Friday, September 30, 2022
HomeNewsআন্তঃ জিলা হেণ্ডবল প্ৰতিযোগিতাৰ ল'ৰাৰ শাখাত তামুলপুৰ, ছোৱালী শাখাত শিৱসাগৰ চেম্পিয়ন

আন্তঃ জিলা হেণ্ডবল প্ৰতিযোগিতাৰ ল’ৰাৰ শাখাত তামুলপুৰ, ছোৱালী শাখাত শিৱসাগৰ চেম্পিয়ন

নলবাৰীৰ পৰা অলিম্পিয়াৰ হৈ দীপক কুমাৰ দাস

অসম হেণ্ডবল সন্থাৰ উদ্যোগত আৰু প্ৰাগজ্যোতিষপুৰ জিলা হেণ্ডবল সন্থাৰ সহযোগত চন্দ্ৰপুৰত ৮ এপ্ৰিলৰ পৰা ১০ এপ্ৰিললৈ অনুষ্ঠিত ২১ সংখ্যক গিৰীন্দ্ৰ শৰ্মা আৰু ভদ্ৰেশ্বৰ বডৌচা সোঁৱৰণী আন্তঃজিলা ছাব-জুনিয়ৰ হেণ্ডবল প্ৰতিযোগিতাত ৰাজ্যখনৰ ল’ৰাৰ শাখাত ১৯ টা আৰু ছোৱালী শাখাত ১৩ টা দলে অংশগ্ৰহণ কৰে । ছোৱালীৰ শাখাত শিৱসাগৰ জিলা দলে প্ৰাগজ্যোতিষপুৰ জিলা দলক ৮-৪ গ’লৰ ব্যাৱধানত পৰাজিত কৰি চুড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে । আনহাতে ল’ৰাৰ শাখাত তামুলপুৰ জিলা দলে শিৱসাগৰ জিলা দলক ২১-৬ গ’লৰ বৃহৎ ব্যাৱধানত পৰাজিত কৰি চুড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে । চুড়ান্ত খেলৰ সামৰণী অনুষ্ঠানত উপস্থিত থাকে অসম অলিম্পিক সন্থাৰ উপ সভাপতি মুৰলীধৰ চৌধুৰী, অসম ৰাজ্যিক বেচা-কিনা নিগমৰ অধ্যক্ষ অশোক ছিংভী, অসম হেণ্ডবল সন্থাৰ সভাপতি অমল নাৰায়ণ পাটোৱাৰী, অসম উশ্বু সন্থাৰ সাধাৰণ সম্পাদক ৰঞ্জিত বড়ো, প্ৰাগজ্যোতিষপুৰ জিলা হেণ্ডবল সন্থাৰ সভাপতি প্ৰফুল্ল তালুকদাৰকে ধৰি জিলা হেণ্ডবল সন্থাৰ বিষয়ববীয়া সকল ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nine − one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments