আপুনি ফিফাৰ বঁটা প্ৰদান অনুষ্ঠান উপভোগ কৰিব বিচাৰে নেকি?

আপুনি ফিফাৰ বঁটা প্ৰদান অনুষ্ঠান উপভোগ কৰিব বিচাৰে নেকি? যদি বিচাৰে তেনে আমি জনাম আপোনালোটকক এই বিষয়ে। ভাৰতত কেতিয়া, ক’ত, কেনেকৈ এই অনুষ্ঠান চাব পাৰিব সেই বিষয়ে আমি জনাম আপোনালোকক।

আগন্তুক ১৭ ডিচেম্বৰত ফিফাই প্ৰদান কৰিব বৰ্ষটোৰ ভিন্ন শিতানত শ্ৰেষ্ঠ বঁটা। এইবাৰ ফিফাৰ বৰ্ষশ্ৰেষ্ঠ পুৰুষ খেলুৱৈৰ বঁটাৰ দৌৰত আছে ক্ৰিষ্টিয়ানো ৰ’নাল্ডো, লিয়নেল মেছি আৰু ৰবাৰ্ট লেৱানড’চকি।

ৰাবাৰ্টে যোৱা প্ৰতিযোগিতাসমূহত মুঠ ৫৫ টা গ’ল কৰিবলৈ সক্ষম হৈছে। যি বেয়াৰ্ণ মিউনিখৰ ইতিহাসত এজন খেলুৱৈৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আছিল। তেওঁৰ এই প্ৰদৰ্শনৰ বলতেই বেয়াৰ্ণ মিউনিখে দুটাকৈ গুৰুত্বপূৰ্ণ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল। দুয়োখন প্ৰতিযোগিতাতে ৰবাৰ্ট টপ গ’লস্কৰাৰ আছিল।

ফিফাৰ দ্বাৰা প্ৰতিবৰ্ষত পুৰুষ-মহিলা উভয় শাখাতে বৰ্ষটোৰ শ্ৰেষ্ঠ খেলুৱৈ, গ’ল ৰক্ষক, প্ৰশিক্ষক, সৰ্বশ্ৰেষ্ঠ গ’লৰ বঁটা প্ৰদান কৰি আহিছে। চলিত বৰ্ষটো এই বঁটা প্ৰদানৰ প্ৰস্তুতি চলিছে। ইতিমধ্যে ফিফাই ভোটিং চিষ্টেম খুলি দিছে।

আগন্তুক ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব এই বঁটা প্ৰদান অনুষ্ঠান। ছুইজাৰলেণ্ডত থকা ফিফাৰ মুখ্য কাৰ্যালয়ত এক ভাৰ্চুৱেল সমাৰোহত এই বঁটা প্ৰদান কৰিব। ভাৰতীয় সময়মতে এই অনুষ্ঠান নিশা ১১ বজাত অনুষ্ঠিত হ’ব। যদি আপোনালোকে এই অনুষ্ঠান চাব বিচাৰে তেনে ফিফাৰ অফিচিয়েল ইউটিউব চেনেল ফিফাটিভিত নিশা ১১ বজাৰ পৰা এই অনুষ্ঠান উপভোগ কৰিব পাৰিব। ইয়াৰ উপৰিও একে সময়তে ফিফাৰ অফিচিয়েল ফেচবুক পে’জটো লাইভ চাব পাৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *