আমেৰিকা যুক্তৰাষ্ট্ৰৰ সন্মানীয় বঁটা ”প্ৰেছিডেণ্টছ ডিষ্টিংগুইছড ছাৰ্ভিছ এৱাৰ্ড” লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ প্ৰিয়ানা কলিতাই। অসমৰ এইগৰাকী টেনিছ খলুৱৈয়ে বৰ্তমান অহায়োৰ অক্সফ’ৰ্ড চিটিৰ মায়ামি ইউনিভাৰ্চিটিৰ ছাত্ৰী। তেওঁ ২০১৭ চনত স্প’ৰ্টছ স্ক’লাৰশ্বিপ লাভ কৰি বিশ্ববিদ্যালয়খনত স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰিছিল।
উল্লেখ্য যে, সন্মানীয় বঁটা প্ৰেছিডেণ্টছ ডিষ্টিংগুইছড ছাৰ্ভিছ এৱাৰ্ডৰ বাবে ১৮ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত নিৰ্বাচিত হৈছে মাত্ৰ ২০ গৰাকী ছাত্ৰ-ছাত্ৰী। এই ২০ গৰাকীৰ মাজত আছে অসমৰ প্ৰিয়ানাও। অহা ১১ এপ্ৰিলত আমষ্ট্ৰং ষ্টুডেণ্ট চেণ্টাৰ উইকছ থিয়েটাৰত তেওঁলৈ এই বঁটা আগবঢ়োৱা হ’ব।
ইয়াৰ উপৰিও প্ৰিয়ানাই নিউয়ৰ্কৰ বিখ্যাত জন মেকেনৰো টেনিছ একাডেমীত প্ৰশিক্ষক হিচাপে যোগদান কৰাৰো সুযোগ লাভ কৰিছে। স্প’ৰ্টছ লিডাৰশ্বিপ এণ্ড মেনেজমেণ্ট বিষয়ত অধ্যয়ন কৰি থকা প্ৰিয়ানাৰ গ্ৰেজুৱেশ্বন সম্পূৰ্ণ হ’ব আগন্তুক মে’ মাহত। তাৰ পিছতেই তেওঁ জন মেকেনৰো টনিছ একাডেমীত যোগদান কৰিব। বিশ্বৰ ৩০০ টনিছ খেলুৱৈৰ মাজৰ পৰা মাত্ৰ দুজনকহে এই একাডেমীৰ প্ৰশিক্ষক হিচাপে নিৰ্বাচিত কৰিছে য’ত আছে অসমৰ প্ৰিয়ানা কলিতাও।
বিশ্ববিদ্যালয়খনত অধ্যয়ন কৰি থকাৰ সময়ত খেলুৱৈগৰাকীয়ে টেনিছত নিজৰ পাৰদৰ্শিতা দেখুওৱাৰ লগতে বিভিন্নধৰণৰ সামাজিক কৰ্মতো জড়িত হৈ পৰিছিল। আমেৰিকাৰ ড’নাল্ড ট্ৰাম্প চৰকাৰে আমেৰিকাৰ পৰা বিদেশৰ ১০ লাখ ছাত্ৰ-ছাত্ৰীক অঁতৰাই পঠাবৰ বাবে পদক্ষেপ ল’ব বিচৰাৰ সময়ত এনে কাৰ্যৰ বিৰুদ্ধে হোৱা আন্দোলনত আগভাগ লৈছিল অসমৰ প্ৰিয়ানাই। লগতে আমেৰিকাত এছিয়াৰ ছাত্ৰ-ছাত্ৰীসকলৰ অধিকাৰৰ বাবেও মাত মাতি আহিছে প্ৰিয়ানাই।
আমেৰিকাত এনেদৰে স্বকৰ্মেৰ উজলি উঠা প্ৰিয়ানা গৌতম কলিতা আৰু নিতা কলিতাৰ সন্তান। অসমত থকাৰ সময়ছোৱাত প্ৰিয়ানাই মুঠ ১৮ বাৰ ৰাজ্যিক চেম্পিয়নৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল।