Thursday, July 7, 2022
HomeNewsআফগানিস্তানৰ ক্ৰিকেটৰ বাবে আহিল ভাল খৱৰ : নিৰ্মাণ হ'ব প্ৰথমখন ক্ৰিকেট...

আফগানিস্তানৰ ক্ৰিকেটৰ বাবে আহিল ভাল খৱৰ : নিৰ্মাণ হ’ব প্ৰথমখন ক্ৰিকেট ষ্টেডিয়াম

অৱশেষত আফগানিস্তানৰ ক্ৰিকেটৰ বাবে আহিল ভাল খৱৰ। দেশখনত অতি সোনকালে নিৰ্মাণ হ’ব প্ৰথমখন ক্ৰিকেট ষ্টেডিয়াম। অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় মেচ। দেশখনৰ ৰাষ্ট্ৰপতি মহম্মদ আচৰফ ঘানিয়ে দেশ খনৰ ৰাজধানী কাবুলত ষ্টেডিয়াম নিৰ্মাণৰ বাবে আবণ্টন দিছে ১২০০০ স্কোৱেৰ মিটাৰৰ ভূমি।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আফগানিস্তানে ক্ৰমান্বয়ে আগুৱাই যাবলৈ সক্ষম হৈছে যদিও এতিয়ালৈকে দেশখনত গঢ়ি উঠা নাই ক্ৰিকেটৰ আন্তঃগাঁথনি। প্ৰথম পৰ্যায়ত দেশখনে ইউ এ ইৰ শ্বাৰজাহ ষ্টেডিয়ামক নিজৰ হোম গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ কৰিছিল। ইয়াৰ পিছত আফগানিস্তান ক্ৰিকেট ব’ৰ্ডে ভাৰতৰ দেৰাডুনক নিজৰ হোম গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছিল যদিও ২০১৯ চনৰ পৰা ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী ইকানা ক্ৰিকেট ষ্টেডিয়ামক নিজৰ হোম গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ কৰি আহিছে।

জানিব পৰা মতে আফগানিস্তানত নতুনকৈ নিৰ্মাণ হবলগীয়া এই ষ্টেডিয়ামত ৩৫ হাজাৰ দৰ্শকে একেলগে মেচ উপভোগ কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে। ইয়াৰ উপৰিও যিসকল দৰ্শকে পৰিয়ালৰ লগত একেলগে মেচ উপভোগ কৰিব বিচাৰে তেওঁলোকৰ সম্পূৰ্ণ পৰিয়াল একেলগে বহিব পৰাকৈ থাকিব বিশেষ ব্যৱস্থা।

ষ্টেডিয়ামখনত পঞ্চতাৰকা যুক্ত অতিথি গৃহ, ছুইমিং পুল, ইণ্ড’ৰ আৰু আউটড’ৰ একাডেমী, হেল্থ ক্লিনিক, কাৰ পাৰ্কিং, প্ৰশাসনিক কাৰ্যালয়ৰ লগতে থাকিব এটা মছজিদ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments