Tuesday, October 4, 2022
HomeNewsইউ এছ অপেনত বৃহৎ অঘটন ঃ চতুৰ্থ ৰাউণ্ডতে অভিযান সামৰিলে নাডালে

ইউ এছ অপেনত বৃহৎ অঘটন ঃ চতুৰ্থ ৰাউণ্ডতে অভিযান সামৰিলে নাডালে

ইউ এছ অপেনত বৃহৎ অঘটন ঃ চতুৰ্থ ৰাউণ্ডতে অভিযান সামৰিলে নাডালে

অলিম্পিয়া প্ৰতিবেদন: টাৱেলেৰে মুখ ঢাকি চেয়াৰত বহি কান্দি আছে ২৪ বছৰীয়া আমেৰিকাৰ যুৱক ফ্ৰান্সিছ তিয়াফোৱে ৷ এয়া দুখ বা লাজৰ নহয়, এই কান্দোন আনন্দ আৰু আবেগৰ ৷ কিছুপৰ আগতে তেওঁ পৰাস্ত কৰিছে কিংবদন্তি টেনিছ খেলুৱৈ ৰাফেল নাডালক ৷ এনে এক বৃহৎ সাফল্য অৰ্জন কৰি ফ্ৰান্সিছে নিজৰ আবেগ ধৰি ৰাখিব পৰা নাছিল ৷ ইউ এছ অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা ফ্ৰান্সিছৰ বাবে এয়া প্ৰথম ঘটনা নহয় ৷ তিনি বছৰৰ আগতেও তেওঁ অন্তিম আঠত প্ৰৱেশ কৰিছিল ৷

কিন্তু নাডালৰ দৰে এগৰাকী তাৰকা খেলুৱৈক পৰাস্ত কৰাৰ কথাই সুকীয়া ৷ নাডালক ৬-৪, ৪-৬, ৬-৪, ৬-৩ ছেটত পৰাস্ত কৰি হুকহুকাই কান্দি উঠিল ফ্ৰান্সিছ ৷ সমগ্ৰ মেচখনত ফ্ৰান্সিছে ১৮ টা এছ ছাৰ্ভিচ মাৰিছে ৷ অথচ এই গৰাকী ফ্ৰান্সিছে টেনিছ জীৱনত পূৰ্বতে কেতিয়াও নাডালৰ বিৰুদ্ধে এটা ছেটতো জয়ী হ’ব পৰা নাই ৷ মেচৰ শেষত ফ্ৰান্সিছে কয়, ‘‘কি ক’ম, কি কোৱা উচিত মই একো নাজানো ৷

এই জয়ে মোক যথেষ্ট সুখী কৰিছে ৷ ভিতৰি ভিতৰি সাংঘাতিক আনন্দ লাগিছে ৷ মই আবেগ ধৰি ৰাখিব নোৱাৰি কান্দি পেলাইছিলো ৷ প্ৰকৃততে নাডালক যে পৰাস্ত কৰিছো সেয়া মোৰ বিশ্বাস হোৱা নাই ৷ নাডাল বিশ্ব টেনিছৰ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ চেম্পিয়ন খেলুৱৈ ৷ সেই নাডালকে মই পৰাস্ত কৰিছো ! এই কথা ঠিক যে মই সাংঘাতিক ভাল খেলিছো ৷ কাৰণ সেয়া নোহোৱা হ’লে নাডালক পৰাস্ত কৰা নাযায় ৷ কিন্তু ইয়াৰ পিছতো মোৰ বিশ্বাসেই হোৱা নাই ৷’’

চলিত ছিজনত চাৰিখন গ্ৰেণ্ডশ্লামৰ ভিতৰত দুখনত চেম্পিয়ন হৈছে নাডাল ৷ অষ্ট্ৰেলিয়ান অ’পেন আৰু ফৰাচী অ’পেনত চূড়ান্ত বিজয়ী হ’লেও উইম্বলডনৰ ছেমিফাইনেলত আঘাতৰ বাবে আগুৱাব নোৱাৰিলে ৷ বহুতে ভাবিছিল নোভাক জকভিচ নথকা অৱস্থাত নাডালেই ইউ এছ অ’পেনৰ চেম্পিয়ন হ’ব ৷ কিন্তু এয়া সঁচা নহ’ল ৷ নাডালৰ মতে ফ্ৰান্সিছৰ লগত তেওঁৰ বয়সৰ পাৰ্থক্য এটা ফেক্টৰ হৈ পৰিল ৷ নাডালৰ ভাষাত, ‘‘টেনিছত জিকিবলৈ হ’লে অত্যন্ত দ্ৰুতগতিত শৰীৰটো চলাচল কৰিব লগা হয় ৷

প্ৰতিপক্ষক কোনোধৰণৰ সুবিধা দিয়া নচলিব ৷ তৰুণ বয়সত এয়া সম্ভৱ ৷ কিন্তু মোৰ এতিয়া আৰু আগৰ বয়স নাই ৷ গতিকে ফ্ৰান্সিছৰ বিৰুদ্ধে ঠিকমতে যুঁজখন দিব নোৱাৰিলো ৷ স্বীকাৰ কৰিব লাগিব, ফ্ৰান্সিছে মোতকৈ বহু ভাল খেলিছে ৷” আৰ্থাৰ এছ ষ্টেডিয়ামত জয়ী হোৱাৰ পিছত ফ্ৰান্সিছে ৰেকেটখন মাটিলৈ দলিয়াই দিয়ে ৷ তেওঁৰ চকুৱে মুখে এই অঘটনৰ অভিব্যক্তি প্ৰকাশ পালে ৷

ইয়াৰ বিপৰীতে নাডাল আছিল সম্পূৰ্ণ ভাৱলেশহীন ৷ ১৯১৬ চনৰ পিছত প্ৰথমবাৰলৈ অন্তিম ১৬ ৰ পৰা বিদায় ললে স্পেইনৰ তাৰকা খেলুৱৈ গৰাকীয়ে ৷ কৰ্ট এৰাৰ পূৰ্বে কৈ গ’ল, ‘‘ কৰ্টলৈ কেতিয়া উভতিম নাজানো ৷ কেইটামান দিশ ঠিকঠাক কৰিব লাগিব ৷ মানসিকভাৱে নিজকে প্ৰস্তুত কৰাৰ প্ৰয়োজন ৷ প্ৰতিযোগিতাত অংশ লোৱাৰ বাবে মানসিকভাৱে প্ৰস্তুত হ’লেহে কৰ্টলৈ উভতি আহিম ৷’’

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments