Tuesday, October 4, 2022
HomeNewsআপোনাৰ সন্তানে অনলাইন গেমৰ বাবত দিনে কিমান এমবি ডাটা খৰচ কৰে জানেনে?

আপোনাৰ সন্তানে অনলাইন গেমৰ বাবত দিনে কিমান এমবি ডাটা খৰচ কৰে জানেনে?

✍️ তুষাৰ প্ৰতিম

খেল পথাৰত খেলক বা নেখেলক মোবাইলত পাবজিয়েই হ‌ওক বা ফ্ৰী ফায়াৰেই হ‌ওক আজিৰ শিশুৱে খেলিব‌ই। একাংশ অভিভাৱকৰ বাবে এতিয়া এনেধৰণৰ মোবাইল গেম মূৰৰ কামোৰণিস্বৰূপ হৈ পৰিছে। কোঠাৰ ভিতৰত আৱদ্ধ হৈ একাংশ শিশু, কিশোৰ বা যুৱকে ঘণ্টাৰ পিছত ঘণ্টা ধৰি অনলাইন গেমত নিজকে এনেকৈ আসক্ত কৰি ৰাখিছে যেন সেই জগতখনৰ অবিহনে সকলো শূন্য। এই সংক্ৰান্তীয় শেহতীয়াকৈ প্ৰকাশিত কিছু তথ্য‌ই চকু কপালত তুলিব আপোনাৰ।

বৰ্তমান ভাৰতত যুৱ প্ৰজন্মৰ মাজত অনলাই গেমিংৰ আসক্তিয়ে তীব্ৰ ৰূপ ধাৰণ কৰিছে। অল ইণ্ডিয়া গেমিং ফেডাৰেচনৰ মতে, বৰ্তমান দেশত ৩০কোটিতকৈ অধিক অনলাইন গেমাৰ আছে। তেওঁলোকৰ মতে ২০২২ চনলৈ এই সংখ্যা ৪৪ কোটিলৈ বৃদ্ধি পাব। ইয়াৰ উপৰি আকৌ ভাৰতত অনলাইন গেমিংৰ ৰেভিনিউ ২২% লৈ বৃদ্ধি পাইছে।

মনকৰিবলগীয়া যে ২০১৪ চনত ভাৰতে অনলাইন গেমিংৰ পৰা ৰাজহ সংগ্ৰহ কৰিছিল ৬২০০ কোটি টকা। এই সংখ্যা ২০২৪ চনলৈ ৪%বৃদ্ধি হোৱাৰ আশা কৰা হৈছে। বিশেষজ্ঞ সকলে ২০২৪ চনত ভাৰতে ২৫,০৩০কোটি ৰাজহ সংগ্ৰহ কৰিব বুলি ধাৰণা কৰিছে। ইফালে অনলাইন গেমিংৰ জড়িয়তে সকলোতকৈ বেছি ৰেভিনিউ সংগ্ৰহ কৰা ৰাষ্ট্ৰ হৈছে আমেৰিকা। দেশখনে ২.৭লাখ কোটি টকাৰ ৰেভিনিউ সংগ্ৰহ কৰিছে। দ্বিতীয় স্থানত আছে চীন। চীনে অনলাইন গেমিংৰ জড়িয়তে সংগ্ৰহ কৰিছে ২.২ লাখ কোটি টকা।

বৰ্তমান ভাৰতত ৩০ কোটি অনলাইন গেমাৰ আছে। এই সংখ্যা ২০২২ চনলৈ ৪৪ কোটিলৈ বৃদ্ধি পাব বুলি বিশেষজ্ঞ‌ই দাবী কৰে। পৰিসংখ্যা অনুসৰি ভাৰতত ৬০ % তকৈ অধিক গেমাৰ ২৪ বছৰৰ তলৰ। একোজন গেমাৰে প্ৰতিদিনে গড়ে ৮০০ এম বিত কৈ অধিক ডাটা খৰছ কৰে বুলিও তথ্য প্ৰকাশ কৰে।

তথ্য অনুসৰি ২০১৪ চনত ভাৰতত অনলাইন গেমিংৰ ৰেভিনিউ আছিল ৪ হাজাৰ ৪ শ কোটি টকা। ইফালে সমগ্ৰ বিশ্বৰ অনলাইন গেমিং মাৰ্কেট হিচাপে পৰিগণিত হৈছে এছিয়া-পেচিফিক। ২০১৯ চনত সমগ্ৰ বিশ্ব‌ত অনলাইন গেমিংৰ জড়িয়তে ১১.২৫ লাখ কোটি টকাৰ ৰাজহ বা ৰেভিনিউ সংগ্ৰহ কৰিছে। ইয়াৰে ৫.৩৪ লাখ কোটি টকাৰ ৰেভিনিউ আহিছে কেৱল এছিয়া-পেচিফিকৰ পৰাই।

উৎস: ইণ্টাৰনেট

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 + twelve =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments