অলিম্পিয়াৰ প্ৰতিবেদন
বিশ্বক্ৰমৰ ৮ নং স্থানৰ তাৰকা টেনিছ খেলুৱৈ চেৰেনা উইলিয়ামছ ইউএছ অপেনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। তেওঁ কোৱাৰ্টাৰ ফাইনেলত বুলগেৰীয়াৰ Svetlana Pironkonva ক ৪-৬, ৬-৩, ৬-২ চেটত পৰাস্ত কৰি ধাৰাবাহিকভাৱে ১১বাৰৰ বাবে ইউএছ অপেনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আনহাতে ৰাছিয়াৰ Denil Medved য়ো প্ৰতিযোগিতাৰ অন্তিম চাৰিটা স্থানত নিজৰ স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হৈছে। তেওঁ কোৱাৰ্টাৰ ফাইনেলত তেওঁ Andre Rublev ক ৭-৬ (৬), ৬-৩, ৭-৬(৫) চেটত পৰাস্ত কৰিবলৈ সক্ষম হয়। মনকৰিবলগীয়া যে Andre Rublev য়ে এটাও চেটত পৰাস্ত নোহোৱাকৈ ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে ১৯৬০ চনত Neil Fraser য়ে ইউএছ অপেনত এটাও চেটত পৰাস্ত নোহোৱাকৈ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল।
ইয়াৰ উপৰিও জাৰ্মানীৰ Alexander Zverev আৰু অষ্ট্ৰিয়াৰ তাৰকা DominicThiem য়ো প্ৰতিযোগিতাখনৰ চাৰিটা স্থানৰ ভিতৰত নিজৰ নাম সুৰক্ষিত কৰিছে। Alexander য়ে ক্ৰুৱেছীয়াৰ Borna Coric ৰ লগত ৩ ঘণ্টা ২৪মিনিট সময় যুঁজি ১-৬, ৭-৬, ৭-৬,৬-৩ চেটত পৰাস্ত কৰিবলৈ সক্ষম হয়। ইয়াৰ লগে লগে বিগত ২৫ বছৰৰ অন্তত ইউএছ অপেনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা তেওঁ প্ৰথমজন জাৰ্মান খেলুৱৈ হিচাপে পৰিগণিত হৈছে। তেওঁ ছেমি ফাইনেলত স্পেনিছ টেনিছ তাৰকা Pablo Carreno Busta ৰ লগত মুখামুখি হ’ব। Pablo Carreno Busta ই কোৱাৰ্টাৰ ফাইনেলত কানাডাৰ Dennis Shapovalov ক ৩-৬, ৭-৬, ৭-৬, ০-৬, ৬-৩ চেটত পৰাস্ত কৰিবলৈ সক্ষম হয়। ইফালে Dominic Thiem য়ে Alex de Minaur ক ৬-১, ৬-২ আৰু ৬-৪ চেটত পৰাস্ত কৰি ছেমি ফাইলত নিজৰ স্থান সুৰক্ষিত কৰিছে।