Friday, September 30, 2022
HomeNewsআপোনাৰ চিনাকী সেই ঐতিহাসিক মূহুৰ্তটোৰ বাবে শচীনে জিনিলে ‘ল’ৰিয়ছ স্প’ৰ্টিং মোমেণ্ট’ এৱাৰ্ড;...

আপোনাৰ চিনাকী সেই ঐতিহাসিক মূহুৰ্তটোৰ বাবে শচীনে জিনিলে ‘ল’ৰিয়ছ স্প’ৰ্টিং মোমেণ্ট’ এৱাৰ্ড; হয়তো আপোনাৰো প্ৰিয় সেই চবিখন

ল’ৰিয়ছ স্প’ৰ্টিং ম’মেণ্ট এৱাৰ্ড 2000-2020 প্ৰদান কৰা হৈছে প্ৰবাদ প্ৰতিম বাৰতীয় ক্ৰিকেটাৰ তথা ‘ক্ৰিকেটৰ ভগৱান’ৰূপে বিশ্ব সমাদৃত মাষ্টাৰ-ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰক। ভাৰতত অনুষ্ঠিত হোৱা ২০১১ চনৰ বিশ্বকাপ ক্ৰিকেটত ভাৰতে বিজয় সাব্যস্ত কৰাৰ পিছতেই শচীন তেণ্ডুলকাৰক ভাৰতীয় ক্ৰিকেটাৰ সকলে কান্ধত উঠাই লৈ ষ্টেডিয়াম পৰিভ্ৰমণ কৰিছিল। শচীন তেণ্ডুলকাৰক কান্ধত উঠাই লৈ ষ্টেডিয়াম পৰিভ্ৰমণ কৰা সেই দৃশ্যটোকেই বিগত ২০ বছৰৰ ‘ল’ৰিয়ছ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া মূহুৰ্ত’ হিচাপে আখ্যা দি এই বঁটা প্ৰদান কৰা হৈছে।

‘ল’ৰিয়ছ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া মূহুৰ্ত’ ৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিশেষ বিশেষ ক্ৰীড়া মুহূৰ্তক ভোটৰ জৰিয়তে নিৰ্বাচিত কৰাৰ ব্যৱস্থা কৰা হৈছিল। এই ভোটিং ব্যৱস্থাত ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলৰ লগতে বিশ্বৰ ক্ৰিকেট অনুৰাগীসকলে শচীনৰ সেই বিৰল মুহূৰ্তটোক অধিক ভোট প্ৰদান কৰে।

উল্লেখ্য যে মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে নিজৰ ষষ্ঠ আৰু শেষ বিশ্বকাপত বিশ্বকাপ বিজয়ৰ সপোন পূৰণ হৈছিল। মহেন্দ্ৰ সিং ধোনীয়ে ফাইনেলত শ্ৰীলংকাৰ বলাৰ নুৱান কুলাচেকৰাৰ বলত ছয় কোবাই ভাৰতক ২০১১ চনৰ বিশ্বকাপৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰোৱাইছিল। ইয়াৰ পিছতেই মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত শচীনক ভাৰতীয় ক্ৰিকেটাৰ ইউচুফ পাঠান, হৰভজন সিং আদিয়ে কান্ধত উঠাই গোটেই ষ্টেডিয়ামখনত পৰিভ্ৰমণ কৰি উপস্থিত দৰ্শকৰ অভিবাদন গ্ৰহম কৰিছিল।

tendulkar_world_cup_
ঐতিহাসিক মুহূৰ্তটোত ইউচুফ পাঠানৰ কান্ধত উঠি শচীনে ভাৰতীয় জাতীয় পতাকা লৈ দৰ্শকৰ অভিবাদন গ্ৰহণ কৰা সেই বিশেষ ফটোখন।

জাৰ্মানীৰ ৰাজধানী বাৰ্লিনত অনুষ্ঠিত ‘ল’ৰিয়ছ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া মূহুৰ্ত’ বঁটা প্ৰদান অনুষ্ঠানত অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ষ্টিভ ৱ’ই শচীনৰ নাম ঘোষণা কৰে আৰু বঁটাটি প্ৰদান কৰে টেনিছৰ কিম্বদন্তী ব’ৰিছ বেকৰে। হাতত তিনিৰঙৰ পতাকা লৈ ইউচুফ পাঠানৰ কান্ধত উঠি থকা শচীনৰ সেই ছবিখন ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে চিৰস্মৰণীয় হৈ ৰ’ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 − sixteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments