Monday, October 3, 2022
HomeNewsআন্তৰ্জাতিক নাৰী দিৱস: ক্ৰীড়া ভাৰতীৰ উদ্যোগত মহিলাৰ আত্মৰক্ষাৰ কৰ্মশালা সম্পন্ন

আন্তৰ্জাতিক নাৰী দিৱস: ক্ৰীড়া ভাৰতীৰ উদ্যোগত মহিলাৰ আত্মৰক্ষাৰ কৰ্মশালা সম্পন্ন

৮ মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে উজানবজাৰৰ ৰাধিকা প্ৰশান্তি উদ্যানত অনুষ্ঠিত হৈ যায় মহিলাসকলৰ এখন আত্মৰক্ষাৰ কৰ্মশালা। ক্ৰীড়া ভাৰতী মহানগৰ সমিতিৰ উদ্যোগত তথা DASTBI MMA ৰ সহযোগত অনুষ্ঠিত কৰ্মশালাখনত শতাধিক মহিলাই অংশগ্ৰহণ কৰে। অনুষ্ঠানত DASTBI MMA ৰ তৰফৰ পৰা আত্ম সুৰক্ষাৰ বিভিন্ন কৌশল প্ৰদান কৰা হয়। তদুপৰি মাৰ্চিয়েল আৰ্টৰ বিভিন্ন কলা প্রদৰ্শন কৰে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ যোগ প্ৰশিক্ষক অনামিকা বৰ্মন আৰু তেওঁৰ সংগীবৃন্দই। অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি এখন সুস্থ সমাজ গঠনত নাৰীৰ ভুমিকা আৰু জীৱন যুজঁত এক নিৰোগী শৰীৰ তথা আত্মৰক্ষাৰ কৌশলসমূহ আয়ত্ব কৰাটো এগৰাকী নাৰীৰ বাবে কিমান প্ৰয়োজনীয় সেই বিষয়ে বক্তব্য ৰাখে অখিল ভাৰতীয় কার্যবাহিকা চহছৰ সুনিতা হালডেকাৰে।

ইয়াৰ লগতে অনুষ্ঠানটোত উপস্থিত থাকে বিশিষ্ট সমাজসেৱিকা তথা স্পৰ্টছ নিউট্ৰিছনিষ্ট কবিতা মজুমদাৰ, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শক্তি উত্তোলক ৰাখি শৰ্মা, ৰাণী লক্ষ্মীবাই ৰাষ্ট্ৰীয় শাৰীৰিক প্ৰতিষ্ঠানৰ ডিন ডঃ বিশ্বজিৎ বসুমতাৰী, ক্ৰীড়া ভাৰতীৰ সংগঠন মন্ত্ৰী মনোজ মহান্তি, ক্ৰীড়া ভাৰতী মহানগৰ সমিতিৰ সভাপতি অমল ডেকা আৰু সম্পাদক প্ৰীতম গোস্বামীৰ লগতে ক্ৰীড়া ভাৰতীৰ আন আন কৰ্মকতাসকল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 + 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments