অলিম্পিয়া প্ৰতিবেদন
৫০,০০০ জনসংখ্যাৰ স্পেইনৰ এখন সৰু চহৰ ভিলাৰিয়াল। ১৯৩৬ ৰ পৰা ১৯৩৯ চনলৈ এই সময়ছোৱা আছিল স্পেনিছ গৃহ যুদ্ধৰ ভৰপক সময়। স্পেইনৰ অন্যান্য প্ৰান্তৰ লগতে সেই গৃহযুদ্ধত বিধস্ত হৈছিল ভিলাৰিয়ালো। এসময়ত যুদ্ধৰ অৱসান ঘটিছিল। স্বাভাৱিক অৱস্থা ঘূৰি আহিছিল ভিলাৰিয়াললৈ। লাহে লাহে পট পৰিৱৰ্তন ঘটিছিল। ভিলাৰিয়ালৰ অলিয়ে গলিয়ে ক্ৰমাৎ ফুটবল সুলভ হৈ পৰিছিল। এটা সময়ত স্পেইনৰ তেনেই ক্ষুদ্ৰ চহৰখনলৈ নৱ বসন্তৰ উন্মেষ কঢ়িয়াই আনিছিল ফুটবলে। ফুটবলৰ জহতে ভিলাৰিয়ালৰ এক নতুন পৰিচয় গঢ় লৈ উঠিছিল। চহৰখনৰ নামতে জন্মলাভ কৰা ভিলাৰিয়াল এফ চিয়ে ফুটবলৰ এই নৱ জাগৰণৰ নেতৃত্ব লৈছিল।
১৯২৩ চনতে জন্মলাভ কৰা ভিলাৰিয়াল এফ চিয়ে ১৯৫৬ চনত নেচনেল ডিভিজনত খেলাৰ সুযোগ লাভ কৰিছিল। লাহে লাহে স্পেইনৰ টপ-টায়াৰ ফুটবল লীগ লা লীগালৈও বাট প্ৰশস্ত হৈছিল ক্লাবটোৰ। ১৯৯৮ চনত ক্লাবটোৱে প্ৰথম ভুমুকি মাৰিছিল স্পেইনৰ শীৰ্ষ ফুটবল টুৰ্ণামেণ্ট লা লীগাত। লা লীগাত ভিলাৰিয়ালৰ প্ৰথম প্ৰতিদ্বন্দী আছিল ইউৰীপিয়ান চেম্পিয়ন ৰিয়েল মাদ্রিদ। প্ৰথমটো চিজনত অশানুৰূপ নাছিল ভিলাৰিয়ালৰ প্ৰদৰ্শন। ফলত পুনৰ লা লীগাৰ পৰা অৱনমিত হৈ ১৯৯৯-২০০০ চিজনৰ বাবে চেগুণ্ডা ডিভিজনত তালিকাভুক্ত হয় দলটো। এনেদৰেই উত্থান পতনৰ ইতিহাসৰে ক্ৰমাৎ সমৃদ্ধিৰ বাটত বাট বুলে ভিলাৰিয়েল এফ চি।
২০০৩ চনত পোন প্ৰথমবাৰৰ বাবে দলটোৱে উৱেফা কাপত অংশগ্ৰহণৰ সুযোগ লাভ কৰে। আত্মপ্ৰকাশতে সেইবাৰ ভিলাৰিয়াল ছেমি ফাইনেললৈ উত্তীৰ্ণ হয়। ছেমিফাইনেলত চুবুৰীয়া ক্লাব ভেলেন্সিয়াৰ হাতত পৰাস্ত হয় দলটো। ইয়াৰ পিছত এটা চিজনত লা লীগাৰ পইণ্ট তালিকাত তৃতীয় স্থান লাভ কৰি দলটোৱে চেম্পিয়নছ লীগতো আত্মপ্ৰকাশ কৰে। ২০০৬ চনত দলটো চেম্পিয়নছ লীগৰ ছেমি ফাইনেল পৰ্যন্ত আগুৱাই যায়। লা লীগাৰ ৰানাৰ্ছ আপৰ খিতাপ লাভ কৰা দলটোৰ ইউৰোপা লীগতো আছে উত্থান পতনৰ ইতিহাস। ২০০৪, ২০১১ আৰু ২০১৬ চনত প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলিষ্ট দলটোৱে অৱশেষত চিৰ আকাংক্ষিত ফলাফল লাভ কৰে ২০২১ বৰ্ষত।
২০২১-ইউৰোপা লীগৰ ফাইনেলত ভিলাৰিয়াল মুখামুখি হয় শক্তিশালী মানচেষ্টাৰ ইউনাইটেডৰে। পঞ্চাশ হাজাৰ জনসংখ্যাৰ ক্ষুদ্ৰ চহৰখনৰ প্ৰতিজন নাগৰিকৰে হৃদয়ত বাস কৰা ক্লাৱটোৱে প্ৰতিজন ভিলাৰিয়ালৰ সপোন সাকাৰ কৰাৰ এক সুবৰ্ণ সুযোগ লাভ কৰে। এনে সুযোগ বাৰে বাৰে নাহে। বিশ্বৰ ফুটবল ইতিহাসত হালধীয়া চাবমেৰিন হিচাবে পৰিচিত দলটোৰ হাতত এইবাৰ ইতিহাসক নতুন ৰূপত তুলি ধৰাৰ পাল। দলটোৰ অন্যতম সাহস প্ৰশিক্ষক উনাই এমেৰি। উনাই এমেৰিক সাধাৰণতে ইউৰোপা লীগৰ বিশেষজ্ঞ বুলিয়েই জনা যায়। ইয়াৰ আগতে তেওঁৰ নেতৃত্বতে বহুকেইটা ক্লাবে ইউৰোপাত নব্য ইতিহাস ৰচিছে। চেভিয়াই এমেৰিৰ তত্বাৱধানতে তিনিবাৰকৈ ইউৰোপাৰ খিতাপ লাভ কৰিছে। ২০১৮-১৯ বৰ্ষত আৰ্ছেনালকো ছেমি ফাইনেললৈ লৈ গৈছিল এমেৰিয়ে। এমেৰিৰ নেতৃত্বত জেৰাৰ্ড মেৰেনো, প টৰেছ, ডানি পেৰেজ’, এলবাৰ্ট’ মেৰেনো, গমেজ, জেৰেনিম’ ৰুলিৰে সমৃদ্ধ ভিলাৰিয়ালে খিতাপ দখলৰ যুজঁত যুজঁ দিব লাগিব বিশ্বৰ অন্যতম শক্তিশালী দলটোক। সকলোৱে বুজিছিল প্ৰত্যাহ্বান কিমান কঠিন!
