আন্তৰ্জাতিক পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলা লন বলত ইতিহাস সৃষ্টি তানিয়া চৌধুৰীৰ

অলিম্পিয়াৰ প্ৰতিবেদক ঃ অষ্ট্ৰেলিয়াৰ গ’ল্ড ক’ষ্টত অনুষ্ঠিত ২০১৯ এছিয়া পেচিফিক লন বল প্ৰতিযোগিতাত  অসমৰ তানিয়া চৌধুৰীয়ে বঞ্জৰ পদক লাভ কৰি ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হৈছে। অষ্ট্ৰেলিয়াৰ গ’ল্ড ক’ষ্টত অনুষ্ঠিত হোৱা বিশ্বমানৰ প্ৰতিযোগিতাখনত পদক জয়ৰ পিছতেই তানিয়া চৌধুৰী প্ৰথম ভাৰতীয় আন্তৰ্জাতিক পদক লাভ কৰা মহিলা খেলুৱৈ ৰূপে পৰিগণিত হয়। ভাৰতীয় লন বলৰ ৰাষ্ট্ৰীয় চেম্পিয়ন অসমৰ তানিয়া চৌধুৰীয়ে এই ইতিহাস সৃষ্টি কৰি অসমৰ নাম পুনৰবাৰ ক্ৰীড়া জগতত উজলাই তুলিছে। উল্লেখ্য যে অষ্ট্ৰেলিয়াৰ গ’ল্ড ক’ষ্টত অনুষ্ঠিত হোৱা বিশ্বমানৰ প্ৰতিযোগিতাখনত ১৮খন ৰাষ্ট্ৰৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *