আপোনাৰ প্ৰিয় ক্ৰীড়াবিদ জনে আপোনালৈ আগবঢ়াইছে বিশেষ পৰামৰ্শ

চীনৰ য়ুহান প্ৰদেশৰ পৰা সমগ্ৰ বিশ্বলৈ সংক্ৰমণ ঘটা মাৰাত্মক ক’ৰনা ভাইৰাছে সমগ্ৰ বিশ্বতে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে।সমগ্ৰ বিশ্বৰ লগতে এই মাৰাত্মক ভাইৰাছ বিধে ভাৰততো ত্ৰাসৰ সৃষ্টি কৰিছে। দিন বাঢ়ি যোৱাৰ লগে লগে ভাৰততো এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে।

ক’ৰনাৰ বাবেই সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰো ক্রীড়াক্ষেত্র স্থবিৰ হৈ পৰিছে। যাৰ বাবে ক্ৰীড়াবিদসকল এতিয়া নিজৰ পৰিয়ালৰ লগত নিজৰ ঘৰতে ব্যস্ত আছে।অৱশ্যে এই ক্ৰীড়াবিদসকল ক্ৰীড়াৰ পৰা আঁতৰি থাকিলেও থাকিলেও তেওঁলোকে নিজৰ অনুগামীৰ মাজত সচেতনতা বৃদ্ধি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

বিখ্যাত ফুটবলাৰ ৰ’নাল্ডো, মেছিয়ে নিজৰ টুইটাৰ-ইনষ্টাগ্ৰামত অনুগামীসকলক উদ্দেশ্য কৰি সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। উল্লেখ্য যে দুদিনৰ আগত মাত্ৰ ২১ বছৰ বয়সতেই ক’ৰনাত আক্ৰান্ত হৈ মৃত্যুক সাৱতি লৈছে স্পেইনৰ যুৱ দল মালাগা ক্লাব এটলেটিকো প’টাডা আল্টাৰ প্ৰশিক্ষক ফ্ৰান্সিছকো গাৰ্ছিয়াই।

আনহাতে ক্ৰীড়া জগতৰ পৰা ক’ৰনাৰ বাবে আতৰি থাকিবলগীয়া হোৱাত ভাৰতৰো কেইবাগৰাকী ক্ৰিকেটাৰে তেওঁলোকৰ অনুগামীসকলক উদ্দেশ্যি টুইটাৰ, ইনষ্টাগ্ৰাম আদিৰ জৰিয়তে সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাইছে। ভাৰতীয় ক্ৰিকেট দলৰ পূৰ্বৰ ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ লগতে তাৰকা ক্রিকেটাৰ বিৰাট কোহলি, ৰবিচন্দ্রন অশ্বিন, শিখৰ ধাৱন, ৰোহিত শর্মা, শ্বাটলাৰ পি ভি সিন্ধু, ছাইনা নেহৱাল, কিদাম্বি শ্রীকান্ত, পুৰাপল্লি কাশ্যপ, তাৰকা দৌৰবিদ হিমা দাসৰ আদিয়ে তেওঁলোকৰ অনুৰাগী আৰু দেশৰ জনসাধাৰণক ক’ৰনা ভাইৰাছবিধৰ প্রতি সজাগ কৰাৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰিছে৷

https://twitter.com/sachin_rt/status/1240160020576137216?s=20

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ তেণ্ডুলকাৰৰ লগতে শ্বাটলাৰ পি ভি সিন্ধু আৰু দৌৰবিদ হিমা দাসে নিজেই হাত পৰিস্কাৰ কৰাৰ দৃশ্য ভিডিঅ’ যোগে প্ৰকাশ কৰিছে। আনহাতে দেশৰ কেন্দ্রীয় ক্রীড়ামন্ত্রী কিৰেন ৰিজিজুৱে নিজেই হাত পৰিষ্কাৰ কৰাৰ দৃশ্য ভিডিঅ’যোগে প্রকাশ কৰে৷ ভিডিঅ’ যোগে এই ক্ৰীড়াবিদ কেইগৰাকীৰ লগতে ক্রীড়ামন্ত্রী ৰিজিজুৱে সজাগতাৰ অংশ হিচাপে হাত পৰিষ্কাৰৰ ক্ষেত্রত সকলোকে গুৰুত্ব আৰোপ কৰিবলৈ কয়৷

https://twitter.com/Pvsindhu1/status/1239831657399517184?s=20

এইসকলৰ উপৰিও ভাৰতীয় জাতীয় ক্ৰিকেট দলটোৰ বাঁওহতীয়া তাৰকা বেটছমেন শিখৰ ধাৱনে জনসাধাৰণক জনসমাগমৰ পৰা নিলগত থাকিবলৈ আহ্বান জনাইছে৷আন এগৰাকী ক্ৰিকেটাৰ ৰবিচন্দ্রন অশ্বিনে জনসাধাৰণক এই মাৰাত্মক ভাইৰাছবিধৰ পৰা আঁতৰত থাকিবলৈ অনুৰোধ জনাইছে৷

উল্লেখ্য যে এতিয়ালৈকে সমগ্ৰ বিশ্বত এই ভাইৰাছবিধত ১৮০ হাজাৰৰো অধিক লোক আক্রান্ত হৈছে আৰু ৮ হাজাৰৰো অধিক লোকে ইতিমধ্যে এই ভাইৰাছত মৃত্যুমুখত পৰিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *