Friday, September 30, 2022
HomeNewsআৰ্থিকভাৱে দুৰ্বল শ্ৰীলংকাক এতিয়া ক্ৰিকেটে দিছে এক সুকীয়া আনন্দ

আৰ্থিকভাৱে দুৰ্বল শ্ৰীলংকাক এতিয়া ক্ৰিকেটে দিছে এক সুকীয়া আনন্দ

আৰ্থিকভাৱে দুৰ্বল শ্ৰীলংকাক এতিয়া ক্ৰিকেটে দিছে এক সুকীয়া আনন্দ

অলিম্পিয়া প্ৰতিবেদন: ২০২২ৰ ১১ ছেপ্টেম্বৰ, দেওবাৰ । ডুবাই ষ্টেডিয়ামত শ্ৰীলংকাৰ হাতত এছিয়া কাপ । দেশবাসীক উৎসাহিত কৰিলে এই জয়ে । দেশ খনৰ এই জয়ে আকৌ নতুন যাত্ৰাৰ সূচনা কৰিছে । জয়ৰ পিছত হোৱা দেশপ্ৰেমীৰ চুকে কোনে হোৱা আনন্দবোৰৰ ছবিয়ে তাকে বুজাইছে । এই জয়ত বিশ্ববাসী সুখী ।
আৰ্থিকভাৱে দুৰ্বল দেশখনক যেন এতিয়া ক্ৰিকেটে এক সুকীয়া আনন্দ দিছে । মহা মহা ক্ৰিকেট তাৰকাৰ মুখত শ্ৰীলংকাৰ চৰ্চা ।

প্ৰতিখন দেশত চলিছে এতিয়া শ্ৰীলংকাৰ চৰ্চা । বৰ্তমান সময়ত শ্ৰীলংকাৰ বাবে খুবেই ভাল খবৰ । এয়া সম্ভৱ হৈছে মাথোঁ ক্ৰিকেটৰ বাবে । এছিয়া কাপৰ প্ৰথম প্ৰৰ্যায়ৰ পৰা সুন্দৰ প্ৰদৰ্শনৰে এক সুকীয়া স্থানত দেখা গৈছিল শ্ৰীলংকাক । আপ্লুত কৰি ৰাখিছিল দেশবাসীক । মাত্ৰ এখন মেচৰ বাদে সকলোতে জয়ী হৈ সহজেই ফাইনেলত উপনীত হৈছিল সিংহলীবাহিনী ।

খেল পথাৰত যুঁজাৰু যুৱ দলটোৱে পাকিস্তানৰ বিৰুদ্ধে ফাইনেলত প্ৰথমে বেট লৈ ১৭০ ৰানৰ লক্ষ্য বান্ধি দিয়ে । শ্ৰীলংকাৰ দুৰ্ধৰ্ষি বলিঙত তিষ্টিব নোৱাৰি পাকিস্তানে মাত্ৰ ১৪৭ ৰানতে খেল সামৰে । শ্ৰীলংকা ইয়াকে ধৰি ষষ্ঠবাৰৰ বাবে এছিয়া কাপত চূড়ান্ত বিজয়ী হয় যদিও এইবাৰৰ জয় আছিল কিছু সুকীয়া ।

এই জয়ে আৰ্থিকভাৱে জুৰুলা হৈ থকা দেশৰ জনগণৰ মনোবল বৃদ্ধি কৰিছে । শ্ৰীলংকাই নতুন পথৰ সূচনা কৰিলে । এই জয়ে দেশখনৰ ৰাজনৈতিক অস্থিৰতা আৰু ভাঙি পৰা অৰ্থনীতিৰ বিৰুদ্ধে যেন জয়ী হ’ল ক্ৰিকেট । সমাজীৱন থানবান হৈ পৰা দ্বীপৰাষ্ট্ৰখনলৈ যেন ক্ৰিকেটে কঢ়িয়াই আনিলে এচাটি নিৰ্মল বতাহ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seven − seven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments