ইউৰোপত খিতাপ জয় অসমৰ শৰীৰ চৰ্চাবিদজনৰ পুনৰ উজলিল অসম সন্তান গোলাপ ৰাভা

অলিম্পিয়াৰ প্ৰতিবেদক ঃ লিথুৱানিয়াত অনুষ্ঠিত ডব্লিউ ই এফ আৰু ডব্লিউ বি বি এফ প্ৰ’ শৰীৰৰ্চচা প্ৰতিযোগিতাৰ অম্বৰপ্ৰিক্স ইণ্টাৰনেশ্বনেলত সামগ্ৰিকভাৱে শীৰ্ষস্থান লাভ কৰি পুনৰবাৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিলে অসম সন্তান গোলাপ ৰাভাই। প্ৰতিযোগিতাখনৰ ইতিহাসত  প্ৰথমবাৰলৈ কোনো শৰীৰৰ্চচাবিদে সামগ্ৰিকভাৱে প্ৰথম স্থান লাভ কৰিলে। ১৭ মে’ৰ পৰা অনুষ্ঠিত ইউৰোপৰ এই প্ৰতিযোগিতাত অংশ লৈছিল বিশ্বৰ কেইবাজনো দেশৰ ক্ৰীড়াবিদে। অসম-সন্তান গোলাপ ৰাভাই সকলোকে চেৰ পেলাই প্ৰতিযোগিতাত শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম  হয়। উল্লেখ্য, ইয়াৰ আগেয়েও গোলাপ ৰাভাই বিভিন্ন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পদক কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। যোৱা বছৰ লিথুৱানিয়াত তেওঁ জয় কৰিছিল মিঃ ৱৰ্ল্ড-২০১৮ ৰ খিতাপ। ২০০৮ চনতে জুনিয়ৰ মিঃ অসম আৰু জুনিয়ৰ মিঃ কামৰূপৰ খিতাপ জয় কৰা গোলাপ ৰাভাই লাভ কৰা এই সফলতাৰ বাবে তেওঁক অসমৰ শৰীৰৰ্চচা সংস্থাই অভিনন্দন জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *