অলিম্পিয়া বাৰ্তা
সম্প্ৰতি ড’নাল্ড ট্ৰাম্পৰ কাৰ্যকালত আমেৰিকা যুক্তৰাষ্ট্ৰত যেন বৰ্ণ বৈষম্যই পুনৰ মূৰ দাঙি উঠিছে। যোৱা ২৫ মে তাৰিখে জৰ্জ ফ্লইড নামৰ কৃষ্ণাংগ লোক এজন ইউ এছ পুলিচৰ কাষ্টদীত নিহত হোৱাৰ ঘটনাই সমগ্ৰ বিশ্বতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
উল্লেখযোগ্য যে জৰ্জ ফ্লইড নামৰ লোকজনক ইউ এছ পুলিচে যোৱা ২৫ মেত এক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। পুলিচৰ কাষ্টদীত থাকোতেই জৰ্জ ফ্লইডক এগৰাকী আৰক্ষী বিষয়াই ভৰিৰে চেপি ধৰি থাকে। ফলত উশাহ ল’ব নোৱাৰি আৰক্ষী গৰাকীৰ হাততেই ফ্লইডৰ মৃত্যু হয়। বিচাৰ প্ৰক্ৰিয়াৰ সন্মুখীন নোহোৱাকৈ এনেদৰে এগৰাকী অভিযুক্তক খোদ আৰক্ষী বিষয়াই মুকলিকৈ হত্যা কৰা ঘটনাই এতিয়া তোলপাৰ লগাইছে সমগ্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰত। চৌদিশে প্ৰতিবাদৰ জোৱাৰ উঠিছে।
আমেৰিকাৰ বিশ্ব বিশ্ৰুত বাস্কেটবল খেলুৱৈ মাইকেল জৰ্ডানে এই ঘটনাৰ প্ৰতিবাদত মুখৰ হৈ পৰিছে। ” মই গভীৰভাৱে ব্যধিত, দুঃখিত আৰু ক্ৰোধান্বিত হৈ পৰিছো।” বাস্কেটবলৰ হল অৱ ফেমৰ অধিকাৰী খেলুৱৈজনে কয়।
“মই দেখা পাইছো আৰু অনুভৱ কৰিছো কিদৰে সকলোৰে মনত দুখ, হতাশাই আৱৰি ধৰিছে। মই সেই সকলৰ লগত আছোঁ যিসকলে আমাৰ দেশত বৰ্ণৰ ভিত্তিত চলা এনে বৈষম্যৰ বিৰুদ্ধে মাত মাতিছে।” এক বাৰ্তাত এইদৰে কয় প্ৰাক্তন বাস্কেটবল খেলুৱৈজনে।