ভূঞা, মঙলদৈ ক্ৰীড়া সন্থাৰ সম্পাদক অনুপম ডেকা, অসম ভলীবল সন্থাৰ সম্পাদক ড০ সত্যেন্দ্ৰনাথ শৰ্মা আদি ব্যক্তিসকল উপস্থিত থাকে।
আনহাতে প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰি উলিওৱা স্মৰণীকাখন উন্মোচন কৰা হয়।