ফাইনেলখন ৰোমাঞ্চকৰ হৈ উঠিছিল। খিতাপ দখলৰ শ্বাসৰুদ্ধকৰ যুজঁত পৰিণত হৈছিল এই ফাইনেল। মেচখনৰ প্ৰথমৰ পৰাই দুয়ো পক্ষৰ মাজত চলিছিল তুমূল আক্ৰমণ-প্ৰত্যাক্ৰমণ। প্ৰথম অৰ্ধৰ ২৯ মিনিটত জেৰাৰ্ড মৰেন’ৰ গ’লৰ সহায়ত অগ্ৰগতি লাভ কৰে ভিলাৰিয়ালে। তাৰপিছত কষ্টকৰ দ্বিতীয়অৰ্ধক অতি চতুৰতাৰে ৰক্ষণাবেক্ষণ দিয়ে গ’লৰক্ষক জেৰ’নিম’ ৰুলিয়ে। ৫৫ মিনিটত মানচেষ্টাৰৰ ই কাভানীয়ে সমতাসূচক গ’লটো দিয়ে যদিও মেচৰ বাকী সময়খিনিত সুনিপুন শৈলীৰে ৰুলিয়ে প্ৰতিটো আক্ৰমণক প্ৰতিহত কৰিবলৈ সক্ষম হয়। নিৰ্দ্ধাৰিত সময়ৰ অন্তত ১-১ ব্যৱধানত ৰৈ যায় স্ক’ৰ বোৰ্ড। ফলাফল নিৰ্ণয়ৰ বাবে অতিৰিক্ত সময়ৰ সহায় লোৱা হয়। এইবাৰো স্ক’ৰকাৰ্ডত কোনো পৰিৱৰ্তন নহ’ল। অতিৰিক্ত সময়তো মেচৰ ফলাফল নিৰ্ণয় নোহোৱাত এইবাৰ ট্ৰাইবেকাৰৰ সহায় লোৱা হয়। ট্ৰাইবেকাৰতো মানচেষ্টাৰ ইউনাইটেডৰ উপৰ্যুপুৰী আক্ৰমণক প্ৰতিহত কৰি গৈছিল গ’লৰক্ষক ৰুলিয়ে। অৱশেষত ৰোমাঞ্চকৰ ট্ৰাইবেকাৰ যুঁজত ১১-১০ ব্যৱধানত শেষ হাঁহি মাৰে ভিলাৰিয়ালে।
এক ঐতিহাসিক মুহূৰ্তত পলকতে হালধীয়া জাৰ্চি পৰিহিত এজাক ৰণুৱাৰ নাচোনৰ সাক্ষী হৈ ৰ’ল জিডেনস্ক ষ্টেডিয়াম। উল্লেখযোগ্য যে, এয়া আছিল ভিয়াৰিয়ালৰ প্ৰথমটো ইউৰোপা লীগ। কেৱল ইউৰোপাই নহয়, যিকোনো ইউৰোপীয়ান টুৰ্ণামেণ্টতে এয়া প্ৰথমটো জয় আছিল ভিলাৰিয়ালৰ। ইউৰোপাত চেম্পিয়ন হোৱাৰ সুবাদতে এতিয়া চেম্পিয়নছ লীগত খেলাৰ সুযোগ লাভ কৰিছে ক্লাবটোৱে। ভিয়াৰিয়ালৰ আকাশত এতিয়া নতুন সূৰুজ। উনাই এমেৰিৰ হাতত ধৰি পুনৰ যিকোনো অঘটন ঘটাব পাৰে এমুঠি জনসংখ্যাৰ চহৰ ভিয়াৰিয়ালে। তেনে এক অপেক্ষাতে ৰৈছে প্ৰতিজন ভিলাৰিয়ালবাসী।