Wednesday, August 10, 2022
HomeNewsআন্তঃৰাষ্ট্ৰীয় ইলোৰদা কাপ বক্সিঙত ৰূপৰ পদক অৰ্জন অসমৰ যমুনা বড়োৰ

আন্তঃৰাষ্ট্ৰীয় ইলোৰদা কাপ বক্সিঙত ৰূপৰ পদক অৰ্জন অসমৰ যমুনা বড়োৰ

আন্তঃৰাষ্ট্ৰীয় ইলোৰদা কাপ বক্সিঙত ৰূপৰ পদক অৰ্জন অসমৰ যমুনা বড়োৰ

অলিম্পিয়া প্ৰতিবেদন: কাজাখস্তানৰ ৰাজধানী চহৰ নুৰ- ছুলতানত অনুষ্ঠিত ইলোৰদা কাপ আন্তঃৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত অসম কন্যা যমুনা বড়োৱে ৰূপৰ পদক অৰ্জন কৰে ৷ সোমবাৰৰ ৫৪ কেজি ওজন শাখাৰ ফাইনেলত ২০১৯ ৰ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জ বিজয়ী যমুনা উজবেক প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে পৰাস্ত হয় ৷ যমুনাক ৫-০ ব্যৱধানত পৰাস্ত কৰি খিতাপ দখল কৰে উজবেকিস্তানৰ নিগিনা উক্তামভাই ৷

ৰূপৰ পদক অৰ্জন কৰাৰ দ্বাৰা যমুনাই ৪০০ মাৰ্কিন ডলাৰ লাভ কৰে

ফাইনেলত যমুনা পৰাস্ত হ’লেও ভাৰতৰ আলফিয়া পাঠান আৰু গীতিকাই স্বৰ্ণ জয় কৰে ৷ যমুনাৰ লগতে ৰূপৰ পদক লাভ কৰা ভাৰতৰ মহিলা বক্সাৰগৰাকী হ’ল কালাইৱানী শ্ৰীনিৱাসন ৷ নাগপুৰৰ আলফিয়াই ৮১ কেজি শাখাৰ ফাইনেলত ২০১৬ ৰ বিশ্ব চেম্পিয়ন তথা শক্তিশালী প্ৰতিদ্বন্দ্বী লজ্জত কুনগেইবায়েভাক ৫-০ পইণ্টত পৰাস্ত কৰে ৷

ইফালে ৪৮ কেজি শাখাৰ ফাইনেলত গীতিকাই নিজ দেশৰে কালাইৱানীৰ বিৰুদ্ধে ৪-১ পইণ্টৰ ব্যৱধানত বিজয়ী হয় ৷ চেম্পিয়ন সূত্ৰে আলফিয়া আৰু গীতিকাই ৭০০ মাৰ্কিন ডলাৰকৈ লাভ কৰে ৷ প্ৰথমবাৰৰ বাবে আয়োজিত এই ০আন্তঃৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেণ্টত ১০ টা ব্ৰঞ্জকে ধৰি ভাৰতে মুঠ ১৪ পদক অৰ্জন কৰে ৷

ভাৰতৰ মহিলা দলটোৱে ২ টা কৈ সোণ আৰু ৰূপ তথা ৬ টা ব্ৰঞ্জৰ পদক জয় কৰে ৷ এই চেম্পিয়নশ্বিপত ভাৰতৰ উপৰি উজবেকিস্তান, আয়োজক কাজাখস্তান, কিউবা, চীন আৰু মংগোলীয়াৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰে ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments