Sunday, October 2, 2022
HomeNewsআন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ আব্দুল লটিফৰ বিয়োগ:মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শোক প্ৰকাশ

আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ আব্দুল লটিফৰ বিয়োগ:মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শোক প্ৰকাশ

অসমৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ আব্দুল লটিফ আৰু নাই। যোৱা নিশা নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে বিশিষ্ট ফুটবলাৰ গৰাকীৰ। লটিফৰ বিয়োগত অসমৰ মুখ্যমন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰে। শোকবাৰ্তাত সোনোৱালে কয় যে লটিফৰ মৃত্যুত অসমে এগৰাকী সুদক্ষ ফুটবলাৰক হেৰুৱালে। তেওঁ প্ৰাক্তন ভাৰতীয় জাতীয় দলৰ সদস্যগৰাকীৰ শেষকৃত ৰাজ্যিক মৰ্যাদাৰে কৰাৰ নিৰ্দেশ প্ৰদান কৰে।

ইফালে অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰৰ নেতৃত্বত এটা প্ৰতিনিধি দলে প্ৰয়াত ফুটবলাৰ গৰাকীৰ ঘৰত উপস্থিত হৈ তেওঁলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে এক শোক বাৰ্তাত কয় যে ,” আমি মৰ্মাহত হৈ পৰিছোঁ। ভাৰতীয় দলৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ গৰাকীৰ বিয়োগে অসমৰ ক্ৰীড়াক্ষেত্ৰখনত এক বৃহৎ শূন্যতাৰ সৃষ্টি কৰিলে। বেংকক এছিয়াদত স্বৰ্ণ পদক লাভ কৰা ভাৰতীয় ফুটবল দলটোৰ এগৰাকী সদস্য লটিফ ডাঙৰীয়াই এগৰাকী প্ৰশিক্ষক হিচাবে অসমৰ ফুটবল ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ কথা শ্ৰদ্ধাৰে সুৱঁৰিছো। আমি তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ শোক সন্তপ্ত পৰিয়ালটিলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো।

” উল্লেখযোগ্য যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত অসম অলিম্পিক সন্থাৰ প্ৰতিনিধি দলটোৰ সৈতে উপস্থিত আছিল অসম অলিম্পিক সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া গৌতম চৌধুৰী, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, সুবোধমল্ল বৰুৱা, বিশিষ্ট ক্ৰীড়া সংগঠক ৰাজীৱ প্ৰকাশ বৰুৱা, অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়া নাছিৰ গুল খান, কল্যান গগৈ আদি।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

7 + 19 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments