অলিম্পিয়া প্ৰতিবেদন
লক্ষ্য যদি স্থিৰ হয় আৰু মনত থাকে প্ৰবল আত্মবিশ্বাস তেতিয়া দৰিদ্ৰতা কিয় আন কোনো কাৰকেই বাধা হ’ব নোৱাৰে — এই কথাকেই প্ৰমাণ কৰি আজি দেশৰ লগতে বিশ্বৰ ক্রীড়াক্ষেত্ৰত এক সুকীয়া আসন দখল কৰিবলৈ সক্ষম হোৱা এগৰাকী খেলুৱৈ । নাম তেওঁৰ দীপিকা কুমাৰী । আৰ্চাৰীৰ ক্ষেত্ৰখনত এতিয়ালৈকে ৩৭ তাৰো অধিক আন্তঃৰাষ্ট্ৰীয় পদক লাভ কৰিবলৈ সক্ষম হোৱা দীপিকা বৰ্তমান বিশ্বৰ নাম্বাৰ-১ আৰ্চাৰী খেলুৱৈ । জীৱনতো বহুতো ঘাত-প্ৰতিঘাতৰ মাজেৰে অতিক্ৰম কৰি এটা সময়ত পদ্মশ্ৰী আৰু অৰ্জুন বঁটাৰে সন্মানিত এইগৰাকী আৰ্চাৰী খেলুৱৈৰ জীৱন গাঁথা আন দহগৰাকী খেলুৱৈৰ বাবে প্ৰেৰণাৰ উৎস ।
ঝাৰখণ্ডৰ এখন সৰু গাঁও ৰাতু চাট্টিত ১৯৯৪ চনৰ ১৩ জুনত জন্মলাভ কৰা দীপিকাৰ পিতৃ আছিল এজন ৰিক্সাচালক । মাহে ৭০০ টকা উপাৰ্জনেৰে পৰিয়ালটোৱে দুবেলা দুখাজ খাদ্যৰ বাবেও যথেষ্ট সংগ্ৰাম কৰিবলগা হৈছিল । সৰুতে প্ৰায়ে গছৰ আমক লক্ষ্য কৰি দীপিকাই শিলগুটি নিক্ষেপ কৰিছিল , য’ত কেতিয়াও লক্ষ্যচ্যুত হোৱা নাছিল দীপিকাৰ । লাহে লাহে আৰ্চাৰীৰ প্ৰতি আগ্ৰহ বাঢ়ি আহিছিল দীপিকাৰ । ঘৰতেই বাঁহেৰে ধনুকাঁড় সাজি অনুশীলন আৰম্ভ কৰিছিল দীপিকাই । এনেদৰেই এটা সময়ত দীপিকাই খাৰছাৱানৰ অৰ্জুন আৰ্চাৰী একেডেমীত প্ৰশিক্ষণ আৰম্ভ কৰে । দীপিকাৰ ভাষ্য, ” প্ৰথমাৱস্থাত মই অৰ্জুন আৰ্চাৰী একাডেমীত নামভৰ্তি কৰাৰ এটাই কাৰণ আছিল সেয়া হৈছে তাত যোগান ধৰা বিনামূলীয়া খাদ্য আৰু থকাৰ ব্যৱস্থাৰ বাবে । মোৰ পৰিয়ালটোৱে দিনটোৰ এসাজৰ বাবে যথেষ্ট সংগ্ৰাম কৰিবলগা হৈছিল । সেয়ে মই ভাবিছিলো যে মই আঁতৰিলেও পৰিয়ালটোৰ পৰা অকণমান বোজা আঁতৰিব । কিয়নো ঘৰখনত খাবলৈ আৰু বহুকেইজন আছিল ।” সঁচাকৈয়ে হৃদয় বিদাৰক ! কিমান অভাৱত থাকিলে এগৰাকী ব্যক্তিয়ে এনেদৰে ভাবিবলৈ বাধ্য হয় ! একেডেমীখনে প্ৰথমে তেওঁক ৰিজেক্ট কৰিছিল কিন্তু পিছলৈ যেতিয়া দীপিকাই নিজক প্ৰমাণ কৰি দেখুৱাবৰ বাবে ৩ মাহ সময় বিচাৰিলে তেতিয়া তেওঁলোক মান্তি হ’ল ।
এনেদৰেই আৰম্ভণি হ’ল দীপিকাৰ আৰ্চাৰী যাত্ৰা । তেওঁ বিভিন্ন ছাব জুনিয়ৰ প্ৰতিযোগিতাসমূহত ভাগ ল’বলৈ আৰম্ভ কৰিলে । এনেদৰে এদিন দীপিকাৰ ওপৰত চকু পৰিল টাটা একেডেমী জুনিয়ৰ টীমৰ প্ৰশিক্ষক ধৰ্মেন্দ্ৰৰ আৰু তাৰ পিছতেই সলনি হ’ল দীপিকাৰ জীৱন । দীপিকাৰ ভাষ্য, “জামচেদপুৰৰ জে আৰ দি স্পৰ্টছ কম্প্লেক্সত ট্ৰেইনিং আৰম্ভ কৰাটো মোৰ বাবে এটা সপোনসদৃশ । ইয়াৰ আগতে মই কেতিয়াও এনে হোষ্টেলত থাকি পোৱা নাছিলো– য’ত মহিলাৰ বাবেও টইলেটৰ ব্যৱস্থা আছে । ইমানবোৰ সুবিধা মই আগতে কেতিয়াও পোৱা নাছিলো । মই ঈশ্বৰক প্ৰাৰ্থনা কৰিছিলো যাতে চিৰদিনৰ বাবে ইয়াত থাকিব পাৰো ।” প্ৰথমবাৰৰ বাবে দীপিকাই বাঁহৰ ধনুকাঁড় এৰি ৰিকাৰ্ভ ধনু আৰু কাঁড় ব্যৱহাৰ কৰিবলৈ শিকিছিল । লাহে লাহে নিপুণ হৈ উঠিছিল দীপিকা আৰু ইয়াৰ লগে লগে নেচনেল জুনিয়ৰ টুৰ্ণামেণ্টছসমূহত নিজ পাৰদৰ্শিতা দেখুৱাবলৈ ধৰিলে । ছিনিয়ৰ নেচনেল চেম্পিয়ন হবলৈ সক্ষম হোৱা দীপিকা হৈছে ভাৰতৰ প্ৰথমগৰাকী ছাব জুনিয়ৰ আৰ্চাৰ । আন্তঃৰাষ্ট্রীয় পৰ্যায়ত দীপিকাৰ অভিষেক মেচ আছিল ২০০৬ চনৰ মেক্সিকত হোৱা আৰ্চাৰী ৱৰ্ল্ড কাপ য’ত তেওঁ পল্টন হেনছা টাইটেল লাভ কৰা ভাৰতৰ দ্বিতীয়গৰাকী আৰ্চাৰৰ সন্মান লাভ কৰে । ২০০৯ চনত ইউ এছ এ ৰ উতাহত অনুষ্ঠিত ৱৰ্ল্ড আৰ্চাৰী চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জন কৰে । ২০১০ চনত দিল্লীত হোৱা কমনৱেলথ গেমছত দুটাকৈ স্বৰ্ণ পদক আজুৰি আনিবলৈ সক্ষম হয় । ২০১২ চনত আন্তল্যত অনুষ্ঠিত আৰ্চাৰী ৱৰ্ল্ড কাপত স্বৰ্ণ পদক অৰ্জন কৰে । ২০১৩ চনত এচিয়ান গেমছত ব্ৰঞ্জৰ পদক দখল কৰাৰ লগতে অন্তল্য আৰ্চাৰী ৱৰ্ল্ড কাপতো স্বৰ্ণ পদক দখল কৰে । ইয়াৰ পাছত ২০১৬ চনৰ ৰিও অলিম্পিকত অংশগ্ৰহণ কৰাৰ আগলৈ দীপিকাই ভালেসংখ্যক ৰূপৰ পদকৰ লগতে ব্ৰঞ্জৰ পদক লাভ কৰে । ইমানবোৰ পদক অৰ্জনৰ উপৰি শেহতীয়াকৈ চর্চালৈ অহাৰ অন্য এটা কাৰণ হৈছে পেৰিচত হোৱা আৰ্চাৰী ৱৰ্ল্ড কাপত দীপিকাই এদিনতেই ভাৰতক তিনিটা সোণৰ পদক উপহাৰ দিবলৈ সক্ষম হয় । ২০২১ লৈ দীপিকাই মুঠ ৬ টা সোণৰ পদক ভাৰতক দিবলৈ সক্ষম হৈছে । ২০১৯ ,চনত দীপিকাই এছিয়া কনণ্টিনেণ্টেল কোৱালিফিকেচন টুৰ্ণামেণ্টত সোণৰ পদক দখল কৰি ২০২১ ৰ টকীও অলিম্পিকলৈ যোগ্যতা অর্জন কৰে ।
আজিৰ হেজাৰগৰাকী তৰুণীৰ আদৰ্শ হৈ ৰ’ব দীপিকা। ক্ৰীড়াপ্ৰেমীয়ে কামনা কৰিব দীপিকাৰ আৰ্চাৰীৰ সৈতে এই যাত্ৰা সুদূৰপ্ৰসাৰী হওঁক।