Tuesday, October 4, 2022
HomeNewsআৰ চি বি হাতত পৰাভূত কে এল ৰাহুল বাহিনী

আৰ চি বি হাতত পৰাভূত কে এল ৰাহুল বাহিনী

আৰ চি বি হাতত পৰাভূত কে এল ৰাহুল বাহিনী

অলিম্পিয়া প্ৰতিবেদন: আৰ চি বিৰ হাতত পৰাভূত কে এল ৰাহুল বাহিনী । অধিনায়ক ফাফ ডু প্লেছিছৰ বিস্ফোৰক ইনিংছত জয়ৰ মালা পিন্ধিলে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুয়ে । যুঁজি যুঁজি হাৰি গ’ল লক্ষ্ণৌ ছুপাৰ জায়েন্টছ । শূণ্যতেই সীমাবদ্ধ আৰ চি বিৰ পূৰ্বৰ অধিনায়ক বিৰাট কোহলি । মহাৰাষ্ট্ৰত অব্যাহত ক্ৰিকেটৰ মহাৰণ আই পি এল । মংগলবাৰে এখন হাই ভল্টেজ মেচত অৱৰ্তীণ হ’ল আৰ চি বি বনাম লক্ষ্ণৌ ছুপাৰ জায়েন্টছ ।

আৰু অধিক পঢ়ক

প্ৰথমে বেটিং কৰি ফাফ ডু প্লেছিছ বাহিনীয়ে ৬ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিলে ১৮১ ৰাণ। আৰ চি বিৰ অধিনায়ক হিচাপে ফাফ ডু প্লেছিছৰ বেটিং তাণ্ডৱত উফৰি পৰিল লক্ষ্ণৌৰ বলিং শক্তি । ১১ টা বাউণ্ডেৰী আৰু ৪ টা অভাৰ বাউণ্ডেৰীৰে প্লেছিছে ৬৪ টা বলত ৯৬ ৰাণৰ বৰঙণি আগবঢ়ায় । আৰ চি বিৰ হৈ চাহবাজ আহমেদে ২৬ আৰু গ্লেন মেক্সৱেলে ২৩ ৰাণেৰে দলটোক অগ্ৰগতি প্ৰদান কৰে । ১৮২ ৰাণৰ লক্ষ্য লৈ ক্ৰিজত নামিল লক্ষ্ণৌ চুপাৰ জায়েন্টছ । ক্ৰুনাল পাণ্ডিয়াই সৰ্বাধিক ৪২ ৰাণ কৰি আউট হয় । ইফালে অধিনায়ক হিচাপে কে এল ৰাহুলে ৩০ ৰাণ কৰিয়েই পেভেলিয়নলৈ উভতি আহে ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

যুৱ ক্ৰিকেটাৰ আয়ুস বাদানিয়ে ১৩ টা বলত ১৩ ৰাণ কৰিয়েই ক্ষান্ত থাকিল । আৰ চি বিৰ বলাৰৰ বলিং ত্রাসত ৮ উইকেটৰ বিনিময়ত ১৬৩ ৰাণতেই ইনিংছ সামৰিলে কে এল ৰাহুল বাহিনীয়ে । ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ দুৰ্দান্ত বলাৰ জোছ হেজেল‌উডে ৪ টা উইকেট অকলেই দখল কৰিলে । সেইদৰে আৰ চি বিৰ হৰ্ষল পেটেলে ২ টা উইকেটৰ পতন ঘটাই আই পি এলৰ নতুন দল লক্ষ্ণৌ ছুপাৰ জায়েন্টছক বিধ্বস্ত কৰে । ফলত চলিত ছিজনত পঞ্চমবাৰৰ বাবে জয়ৰ মালা পিন্ধিলে ফাফ ডু প্লেছিছ নেতৃত্বৰ আৰ চি বিয়ে ।

এই জয়ৰ পিছত ১০ পইন্টৰে তালিকাৰ দ্বিতীয় স্থানত আছে আৰ চি বি ।সেইদৰে ৮ পইন্টৰে তালিকাৰ চতুৰ্থ স্থানত অৱস্থান কৰিছে লক্ষ্ণৌ চুপাৰ জায়েন্টছ । বুধবাৰে পৰৱৰ্তী মেচত অৱৰ্তীণ হ’ব দিল্লী কেপিটেলছ বনাম পঞ্জাৱ কিংছ । পইন্ট তালিকাৰ শীৰ্ষত থকা দল আই পি এলৰ নতুন দল গুজৰাট টাইটানছক লৈ আশাবাদী অনুৰাগীসকল । নতুন দলটোৱে চলিত ছিজনত পিন্ধিব নেকি চেম্পিয়নৰ মুকুট ? ইয়াকে লৈ উৎকন্ঠিত সমগ্ৰ ক্ৰিকেট বিশ্ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

sixteen − four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments