Monday, July 4, 2022
HomeNewsইউৰোপীয়ান ফুটবলত বিদ্ৰোহ: আয়োজন কৰিব পৃথকে বিশ্বকাপ

ইউৰোপীয়ান ফুটবলত বিদ্ৰোহ: আয়োজন কৰিব পৃথকে বিশ্বকাপ

ৰিয়েল মাদ্ৰিদ, বাৰ্চিলোনা, চেলছী, মানচেষ্টাৰ ইউনাইটেডকে ধৰি মুঠ ১২ টা ক্লাবৰ বিদ্ৰোহ। নতুন ছুপাৰ লীগ আৰু বিশ্বকাপ আয়োজনৰ হুংকাৰ দিছে এই কেইটা ইউৰোপীয় ফুটবল ক্লাবে। যুদ্ধ ঘোষণা কৰিছে উৱেফাৰ বিৰুদ্ধে। এই ক্লাব সমূহে নিজাববীয়াকৈ ছুপাৰ লীগ গঠনৰ কথা ঘোষণা কৰিছে। এই ক্লাব কেইটাই আগন্তুক ছিজনৰ পৰা উৱেফা চেম্পিয়নছ লীগত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

নতুন লীগত যোগদান কৰা ১২ টা ক্লাব হৈছে, ৰিয়েল মাদ্ৰিদ, মানচেষ্টাৰ ইউনাইটেড, লিভাৰপুল, মানচেষ্টাৰ চিটি, আৰ্ছেনাল, টটেনহাম হটস্পাৰ, এ চি মিলান, ইণ্টাৰ মিলান আৰু জুভেণ্টাছ। প্ৰতিটো ক্লাবেই অত্যন্ত নামী-দামী আৰু প্ৰথম শাৰীৰ। এই ক্লাব সমূহৰ ১২ টাই হৈছে ইউৰোপৰ শ্ৰেষ্ঠ আৰু ৩ টা ক্লাবক ছুপাৰ লীগৰ অংশীদাৰ কৰিব। অৰ্থাত ছুপাৰ কাপৰ মুঠ সদস্য দলৰ সংখ্যা হ’ব ১৫ টা। আনহাতে শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ আন ৫ টা দলক আমন্ত্ৰণ জনাই আগন্তুক ছিজনৰ পৰা ২০ টা দলৰ এক পৃথক লীগৰ আয়োজন কৰা হ’ব। তাৰ লগতে প্ৰদৰ্শনৰ ভিত্তিত প্ৰতিবছৰে সলনি হ’ব অন্তিম ৫ টা দল। মেচসমূহ অনুষ্ঠিত হ’ব লীগ ফৰ্মেটত। চেম্পিয়ন দলটোক লীগৰ অন্তত নক আউট পদ্ধতিত বাছি উলিওৱা হ’ব। ইয়াৰ পূৰ্বে নিজ নিজ ঘৰুৱা লীগতো অংশগ্ৰহণ কৰিব দলসমূহে।

ইউৰোপীয়ান ছুপাৰ লীগৰ যদি এই পৰিকল্পনা বাস্তৱায়িত হয়, তেন্তে চেম্পিয়নছ লীগৰ অন্ত পৰাটো প্ৰায় নিশ্চিত। প্ৰথমশাৰীৰ দলসমূহে অংশগ্ৰহণ নকৰাৰ অৱস্থাত মেগা টুৰ্ণামেণ্টখন দৰ্শক আৰু টেলিভিছনত মেচ উপভোগ কৰাৰ সংখ্যা অত্যন্ত হ্ৰাস পোৱাটো নিশ্চিত। এই বাবেই ছুপাৰ লীগৰ পৰিকল্পনাৰ তীব্ৰ বিৰোধিতা কৰিছে উৱেফাই। আনকি এই লীগত খেলা দল তথা খেলুৱৈসকলক নিৰ্বাসীত কৰাৰ ভাবুকি প্ৰদান কৰিছে উৱেফা আৰু ফিফাই। এই লীগত অংশগ্ৰহণ কৰিলে খেলুৱৈসকলে বিশ্বকাপত অংশগ্ৰহণ কৰাৰ পৰাও বঞ্চিত হ’ব লাগিব।

ইয়াৰ বিপৰীতে লীগৰ উদ্যোক্তাসকলেও স্পষ্ট কৰি দিছে, তেওঁলোকেও উৱেফা আৰু ফিফাৰ সমৰ্থন আশা কৰে। আৰু যদি সমৰ্থন নকৰে তেনে প্ৰয়োজনত পৃথকে বিশ্বকাপৰ আয়োজনৰ হুংকাৰ দিছে নতুন লীগৰ উদ্যোক্তাসকলে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 + eight =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments