Wednesday, July 6, 2022
HomeNewsআৰম্ভ হ'ল ৰাধাগোবিন্দ বৰুৱা অনূৰ্ধ্ব ১৬ ক্ৰিকেট প্ৰতিযোগিতা

আৰম্ভ হ’ল ৰাধাগোবিন্দ বৰুৱা অনূৰ্ধ্ব ১৬ ক্ৰিকেট প্ৰতিযোগিতা

কালিৰে পৰা ৰাজ্যৰ ছটা মণ্ডলত ৩৯খন জিলাৰ মাজত অনুষ্ঠিত হৈছে ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী ১৬ বছৰ অনূৰ্ধ্বৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতা। কালি মালিগাঁৱৰ এন এফ আৰ এছ এ ষ্টেডিয়ামত হেড কোৱাৰ্টাৰ মণ্ডল, হাইলাকান্দিত দক্ষিণ অসম মণ্ডল, হোজাইত মধ্য অসম মণ্ডল, মঙ্গলদৈত উত্তৰ অসম মণ্ডলৰ, যোৰহাটত উজনি অসম মণ্ডলৰ আৰু বৰপেটাত নামনি অসম মণ্ডলৰ খেলবোৰ অনুষ্ঠিত হয়‌। আনহাতে এই ছটা মণ্ডলৰ মেচসমূহ ক্ৰমে প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ তথা ভাৰতীয় জুনিয়ৰ দলৰ প্ৰাক্তন খেলুৱৈ জাভেদ জামান, হাইলাকান্দি ক্ৰিকেট সন্থাৰ সভাপতি গৌতম ৰয়, হোজাই জিলা ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক অসীম মজুমদাৰ, মঙ্গলদৈ জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা বিধায়ক গুৰুজ্যোতি দাস, যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰী আৰু বৰপেটাৰ বিধায়ক গোবিন্দ্ৰ নাথে উদ্বোধন কৰে।

কালি উদ্বোধন কৰা ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী এই ক্ৰিকেট প্ৰতিযোগিতাত হেড কোৱাৰ্টাৰ মণ্ডলত গোৱালপাৰাই গুৱাহাটীক ১২৩ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়। মেচখনত টছত জয় লাভ কৰি গোৱালপাৰাই ৩৫ অভাৰত ৫ উইকেটৰ বিনিময়ত ২০১ৰান কৰিবলৈ সক্ষম হয়। দলটোৰ হৈ শতক অৰ্জন কৰে মনজিৎ ডেকাই আৰু কুলদীপ দাসে ৭৭ ৰানৰ এক সুন্দৰ অৰ্ধশতকীয় ইনিংছ খেলিবলৈ সক্ষম হয়। গোৱালপাৰাই নিৰ্ধাৰণ কৰি দিয়া লক্ষ্য অতিক্ৰম কৰিবলৈ খেল পথাৰত নামি গুৱাহাটীয়ে ২৫.৩ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ৭৮ ৰানহে কৰিবলৈ সক্ষম হয়।

হাইলাকান্দিত অনুষ্ঠিত দক্ষিণ অসম মণ্ডলত মেচখনত কৰিমগঞ্জে ডিমা হাছাওক ৯ উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয়। ডিমা হাছাওৱে উদ্বোধনী মেচখনত প্ৰথমে বেট ধৰিবলৈ আহি মাত্ৰ ১১.২ অভাৰত ৩১ ৰানতে নিজৰ ইনিংছ সামৰে। সীমিত ৰানৰ লক্ষ্য আগত লৈ খেল পথাৰত নামি কৰিমগঞ্জে ৬.৫ অভাৰতে ৩৩ ৰান সংগ্ৰহ কৰি বিজয় লক্ষ্যত উপনীত হয়।

হোজাইত অনুষ্ঠিত মধ্য অসম মণ্ডলৰ মেচখনত হোজাইয়ে কলিয়াবৰক ৮ উইকেটৰ বিনিময়ত পৰাস্ত কৰিবলৈ সক্ষম হয়। প্ৰথমে বেটিং কৰিবলৈ আহি কলিয়াবৰে ২৯.১ অভাৰ খেলি ১৩৪ ৰানত অলআউট হয়। প্ৰত্যুত্তৰত হোজায়ে ২৩ অভাৰ খেলি ২ উইকেট হেৰুৱাই ১৩৫ ৰান কৰি জয়লাভ কৰে।

মঙ্গলদৈত অনুষ্ঠিত হোৱা উত্তৰ অসম মণ্ডলৰ খেলত বিশ্বনাথ চাৰিআলিয়ে মঙলদৈক তিনি উইকেটৰ বিনিময়ত পৰাস্ত কৰিবলৈ সক্ষম হয়।মেচখনত মঙলদৈয়ে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ আহি ৩৩.৫ অভাৰ খেলি ১৩৩ ৰান কৰিবলৈ সক্ষম হয়। প্ৰত্যুত্তৰত বিশ্বনাথ চাৰিআলিয়ে ২৯.১ অভাৰ খেলি সাত উইকেটৰ বিনিময়ত ১৩৫ ৰান কৰিবলৈ সক্ষম হোৱাৰ লগতে বিজয় সাব্যস্ত কৰে।

ইফালে যোৰহাট আৰু বৰপেটাত অনুষ্ঠিত হোৱা উজনি আৰু নামনি অসম মণ্ডলৰ খেলত যোৰহাট আৰু বৰপেটাই বিজয় সাব্যস্ত কৰে। যোৰহাট অনুষ্ঠিত উজনি অসম মণ্ডলৰ খেলখনত যোৰহাটে নাজিৰাক ১০ উইকেটৰ বিনিময়ত পৰাস্ত কৰে। টছত জয় লাভ কৰি নাজিৰাই প্ৰথমে বেট ধৰি ২৭.২ অভাৰত ৭৮ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত যোৰহাটে ১৭ অভাৰত এটাও উইকেট নেহেৰুৱাকৈ ৮০ ৰান কৰি জয়লাভ কৰে। বৰপেটাত অনুষ্ঠিত নামনি অসম মণ্ডলৰ মেচখনত বৰপেটাই ধুবুৰীক ৭০ ৰানৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়। বৰপেটাই প্ৰথমে বেট ধৰি ১১৬ ৰান কৰিবলৈ সক্ষম হয়। প্ৰত্যুত্তৰত ধুবুৰী দলে ১৮.৪ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ৪৬ ৰানহে কৰিবলৈ সক্ষম হয়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 + twenty =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments