Thursday, July 7, 2022
HomeNewsআন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসত গুৱাহাটীৰ ৰাজপথত মাৰাথন দৌৰ

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসত গুৱাহাটীৰ ৰাজপথত মাৰাথন দৌৰ

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসত গুৱাহাটীৰ ৰাজপথত মাৰাথন দৌৰ

অলিম্পিয়া প্ৰতিবেদন: গুৱাহাটীৰ ৰাজপথত মাৰাথন দৌৰ । খানাপাৰাৰ পৰা নেহৰু ষ্টেডিয়ামলৈ দৌৰিছে এজাক দৌৰবিদে । আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসত পুৱাৰ পৰিবেশ এয়া । আজি ২৩ জুন । সমগ্ৰ বিশ্বই পালন কৰিছে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস ।

এই বিশেষ দিনটোৰ লগত সংগতি ৰাখি অসম এথলেটিকছ সন্থা আৰু গুৱাহাটী ক্ৰীড়া সন্থাই যুটীয়া প্ৰচেষ্টাত আয়োজন কৰিছে ১০ কিলোমিটাৰ দূৰত্বৰ প্ৰাইজমানি মাৰাথন প্ৰতিযোগিতা । য’ত অংশগ্ৰহণ কৰিলে দুই শতাধিক পুৰুষ- মহিলা উভয়ৰে বিভিন্ন বয়স গোটৰ খেলুৱৈয়ে । বৃহস্পতিবাৰে খানাপাৰাত এই কাৰ্যসূচীৰ ফ্লেগ অফ কৰিলে অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ, দৌৰবিদ অম্লান বৰগোঁহাই, অসমীয়া চলচ্চিত্ৰ জগতৰ মোহময়ী অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ, কন্ঠশিল্পী ভৃগু কাশ্যপে ।

আৰু অধিক পঢ়ক

তাৰপাছত আৰম্ভ হ’ল খানাপাৰাৰ পৰা জি এছ ৰোড হৈ মাৰাথন দৌৰ । মাৰাথনৰ ফলাফলৰ ভিত্তিত পাঁচগৰাকী শ্ৰেষ্ঠ দৌৰবিদক নগদ ধনেৰে পুৰস্কৃত কৰা হৈছে । নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিল গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পুলক গোস্বামীকে আদি কৰি বিভিন্ন জন ব্যক্তি । পদক অৰ্জন কৰি বিজয়ৰ হাঁহি মাৰাথন দৌৰত অংশগ্ৰহণ কৰা প্ৰতিযোগীৰ ।

প্ৰতিযোগিতা সম্পৰ্কত মন্তব্য কৰিছে অসম এথলেটিকছ সন্থাৰ বিষয়-ববীয়া তথা এথলেটিকছ প্ৰশিক্ষক নিপন দাসে । এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই আনন্দিত অসম এথলেটিকছ ক্ষেত্রৰ উদিত সূৰ্য অম্লান বৰগোঁহাই । প্ৰতিযোগিতাত মানুহৰ সহযোগিতা প্ৰত্যক্ষ কৰি অভিভূত অম্লান । খানাপাৰাত মাৰাথন দৌৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই আনন্দিত হৈ পৰিল অভিনেত্রী প্ৰস্তুতি পৰাশৰ । সকলো প্ৰতিযোগীকে যাচিলে শুভেচ্ছা ।

ফ্লেগ অফ কাৰ্যসূচীত উপস্থিত থাকি আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসৰ শুভেচ্ছা জনালে কন্ঠশিল্পী ভৃগু কাশ্যপে । পুনৰ অসমৰ ক্ৰীড়া ক্ষেত্রৰ পৰা দ্বিতীয় গৰাকী হিমা দাস বা লাভলীনা বৰগোঁহাইৰ দৰে খেলুৱৈ উজলি উঠাৰ কামনা কৰিলে ভৃগু কাশ্যপে । ইফালে মাৰাথন দৌৰৰ ফ্লেগ অফ কাৰ্যসূচীত উপস্থিত থাকি মনৰ ভাৱ ব্যক্ত কৰিলে যোগগুৰু প্ৰভাত শৰ্মাই । একতাৰ বাৰ্তাৰে সকলোকে ক্ৰীড়াৰ সৈতে সংপৃক্ত হ’বলৈ আহ্বান জনালে তেওঁ।

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসত অসম এথলেটিকছ সন্থা আৰু গুৱাহাটী ক্ৰীড়া সন্থাই গ্ৰহণ কৰা পদক্ষেপক শলাগিছে ক্ৰীড়া অনুৰাগীয়ে । সকলোৱে কামনা কৰিছে এথলেটিকছ ক্ষেত্রত বহু দূৰ আগুৱাই যাওক অসমৰ প্ৰতিভাৱান খেলুৱৈ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments