Thursday, July 7, 2022
HomeNewsআপুনি ল'গ' বা ফ্লেগ ডিজাইন কৰে নেকি?

আপুনি ল’গ’ বা ফ্লেগ ডিজাইন কৰে নেকি?

আপুনি ল’গ’ বা ফ্লেগ ডিজাইন কৰে নেকি? যদি আপোনাৰ কলাত্মক চিন্তা আছে আৰু আপুনি ল’গ’, ফ্লেগ ডিজাইন কৰিব পাৰে তেনে আপোনাৰ বাবে ভাল খবৰ। আপুনি লাভ কৰিব পাৰে আকৰ্ষণীয় নগদ ধনৰ পুৰস্কাৰ।

ডিব্ৰুগড় জিলাৰ চাবুৱাত নিৰ্মাণ কৰি থকা হৈছে ৰাজ্যৰ প্ৰথমখন ক্ৰীড়া বিশ্ব বিদ্যালয়।আধ্যাত্মিক গুৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ নামেৰে নামাংকিত কৰা হৈছে ৰাজ্যৰ এই প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয়। কালি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই বিশ্ব বিদ্যালয়ৰ এক ৱেবছাইট মুকলি কৰিছে।মুখ্যমন্ত্ৰী সোণোৱালে মুকলি কৰা এই বিশ্ব বিদ্যালয়ৰ ৱেবছাইট হৈছে http://sasu.ac.in । এতিয়াৰে পৰা বিশ্ব বিদ্যালয়খনৰ সকলো তথ্য এই ৱেবছাইটৰ জৰিয়তে লাভ কৰিব পৰা যাব।

কালিৰ এই ৱেবছাইট মুকলি কৰাৰ পিছতে কলাত্মক চিন্তাৰ অধিকাৰী ব্যক্তিসকলৰ বাবে আহিছে এক ভাল খবৰ। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অনুষ্ঠিত কৰিছে ল’গ’ আৰু ফ্লেগ ডিজাইনৰ এক প্ৰতিযোগিতা। বিশ্ববিদ্যালয়খনক বিশ্বৰ মঞ্চত তুলিধৰিবলৈ বিশ্ববিদ্যালয়খনৰ বাবে প্ৰয়োজন হৈছে ল’গ’ আৰু এখন পতাকা।

প্ৰতিযোগিতাত যাৰ ল’গ’ আৰু ফ্লেগৰ ডিজাইন উন্নত মানদণ্ডৰ বুলি বিবেচিত হ’ব সেই ডিজাইনেই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই ল’গ’ আৰু ফ্লেগ হিচাপে ব্যৱহাৰ কৰিব।

প্ৰতিযোগিতাখনত ৪ নৱেম্বৰৰ পৰা ৪ ডিচেম্বৰলৈকে প্ৰতিযোগিসকলে অংশগ্ৰহণ কৰিব পাৰিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen − five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments