Thursday, July 7, 2022
HomeNewsআন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসত গুৱাহাটীত প্ৰাইজমানি দৌৰ প্ৰতিযোগিতা

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসত গুৱাহাটীত প্ৰাইজমানি দৌৰ প্ৰতিযোগিতা

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসত গুৱাহাটীত প্ৰাইজমানি দৌৰ প্ৰতিযোগিতা

অলিম্পিয়া প্ৰতিবেদন: আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে অসম এথলেটিকছ সন্থা আৰু গুৱাহাটী ক্ৰীড়া সন্থাৰ যুটীয়া উদ্যোগত প্ৰাইজমানি ১০ কিলোমিটাৰ দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । ২৩ জুনৰ পুৱা ৫ বজাত খানাপাৰা খেলপথাৰৰ পৰা আৰম্ভ হৈ নেহেৰু ষ্টেডিয়ামত সামৰণি পৰিবলগীয়া ১০ কিলোমিটাৰ দূৰত্বৰ প্ৰতিযোগিতাখনত প্ৰতিযোগীসকলৰ অংশগ্ৰহণ উদ্যোক্তাই কামনা কৰিছে ।

আৰু অধিক পঢ়ক

পুৰুষ-মহিলা উভয়শাখায অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাত প্ৰথমৰ পৰা পঞ্চম স্থান প্ৰাপ্ত বিজয়ী প্ৰতিযোগীসকলক ক্ৰমে পাঁচ, চাৰি, তিনি, দুই আৰু এহেজাৰকৈ টকাৰে পুৰস্কৃত কৰা হ’ব । প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে প্ৰতিযোগীসকলে ৬৯০১৮-৫৬৬৯৬,৯৯৫৭৭-৪৫৯৩৪ নম্বৰত লগতে assamathleticsassociation@gmail.com আৰু gsaghy1958@gmail.comত ই-মেইলযোগে অহা ২২ জুনৰ পূৰ্বে নামসমূহ প্ৰেৰণ কৰিব লাগিব ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

প্ৰতিযোগিতাখনৰ ফ্লেগ অফৰ লগতে বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকিব মোহময়ী অভিনেত্ৰী প্ৰস্ততি পৰাশৰ, বৰষা ৰাণী বিষয়া, শ্যামন্তিকা শৰ্মা, কন্ঠশিল্পী ভৃগু কাশ্যপ আৰু আচুৰ্য বৰপাত্ৰ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments