Tuesday, October 4, 2022
HomeNewsআব্দুল লটিফ: অসম ফুটবলৰ দ্ৰোণাচাৰ্যজন!

আব্দুল লটিফ: অসম ফুটবলৰ দ্ৰোণাচাৰ্যজন!

অসমৰ প্ৰেক্ষাপটত মানুহজনৰ গুৰুত্ব আছিল অপৰিসীম। কিয়নো এসময়ত প্ৰশিক্ষক হিচাবে অসম ফুটবল দলৰ উত্তৰণত আগভাগ লৈছিল এসময়ৰ মহান ফুটবলাৰ গৰাকীয়ে। জন্ম যদিও অসমত হোৱা নাছিল তথাপি জীৱনৰ পিছৰছোৱা কাল অসমৰ বায়ু পানীৰ সৈতে একাত্ম হৈ পৰিছিল তেওঁ। আব্দুল লটিফ। অসম ফুটবলৰ দ্ৰোণাচাৰ্য আব্দুল লটিফ আৰু নাই। কালি নিশা গুৱাহাটীস্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে এইগৰাকী আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰে। দেশৰ ফুটবলক্ষেত্ৰৰ কিম্বদন্তী আছিল তেওঁ।

কৰ্ণাটকত জন্মগ্ৰহণ কৰা আব্দুল লটিফে তেতিয়াৰ মাইশোৰ ৰাজ্যৰ হৈ ১৯৬১ চনত ৰাষ্ট্ৰীয় জুনিয়ৰ ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তেওঁৰ বৰ্ণিল ফুটবল কেৰিয়াৰৰ আৰম্ভণি কৰে। সেইবাৰ মাইশোৰ দলটোৱে চেম্পিয়নৰ খিতাপ লাভ কৰিছিল। ইয়াৰ পিছৰ বছৰত কৰ্ণাটক দলৰ হৈ সন্তোষ ট্ৰফীত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে সন্তোষ ট্ৰফীৰ দৰে এখন বিখ্যাত ৰাষ্ট্ৰীয় টুৰ্ণামেণ্টত তিনিখন ৰাজ্যৰ হৈ ভাগ লোৱাৰ বিৰল অনুভৱৰ সাক্ষী আছিল তেওঁ।

১৯৬৫ চনত তেওঁ পোন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় দলত খেলাৰ সুযোগ লাভ কৰে। সেইবাৰ তেওঁ ভৰতীয় দলৰ হৈ জাপানত অনুষ্ঠিত আন্ত:ৰাষ্ট্ৰীয় জুনিয়ৰ ফুটবল টুৰ্ণামেণ্টটো অংশ লয়। জুনিয়ৰ দলত দেখুওৱা পাৰদৰ্শিতাৰ বাবেই ১৯৬৬ চনত লটিফে ভাৰতীয় ছিনিয়ৰ দলৰ হৈ খেলাৰ বাবে নিমন্ত্ৰণ লাভ কৰে। ১৯৬৯ চনত মালেছিয়াত অনুষ্ঠিত এছিয়ান ফুটবল চেম্পিয়নশ্বিপত তেওঁ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰে। ভাৰতীয় দলৰ এজন নিয়মীয়া সদস্য হৈ থাকোতেই ভাৰতীয় দলটোৱে এছিয়ান গেমছত অংশগ্ৰহণ কৰে। আৰু সেইবাৰৰ এছিয়ান গেমছত ভাৰতীয় দলে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। সেয়াই আছিল আব্দুল লটিফৰ ফুটবল কেৰিয়াৰৰ এক সবাতোকৈ উল্লেখনীয় মুহূৰ্ত। দেশ তথা ৰাজ্যৰ হৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন প্ৰতিযোগিতাত ভাগ লোৱাৰ সমান্তৰালকৈ লটিফে ক্লাব ফুটবলটো সমান দক্ষতাৰে নিজৰ দুভৰিৰ যাদু দেখুৱাবলৈ সক্ষম হয়। ১৯৬১ চনত এইচ চি এল ক্লাবৰ হৈ পেছাদাৰী ফুটবলত আত্মপ্ৰকাশ কৰা লটিফে পৰৱৰ্তী সময়ত বহুকেইটা ভাৰতৰ আগশাৰীৰ ফুটবল দলক প্ৰতিনিধিত্ব কৰে। ১৯৬৪ চনত মহমেদান স্পৰ্টিং দলত যোগ দিয়ে এইজন কৃতিমান ফুটবলাৰে। মোহনবাগান দলতো যোগ দিয়া ফুটবলাৰজনে পেছাদাৰী ফুটবলাৰ কেৰিয়াৰৰ অৱসান ঘটাই সেই দলটোৰ জৰিয়তেই।

১৯৭৪ চনত এন আই এছত ফুটবল প্ৰশিক্ষণৰ শিক্ষা গ্ৰহণ কৰা ফুটবলাৰগৰাকীয়ে প্ৰথম অৱস্থাত মহমেদান স্পৰ্টিং ক্লাবৰ প্ৰশিক্ষক ৰূপে দায়িত্ব পালন কৰে। তাৰপাছতেই অসমলৈ আহে আব্দুল লটিফ। তাৰ পাছত অসম ফুটবল দলৰ প্ৰশিক্ষকৰ দায়িত্ব কান্ধ পাতি লৈ অসম ফুটবলৰ ক্ষেত্ৰখনলৈ অনবদ্য অৱদান আগবঢ়াই আব্দুল লটিফে। তেওঁ প্ৰশিক্ষক হৈ থকাৰ কালতে অসম দলে ৰাষ্ট্ৰীয় গ্ৰাম্য ফুটবল প্ৰতিযোগিতাত ফাইনেললৈকে উত্তীৰ্ণ হৈছিল। তেওঁ প্ৰশিক্ষকৰ দায়িত্বত থাকোতেই ৰাষ্ট্ৰীয় জুনিয়ৰ ফুটবলত অসম দলটো তিনিবাৰকৈ চেম্পিয়ন হয়। কেন্দ্ৰীয় ক্ৰীড়া পেঞ্চনাৰ গৰাকীৰ মৃত্যুত অসমত শোকৰ ছাঁ পৰিছে। তেওঁৰ মৃত্যু অসমৰ ফুটবল ক্ষেত্ৰখনৰ বাবে এক অপুৰণীয় ক্ষতি। অসমৰ ফুটবল ক্ষেত্ৰখনলৈ তেওঁ আগবঢ়োৱা অৱদানৰ কথা প্ৰতিগৰাকী অসমৰ ক্ৰীড়ানুৰাগীয়ে মনত ৰাখিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments