Monday, October 3, 2022
HomeMiscellaneousআমেৰিকাৰ মিয়ামিত জিলিকিছে অসমৰ তাৰকা প্ৰিয়ানা (ড’না)

আমেৰিকাৰ মিয়ামিত জিলিকিছে অসমৰ তাৰকা প্ৰিয়ানা (ড’না)

নিছৰ সৈতে হয়তো আজন্ম সম্পৰ্ক আছিল প্ৰিয়ানাৰ। সেয়ে পিতৃ-মাতৃয়ে সৰুতে নাচ-গান আদিত নাম লগাই দিলেও সেইবোৰত মন বহুৱাব পৰা নাছিল তাই। দৌৰি ভালপোৱা, বল খেলি ভালপোৱা, চাইকেল চলাই ভালপোৱা প্ৰিয়ানাক সেই সকলোবোৰৰ পৰা আঁতৰাই পিতৃ গৌতম কলিতাই এদিন লৈ আহিল দিছপুৰস্থিত নৰ্থ ইষ্ট টেনিছ ফাউণ্ডেচনলৈ। পিতৃ গৌতম নিজেও আছিল এজন খেলুৱৈ। মাতৃ নীতা কলিতা যিকোনো খেলৰ গভীৰ আসক্ত। এন ই টি এফত সোমোৱা ২০০৯ চনৰ জানুৱাৰী মাহৰ সেই দিনটোৱেই হয়তো প্ৰিয়ানাৰ জীৱনৰ ‘টাৰ্নিং পইণ্ট’। ইয়াৰ পিছত আৰু প্ৰিয়ানাক লৈ চিন্তা কৰিব লগা নহ’ল পিতৃ-মাতৃয়ে। এন ই টি এফত প্ৰিয়ানাৰ সময় সূচী আৰম্ভ হৈছিল পুৱা ৫.৩০ বজাৰ পৰা।

প্ৰিয়ানাৰ খেলৰ সময় সূচী দেখি পিতৃ-মাতৃয়ে অৱশ্যে অলপ আশংকাত আছিল যে ইমান সোনকালে পুৱা উঠি খেলিবলৈ যাবনে তাই! দুদিনমান গৈয়ে বাদ দিয়ে যদি! পিছে সেয়া নহ’ল।

২০০৭ চনৰ পৰা ২০১৭ চনৰ এই দহটা বছৰত হয়তো এনেকুৱা এটা দিন নাই, যিটো দিনত প্ৰিয়ানাই আজি খেলিবলৈ নাযাওঁ বুলি কৈছে। প্ৰতিকূল বতৰ, অসুখ-বিসুখ যিয়েই নহওক লাগিলে, প্ৰিয়ানাৰ নিতৌ নিয়ম আছিল—

ৰাতিপুৱা ৫.৩০ বজাৰ পৰা ৮ বজালৈকে টেনিছ অনুশীলন,

ৰাতিপুৱা ৯ বজাত বিদ্যালয়,

২.৩০ বজাৰ পৰা ৩.৩০ বজালৈ প্ৰশিক্ষকৰ লগত অকলে টেনিছ অনুশীলন,

৩.৩০ বজাৰ পৰা ৫ বজালৈকে জিৰণি,

৫ বজাৰ পৰা ৬.৩০ বজালৈ টেনিছ অনুশীলন বা শাৰীৰিক ব্যায়াম,

৬.৩০ বজাৰ পৰা ৮ বজালৈ জীম আৰু শাৰীৰিক ব্যায়াম (এদিন বাদে এদিন),

৮ বজাৰ পৰা ৯ বজালৈ জিৰণি, খোৱা-বোৱা,

নিশা ৯ বজাৰ পৰা ১০.৩০ বজালৈ পঢ়া-শুনা,

নিশা ১১ বজাত শুবলৈ যোৱা।

প্ৰিয়ানাৰ প্ৰথম প্ৰশিক্ষক আছিল দীপচান্দ। কেইমাহমানৰ পিছত তেখেতৰ ঠাইত বাবুল আলী নামৰ প্ৰশিক্ষকজন আহিল, ন-শিকাৰু হিচাপে প্ৰিয়ানাই খেলবিধ সোনকালে আয়ত্ত কৰিবলৈ ধৰিলে, ইয়াৰ পিছতে ঋষিৰাজ দাস আৰু প্ৰিয়ানুজ লহকৰৰ তত্ত্বাৱধানত ২০১০ চনলৈকে টেনিছৰ শিক্ষা গ্ৰহণ কৰিছিল আৰু এইখিনি সময়তে সকলোৱেই উমান পাইছিল প্ৰিয়ানাৰ খেলৰ উত্তৰণৰ কথা। ২০১০ চনমানত নৰ্থ ইষ্ট টেনিছ ফাউণ্ডেচনলৈ আহিল শিৱ কুমাৰ প্ৰজাপতি নামৰ প্ৰশিক্ষকজন, যাৰ নেৰা-নেপেৰা প্ৰচেষ্টাত প্ৰিয়ানা অসম তথা ভাৰতৰ এটা পৰ্যায়ৰ খেলুৱৈ হিচাপে প্ৰতিষ্ঠিত হ’ল। শিৱ কুমাৰ প্ৰজাপতিৰ তত্ত্বাৱধানত প্ৰিয়ানাই ২০১০ চনৰ পৰা ২০১৭ চনলৈকে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। অৱশ্যে এডভান্স Îট্ৰইনিঙৰ বাবে প্ৰিয়ানাই ২০১৫ চনৰ পৰা ২০১৭ চনলৈকে এই দুবছৰ দিল্লীৰ ছিৰিফ’ৰ্টত থকা Team Tennis Academy-ত আদিত্য শচদেৱা নামৰ বিখ্যাত প্ৰশিক্ষকজনৰ তত্ত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। উল্লেখ্য যে আদিত্য শচদেৱা বৰ্তমান আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ য়ুকি ভাম্বৰীৰ প্ৰশিক্ষক, উল্লেখ কৰা প্ৰয়োজন যে এই ১০টা বছৰত অসমত থকা প্ৰত্যেকজন প্ৰশিক্ষক আৰু অগ্ৰজ খেলুৱৈয়ে নিজৰ জনাখিনি প্ৰিয়ানাক আগ্ৰহেৰে নিঃস্বাৰ্থভাৱে শিকাই দিছিল।

প্ৰিয়ানাৰ খেলৰ সাফল্যত তেওঁ পঢ়া বিদ্যালয়খনৰ অৱদান উল্লেখযোগ্য, হ’লী হ’ম ছেকেণ্ডেৰী স্কুল, পামহী, য’ত প্ৰিয়ানাই শিক্ষা গ্ৰহণ কৰিছিল প্ৰাথমিক পৰ্যায়ৰ পৰা দশম শ্ৰেণীলৈকে। প্ৰিয়ানাৰ খেলৰ প্ৰতি আগ্ৰহ দেখি বিদ্যালয়খনে বহু নিয়ম শিথিল কৰি দিছিল। বিদ্যালয়ৰ সময় এঘণ্টা পিছুৱাই দিয়া হৈছিল (প্ৰিয়ানাৰ কাৰণে) যাতে তাই পুৱাৰ ভাগত ভালকৈ খেলিব পাৰে। যিহেতু প্ৰিয়ানাই প্ৰায়েই বাহিৰত খেলিবলৈ যাব লগা হৈছিল আৰু শ্ৰেণীত উপস্থিত থাকিব পৰা নাছিল, ইয়াৰ বাবে প্ৰিয়ানাই কোনো আবেদন কৰিব লগা হোৱা নাছিল। অথচ শ্ৰেণীত অনুপস্থিত থকাৰ সময়খিনিত পঢ়াৰ যিখিনি ক্ষতি হৈছিল সকলো শিক্ষক-শিক্ষয়িত্ৰীয়ে মিলি প্ৰিয়ানাক বেলেগে শিকাই দিছিল। সেয়েহে প্ৰিয়ানা আৰু পিতৃ-মাতৃ বিদ্যালয়খনৰ প্ৰতি চিৰকৃতজ্ঞ। আৰু এটা কথা উল্লেখ কৰা প্ৰয়োজন, হ’লী হ’মত দশম শ্ৰেণী সুখ্যাতিৰে উত্তীৰ্ণ হৈ প্ৰিয়ানা গীতানগৰত থকা গুৰুকুল গ্ৰামাৰ বিদ্যালয়ত নামভৰ্তিৰ দিনাখন অধ্যক্ষ মহোদয়ক সোধা হৈছিল— যিহেতু প্ৰিয়ানা এগৰাকী খেলুৱৈ, সেয়েহে ছুটী আদি মঞ্জুৰ হ’ব নে নহয়। তেতিয়া অধ্যক্ষ মহোদয়ে কৈছিল দেশৰ বাবে কিবা এটা কৰাৰ প্ৰতিশ্ৰুতিৰে আগবাঢ়ি অহা খেলুৱৈসকলৰ প্ৰতি আমি সন্মান জনোৱাটো উচিত। গতিকে ছুটীৰ বাবে কোনো আবেদন-নিবেদনৰ আৱশ্যক নহয়, মাত্ৰ গুৱাহাটীত থকা সময়খিনিত বিদ্যালয়লৈ আহিলেই হ’ব। অৱশ্যে সময়ৰ অভাৱৰ বাবে প্ৰিয়ানাই পিছলৈ ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয়ত (এন আই অ’ এছ) পঢ়া-শুনা কৰিলে।

২০১০ চনৰ পৰা ২০১৭ চনৰ ভিতৰত প্ৰিয়ানাই টেনিছৰ বিভিন্ন প্ৰতিযোগিতাত ১৮বাৰ অসম চেম্পিয়ন, ২৬বাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত চেম্পিয়ন, এছিয়ান জুনিয়ৰ ডাবলছত ৰানাৰ-আপ হৈছে, ২০১৫ চনৰ ৰাষ্ট্ৰীয় স্কুল গেমছত পদক লাভ কৰিছিল। সৰ্বভাৰতীয় ছুপাৰ ছিৰিজ টেনিছ টুৰ্ণামেণ্টৰ ছোৱালীৰ শাখাত চেম্পিয়নৰ সন্মান অৰ্জন কৰা প্ৰিয়ানা এতিয়ালৈ অসমৰ একমাত্ৰ খেলুৱৈ। তদুপৰি শ্ৰীলংকা, চীন, ইণ্ডোনেছিয়া, মালয়েছিয়া, থাইলেণ্ড, ভিয়েটনাম আদিকে ধৰি বিভিন্ন দেশত জুনিয়ৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। প্ৰিয়ানাই একেৰাহে ৮ বছৰ ধৰি বিভিন্ন শাখাত অসমৰ ১নং খেলুৱৈৰ স্থান অক্ষুণ্ণ ৰাখিছিল, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰিয়ানাৰ সৰ্বোচ্চ স্থান আছিল ১২ (১৬ আৰু ১৮ বছৰ অনূধৰ্ব)। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৃথিৱীৰ ২০০০ পঞ্জীয়নভুক্ত খেলুৱৈৰ ভিতৰত প্ৰিয়ানাৰ স্থান আছিল ৪৯০।

বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেদি প্ৰিয়ানাই খেলিব লগা হৈছিল। বিশেষকৈ চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ অনুদান, সহায়-সহযোগ পোৱা নাছিল। মাথোঁ অসম টেনিছ সন্থাই ৫০ হাজাৰ টকাকৈ দুবাৰ মুঠ এক লাখ টকাৰ অনুদান আগবঢ়াইছিল। যিহেতু এটা পৰ্যায়ৰ পৰা টেনিছ এটা অত্যন্ত খৰচী খেল, সেয়েহে প্ৰিয়ানাই বাহিৰত হোৱা বহুতো প্ৰতিযোগিতা বাদ দিব লগা হৈছিল। প্ৰশিক্ষকৰ মতে প্ৰিয়ানাই মুকলিকৈ খেলিবৰ সুবিধা পোৱা হ’লে ভাৰতৰ ১নং স্থান তথা পৃথিৱীৰ ১০০নং স্থানৰ ভিতৰত অনায়াসে স্থান লাভ কৰিব পাৰিলেহেঁতেন।

প্ৰিয়ানাৰ সৰুৰে পৰা এটাই লক্ষ্য আছিল আমেৰিকা যুক্তৰাষ্ট্ৰত থকা Division-I বিশ্ববিদ্যালয়ত টেনিছৰ স্কলাৰশ্বিপ লৈ পঢ়া-শুনা (স্নাতক) কৰা আৰু খেলৰ প্ৰশিক্ষণ লোৱা, লক্ষ্য কঠিন আছিল, কাৰণ এনেধৰণৰ এশ শতাংশ অনুদান লাভ কৰিবলৈ পৃথিৱীৰ প্ৰথম ৫০০গৰাকী খেলুৱৈৰ ভিতৰত স্থান লাভ কৰিব লাগিব লগতে অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে কমেও ৮০ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হ’ব লাগিব, প্ৰিয়ানাই নিজকে সৰুৰে পৰা সেইদৰেই তৈয়াৰ কৰি লৈছিল, আৰু অনুদানৰ বাবে যোগ্যতা লাভ কৰিছিল। প্ৰিয়ানাৰ খেলা আৰু পঢ়াৰ প্ৰতিভাৰ উমান পাই আমেৰিকা যুক্তৰাষ্ট্ৰত থকা কেইবাখনো বিশ্ববিদ্যালয়ে ১০০ শতাংশ অনুদান আগবঢ়াবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল। অৱশেষত যুক্তৰাষ্ট্ৰৰ অ’হাইঅ’ৰ অক্সফ’ৰ্ড চিটীত থকা মায়ামি বিশ্ববিদ্যালয়ৰ লগত প্ৰিয়ানা ৪ বছৰৰ বাবে চুক্তিবদ্ধ হয়, চুক্তি অনুসৰি মায়ামি বিশ্ববিদ্যালয়ে প্ৰিয়ানালৈ এক কোটি ৩৫ লাখ টকাৰ এক শৈক্ষিক জলপানি আগবঢ়ায়। এই চাৰি বছৰত প্ৰিয়ানাই Sports Leadership and Management বিষয়ৰ ওপৰত স্নাতক সম্পূৰ্ণ কৰিব আৰু মায়ামি বিশ্ববিদ্যালয়ৰ ‘ৰেডহ’ক’ নামৰ মহিলা দলটোৰ হৈ আমেৰিকাত বিভিন্ন টেনিছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। ইয়াৰ বাবে খেলৰ সামগ্ৰীৰ পৰা আদি কৰি সকলো ধৰণৰ ব্যয় ‘এডিডাছ’ নামৰ খেলৰ সামগ্ৰী প্ৰস্তুত কৰণ কোম্পানীটোৱে বহন কৰিব।

শেহতীয়া খবৰ অনুসৰি মায়ামি বিশ্ববিদ্যালয়ৰ মহিলা দলৰ হৈ টেনিছ খেলি প্ৰিয়ানাই যথেষ্ট সুনাম অৰ্জন কৰিছে তথা প্ৰথম ছেমিষ্টাৰ পৰীক্ষাত ৮৮ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হৈছে। সেয়েহে প্ৰিয়ানাক মায়ামি বিশ্ববিদ্যালয়ে কিছুদিন পূৰ্বে ‘স্কলাৰ এথলেট’ (SCHOLAR ATHLETE) সন্মান প্ৰদান কৰে। প্ৰিয়ানাৰ মূল লক্ষ্য হ’ল স্নাতক সম্পূৰ্ণ কৰাৰ পিছত Professional Tennis-ত মনোনিৱেশ কৰি বিশ্বৰ প্ৰথম দহগৰাকী খেলুৱৈৰ ভিতৰত স্থান লাভ কৰা। পূৰ্ণ হওক প্ৰিয়ানাৰ আশা। গৌৰৱান্বিত হওক অসমবাসী। আমাৰ শুভ কামনা ….

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments