Monday, October 3, 2022
HomeNewsইউ এছ অপেনৰ দ্বিতীয় ৰাউণ্ডত ভাৰতৰ সুমিত

ইউ এছ অপেনৰ দ্বিতীয় ৰাউণ্ডত ভাৰতৰ সুমিত

অলিম্পিয়াৰ প্ৰতিবেদন

ইউ এছ অপেনৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে প্ৰতিযোগিতাখনত ডাইৰেক্ত এণ্ট্ৰী লাভ কৰা ভাৰতৰ সুমিত নাগালে। নাগালে প্ৰথম ৰাউণ্ডতে আমেৰিকাৰ প্ৰতিদ্বন্দী Bradley Clan ক ৬-১, ৬-৩, ৩-৬ আৰু ৬-১ ত পৰাস্ত কৰিবলৈ সক্ষম হৈছে। তেওঁ এই জয় লাভ কৰিবৰ বাবে Bradley Clan ৰ সৈতে ১ ঘণ্টা ২৭ মিনিট ধৰি যুজঁ দিবলগীয়া হয়।

সুমিত নাগালে লাভ কৰা এই জয়ৰ পিছতে তেওঁ বিগত সাতটা বছৰৰ গ্ৰেণ্ড শ্লামৰ প্ৰথম ৰাউণ্ডৰ মেচত জয় লাভ কৰা প্ৰথমজন ভাৰতীয় পুৰুষ ৰূপে বিবেচিত হৈ পৰিছে। ইয়াৰ পূৰ্বে সোমদেৱ দেৱবৰ্মনে ২০১৩ চনত ইউ এছ অপেনত এনে এক জয় লাভ কৰিবলৈ সক্ষম হৈছিল।

ভাৰতৰ টেনিছ খেলুৱৈ সুমিত নাগালৰ কেৰিয়াৰৰ এয়া দ্বিতীয় ইউ এছ অপেন। ইয়াৰ পূৰ্বে প্ৰথমবাৰ এই অপেনলৈ কোৱালিফাই কৰাৰ পিছত তেওঁ সপোনৰ তাৰকা ৰজাৰ ফেডেৰাৰ হাতত প্ৰথম ৰাউণ্ডতে পৰাস্ত হৈছিল। অৱশ্যে এইবাৰ সুমিত নাগালৰ বাবে আহিছে এক সুন্দৰ সুযোগ। ৰজাৰ ফেডেৰাৰ, ৰাফেল নাডালকে ধৰি বিশ্বৰ বহু শীৰ্ষস্থানীয় খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰাৰ বাবে খিতাপ দখলৰ বাট কিছু পৰিমাণে সহজ হৈ পৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments