Tuesday, July 5, 2022
HomeNewsআন এক ইতিহাস সৃষ্টি হোৱাৰ দিশে! থাইলেণ্ড অপেনৰ ছেমি ফাইনেলত পিভি সিন্ধু

আন এক ইতিহাস সৃষ্টি হোৱাৰ দিশে! থাইলেণ্ড অপেনৰ ছেমি ফাইনেলত পিভি সিন্ধু

অলিম্পিয়া প্ৰতিবেদন

সোণালী দিনৰ মাজেৰে আগবাঢ়িছে ভাৰতীয় বেটমিণ্টন । থমাছ কাপত ভাৰতৰ ঐতিহাসিক বিজয়ৰ পিছত এইবাৰ ভাৰতে আন এক ইতিহাস সৃষ্টিৰ দিশে আগবাঢ়িছে । অলিম্পিকত দুবাৰকৈ পদক বিজয়ী তাৰকা বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু থাইলেণ্ড অ’পেন বেডমিণ্টন চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ।

শুকুৰবাৰে থাইলেণ্ড অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত বিজয় সাব্যস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰা সিন্ধুৱে শনিবাৰে বিশ্বৰ তৃতীয় স্থানৰ মহিলা শ্বাটলাৰ চীন য়ু ফাইৰ মুখামুখি হ’ব ।

২৬ বছৰীয়া ভাৰতীয় তাৰকাগৰাকীয়ে মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত জাপানৰ আকানে য়াগামুচিক ২১-১৫, ২০-২২, ২১-১৩ ব্যৱধানত পৰাস্ত কৰে । এতিয়ালৈকে এই দুয়োগৰাকী শ্বাটলাৰ সৰ্বমুঠ ২৩ বাৰ মুখামুখি হৈছে, ইয়াৰ ভিতৰত সিন্ধুৱে ১০ খনত জয় লাভ কৰিছে আৰু য়াগামুচিয়ে ১৩ খনত জয় লাভ কৰিছে ।

বিশ্বক্ৰমৰ ষষ্ঠ স্থানৰ খেলুৱৈ সিন্ধুৱে ৫১ মিনিট ধৰি জাপানী শ্বাটলাৰ গৰাকীৰ বিৰুদ্ধে কৰ্টত সংগ্ৰাম কৰিবলগীয়া হয় । প্ৰথমটো শ্বেট সিন্ধুৱে ২১-১৫ ব্যৱধানত জয় কৰাৰ পিছত দ্বিতীয়টো শ্বেটত সিন্ধু অলপৰ বাবে থমকি ৰয় । য়াগামুচিয়ে ছেটটো ২২-২০ ব্যৱধানত হস্তগত কৰাত তৃতীয় তথা নিৰ্ণায়ক শ্বেটটো আৰ্কষণীয় হৈ উঠে । কিন্তু এইবাৰ দমনীয় প্ৰদৰ্শন আগবঢ়াই সিন্ধুৱে ২১-১৩ ব্যৱধানত জয়লাভ কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে ।

থাইলেণ্ড অ’পেনত পি ভি সিন্ধুৱেই একমাত্ৰ ভাৰতীয় প্ৰত্যাহ্বানকাৰী । মিক্সড ডাবোলছত ভাৰতীয় যুটি ঈশান-তানিশা পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে । মালয়েছিয়াৰ হুয়াট-জেমি যুটিৰ হাতত ভাৰতীয় মিক্সড ডাবোলছ যুটি পৰাস্ত হয়। আনহাতে অশ্বিনী ভাট-শিখা গৌতম যুটিটোও মহিলাৰ ডাবোলছৰ দ্বিতীয় ৰাউণ্ডৰ পৰা বাহিৰ হৈছে ।

যদি সিন্ধুৱে ছুপাৰ চিৰিজ টুৰ্ণামেণ্ট জয় কৰে, তেন্তে তেওঁ থাইলেণ্ড অপেন জয় কৰা দ্বিতীয় গৰাকী ভাৰতীয় মহিলা হিচাপে পৰিচিত হৈ পৰিব । তেওঁৰ পূৰ্বে ছাইনা নেহৱালে ২০১২ চনত থাইলেণ্ড অপেন জয় কৰিছিল । একে সময়তে, পুৰুষৰ শাখাত কিদাম্বি শ্ৰীকান্ত আৰু বি. চাই প্ৰণীত ২০১৩ আৰু ২০১৬ চনত চেম্পিয়ন হৈছিল ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty + twenty =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments