Wednesday, July 6, 2022
HomeNewsআপুনি জানেনে শচীনৰ বেট ব্যৱহাৰ কৰি এইগৰাকী পাকিস্তানী খেলুৱৈয়ে গঢ়িছিল বিশ্ব অভিলেখ?

আপুনি জানেনে শচীনৰ বেট ব্যৱহাৰ কৰি এইগৰাকী পাকিস্তানী খেলুৱৈয়ে গঢ়িছিল বিশ্ব অভিলেখ?

অলিম্পিয়া প্রতিবেদন

বিশ্ব ক্ৰিকেটত তেওঁৰ অভিষেক ঘটিছিল ১৯৯৬ চনত কেনিয়াৰ বিপক্ষে। অৱশ্যে জীৱনৰ প্ৰথমখন মেচত বেটিঙৰ সুযোগ লাভ কৰা নাছিল। কিন্তু তাৰ পিছৰখন মেচত সুযোগ লাভ কৰিয়েই তেওঁ যি প্ৰদৰ্শন আগবঢ়ালে সময়ত সেয়া ক্ৰিকেট ইতিহাসৰ এটা অন্যতম শ্ৰেষ্ঠ ঘটনা হিচাবে পৰিগণিত হ’ল। শ্ৰীলংকাৰ বিপক্ষে কেৰিয়াৰৰ দ্বিতীয়খন আন্তঃৰাষ্ট্ৰীয় মেচত তেওঁ দ্ৰুততম শতক অর্জনৰ বিৰল অভিলেখ গঢ়িবলৈ সক্ষম হ’ল। কেৱল ৩৭ টা বলতে শতক অর্জন কৰি ক্ৰিকেট ধুমুহাৰ আন এটা নামত পৰিণত হ’ল তেওঁ। ছাহিদ আফ্ৰিদী নামৰ উদীয়মান পাকিস্তানীগৰাকী এনেদৰেই সময়ৰ সোঁতত বিশ্বৰ অন্যতম এগৰাকী মাৰমুখী ক্ৰিকেটাৰ হিচাবে নিজৰ পৰিচয় গঢ়িবলৈ সক্ষম হয়।

ছাহিদ আফ্ৰিদীৰ সেই নায়কোচিত শতকীয় ইনিংছটোৰ চর্চা সময়ে সময়ে হৈ আহিছে। আফ্ৰিদীৰ সেই অভিলেখো পিছলৈ ভংগ হ’ল। দক্ষিণ আফ্ৰিকাৰ কিম্বদন্তী ক্ৰিকেটাৰ এবি ডিভিলিয়াৰ্ছে কেৱল ৩১ টা বলতে শতক অর্জন কৰি আফ্ৰিদীক অতিক্ৰম কৰে। তথাপি টি-টুৱেন্টিৰ জন্মৰ আগতেই তেনেধৰণৰ বিস্ফোৰক বেটিং পৰাক্ৰম বিৰল আছিল। সেই বাবেই আজিও পাকিস্তানী আলৰাউণ্ডাৰগৰাকীৰ সেই ইনিংছটো বিশেষ। ইয়াৰ বাহিৰেও আন এটা কথাৰ বাবেও ছাহিদ আফ্ৰিদীৰ সেই ইনিংছটো স্মৰণীয়। বিশেষকৈ ভাৰতৰ লগতো যে এই বিশেষ ইনিংছটোৰ এক বিশেষ সম্পৰ্ক আছে, সেই কথাও বহু সময়ত চর্চা হৈ আহিছে। উল্লেখযোগ্য যে যিখন বেটেৰে আফ্ৰিদীয়ে ৩৭ টা বলৰ শতকীয় ইনিংছটো খেলিছিল, সেই বেটখন আছিল লিটল মাষ্টাৰ শচীন টেণ্ডুলকাৰৰ বেট। আফ্ৰিদীক বেটখন উপহাৰ দিছিল ৱাকাৰ ইউনিছে। আফ্ৰিদীয়ে পিছত সংবাদ মাধ্যমৰ আগত সেই কথা স্বীকাৰ কৰিছে।

এটা সংবাদ মাধ্যমত ছাহিদ আফ্ৰিদীয়ে সেই সম্পৰ্কে কৈছে, “মই আজিও সেই বেটখন সযতনে ৰাখিছোঁ। সেইখন বেটেৰে মই জীৱনৰ প্ৰথমটো ইনিংছ খেলিছিলোঁ। তাৰোপৰি সেই বেটখনে ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। বেটখন আছিল শচীন টেণ্ডুলকাৰৰ। তেওঁ মোৰ অন্যতম এগৰাকী প্ৰিয় ক্ৰিকেটাৰ আছিল। সেই বেটখনৰে মই এটা বিশ্ব অভিলেখ গঢ়িছিলোঁ। তাৰ বাবে মই ৱাকাৰ ইউনিছৰ ওচৰত চিৰ কৃতজ্ঞ হৈ ৰ’ম। কিয়নো তেৱেঁই মোক সেই বেটখন দিছিল। মেচৰ পূৰ্বে অভ্যাস কৰি থকা অৱস্থাত তেওঁ মোক সেই বেটখন দি কৈছিল যে এই বেটেৰে তুমি ক্ৰিজত নামিবা।” আৰু ৱাকাৰ ইউনিছে কোৱাৰ দৰেই সিদিনা তিনি নং ক্ৰমত বেটিং কৰিবলৈ নামিছিল আফ্ৰিদী। কেৱল ৩৭ টা বলতে সম্পূৰ্ণ কৰিছিল জীৱনৰ প্ৰথমটো শতক। ইনিংছটোত ১০২ ৰান সংগ্ৰহ কৰিছিল আফ্ৰিদীয়ে। তেতিয়াৰে পৰা সেই বেটখনে পৰাক্ৰমী ক্ৰিকেটাৰগৰাকীৰ হৃদয়ত স্থান পাইছিল।

“বেটখনে ছাহিদ আফ্ৰিদী খেলুৱৈজনক গঢ় দিয়াত বিশেষ ভূমিকা লৈছিল। এইখন মোৰ বাবে এখন বিশেষ বেট। সেই ইনিংছটোৰ পিছতো মাজে মাজে এইখন বেটেৰে খেলিছিলোঁ যদিও পিছত মই বেটখনক সযতনে ৰখাৰ সিদ্ধান্ত লওঁ।” বেটখনক লৈ ছাহিদ আফ্ৰিদীৰ ভাষ্য এয়া।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments