Monday, July 4, 2022
HomeNewsআন্তঃৰাষ্ট্ৰীয় সমৰকলাত তিনিটা স্বৰ্ণ দখলেৰে নেপালত উৰিল ভাৰতৰ বিজয়ৰ ত্রিৰংগা

আন্তঃৰাষ্ট্ৰীয় সমৰকলাত তিনিটা স্বৰ্ণ দখলেৰে নেপালত উৰিল ভাৰতৰ বিজয়ৰ ত্রিৰংগা

আন্তঃৰাষ্ট্ৰীয় সমৰকলাত তিনিটা স্বৰ্ণ দখলেৰে নেপালত উৰিল ভাৰতৰ বিজয়ৰ ত্রিৰংগা

অলিম্পিয়া প্ৰতিবেদন: নেপালত উৰিল ভাৰতৰ বিজয়ৰ ত্রিৰংগা । আন্তঃৰাষ্ট্ৰীয় সমৰকলাত অপ্ৰতিৰোধ্য অসম। অসমৰ তিনি উশ্বু খেলুৱৈৰ স্বৰ্ণ অৰ্জন ।

চলিত মাহৰ ২৮ ৰ পৰা ৩০ মে’লৈ নেপাল কাঠমাণ্ডুৰ চোখডোল কাৰাটে একাডেমী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় ইণ্ডো- নেপাল আন্তঃৰাষ্ট্ৰীয় খেল ২০২২ । এই আন্তঃৰাষ্ট্ৰীয় সমৰকলা প্ৰতিযোগিতাৰ বিভিন্ন ইভেন্টত ভাৰতৰ হৈ প্ৰতিনিধিত্ব আগবঢ়ালে ভাৰতৰ প্ৰায় ৭০ গৰাকী সমৰকলা খেলুৱৈয়ে । উশ্বু ইভেন্টত ভাৰতৰ হৈ অংশগ্ৰহণ কৰি অসমৰ তিনি সমৰকলা খেলুৱৈয়ে আঁজুৰি আনিছে শ্ৰেষ্ঠত্ব ।

আৰু অধিক পঢ়ক

দুৰ্দান্ত ক্ৰীড়া প্ৰদৰ্শনেৰে অসমৰ তিনি উশ্বু খেলুৱৈয়ে লাভ কৰিছে ৩ টাকৈ স্বৰ্ণ পদক । উশ্বুৰ ছিনিয়ৰ ৬২ কেজি শাখাত দক্ষিণ কামৰূপ বামুণীগাঁৱৰ ধৰ্মেন্দ্ৰ বড়োৱে লাভ কৰিছে সোণৰ পদক । সেইদৰে ৪২ কেজি জুনিয়ৰ শাখাত স্বৰ্ণ জিনিলে বকো বাকৰাপাৰাৰ জিনা হুছেইনে । সমান্তৰালভাৱে, টাউলু জুনিয়ৰ শাখাত সোণৰ পদক অৰ্জনৰে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিলে ডিব্ৰুগড় জিলাৰ পি এন ৰোড শান্তিপাৰাৰ গ্ল’ৰী ভৰালীয়ে ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

উল্লেখযোগ্য যে, এই উন্নত মান সম্পন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত নেপাল , ভাৰত আৰু শ্ৰীলংকা — এই তিনিখন দেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰে । সমৰকলাৰ উপৰি এথলেটিকছ , কাবাদী আদি ইভেন্টসমূহ অনুষ্ঠিত হয় । ভাৰতীয় দলটোৰ টীম মেনেজাৰৰ দায়িত্বত আছিল জ্যেষ্ঠ সমৰকলা প্ৰশিক্ষক গোমে থাপা । উশ্বুৰ প্ৰশিক্ষক হিচাপে থাকিল নিজামুদ্দিন আহমেদ আৰু আন্তঃৰাষ্ট্ৰীয় সমৰ কলা খেলুৱৈ মনোজ কুমাৰ দাস ।

ডিঙিত স্বাভিমানী গামোচা আৰু হাতত ত্রিৰংগা লৈ খেলুৱৈৰ মুখত পদকপ্ৰাপ্তিৰ হাঁহি বিৰিঙিল । প্ৰতিযোগিতাৰ শেষৰ দিনা তিনিখন দেশৰ ৰাষ্ট্ৰীয় সংগীতেৰে মুখৰিত হ’ল সামৰণি অনুষ্ঠান । এই তিনি উশ্বু খেলুৱৈৰ পদকপ্ৰাপ্তয়ে ভাৰতৰ লগতে অসম , দক্ষিণ কামৰূপ তথা ডিব্ৰুগড়বাসীক উৎসাহিত কৰিছে । পদকপ্ৰাপ্ত খেলুৱৈসকল ২ জুনত গুৱাহাটী আহি ভৰি দিব ।

ক্ৰীড়া অনুৰাগীৰ আশা— -সমৰকলাত অসম তথা ভাৰতৰ খেলুৱৈৰ বিজয় যাত্রা চিৰপ্ৰবাহমান হওক । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দপদপাই থাকক অসমৰ দুৰ্দান্ত সমৰকলা খেলুৱৈ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments