আয়াৰলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ সমাগত টি-২০ শৃংখলা । ঘোষণা কৰা হ’ল ভাৰতীয় দলটো । অধিনায়কৰ দায়িত্বত হাৰ্ডিক পাণ্ডিয়া ।
আয়াৰলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় টি -২০ শৃংখলা । ইয়াৰ বাবে গঠন কৰা হ’ল ভাৰতীয় ক্ৰিকেট দল । বুধবাৰে এই শৃংখলাৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰা হ’ল । দলটোৰ ঘোষণাই ভাৰতীয় ক্ৰিকেট অনুৰাগীলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা । কাৰণ ঘোষিত দলটোৰ অধিনায়ক হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে সদ্যসমাপ্ত আই পি এলৰ সফল অধিনায়ক হাৰ্ডিক পাণ্ডিয়াক । এইগৰাকী অধিনায়কৰ নেতৃত্বতে ২০২২ বৰ্ষৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছিল গুজৰাট টাইটানছে । আনহাতে, ভূৱনেশ্বৰ কুমাৰক টি-২০ দলটোৰ সহ অধিনায়ক হিচাপে নিযুক্ত কৰা হৈছে ।
আই পি এলত ধাৰাবাহিক সুন্দৰ প্ৰদৰ্শন আগবঢ়াই দুৰ্দান্ত বেটাৰ ৰাহুল ত্ৰিপাঠিক ভাৰতীয় দলটোত দিয়া হৈছে স্থান । লক্ষ্যণীয় ভাৱে ঋষভ পন্টক দলটোৰ পৰা বাদ দিয়া হৈছে । ইয়াৰ বিপৰীতে ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু ছেমছনক এই শৃংখলাত দিয়া হৈছে স্থান ।
ঘোষিত ভাৰতীয় দলটো হৈছে — হাৰ্ডিক পাণ্ডিয়া (অধিনায়ক), ভূৱনেশ্বৰ কুমাৰ (সহঅধিনায়ক), ঈষাণ কিষাণ, ঋতুৰাজ গাইকোৱাড, সঞ্জু ছেমছন, সূৰ্য্যকুমাৰ যাদৱ, ভেংকটেশ আয়াৰ, দীপক হুদা, ৰাহুল ত্ৰিপাঠি, দিনেশ কাৰ্তিক, যুবেন্দ্ৰ চাহাল, অক্ষৰ পেটেল, ৰবি বিষ্ণই, হৰ্ষল পেটেল, আভেস খান, আৰ্শদ্বীপ সিং আৰু উমৰাণ মালিক ।
ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ আশা— যিদৰে পাণ্ডিয়াৰ নেতৃত্বত গুজৰাটে আইপিএলত চেম্পিয়নৰ খিতাপ অৰ্জন কৰিলে, একেদৰে এই টি-২০ শৃংখলাতো দাঙি ধৰক উন্নত প্ৰদৰ্শন । হাৰ্ডিক বাহিনীয়ে আয়াৰলেণ্ডৰ বিৰুদ্ধে দিয়ক জয়ৰ সোৱাদ । ভাৰতীয় ক্ৰিকেট ক্ষেত্ৰত সূচনা হওক নতুন দিশ ।