Tuesday, October 4, 2022
HomeNewsইউ এছ অপেনৰ প্ৰথম ৰাউণ্ডতে বিদায় ল'লে ছিমনা হালেফে

ইউ এছ অপেনৰ প্ৰথম ৰাউণ্ডতে বিদায় ল’লে ছিমনা হালেফে

ইউ এছ অপেনৰ প্ৰথম ৰাউণ্ডতে বিদায় ল’লে ছিমনা হালেফে

অলিম্পিয়া প্ৰতিবেদন: নিউয়র্কত সোমবাৰে আৰম্ভ হ’ল বছৰৰ অন্তিম গ্ৰেণ্ডশ্লাম টেনিছ ইউ এছ অপেন ২০-২২ । এইবাৰ নোভাক জকভিচৰ দৰে তাৰকা খেলুৱৈ নাই । পুৰুষ ছিংগলছত দেখা পোৱা যাব ৰাফেল নাদাল, দানিল মেদভেদেভ আৰু এণ্ডী মাৰেৰ দৰে খেলুৱৈ । প্ৰথম দিনাই জয়ৰে অভিযান আৰম্ভ কৰিলে
মেদভেদেভ আৰু মাৰে । কিন্তু মহিলাৰ ছিংগলছত প্ৰথম দিনাই ছন্দপতন ঘটিল । প্ৰথম ৰাউণ্ডতে বাহিৰ হ’ল সপ্তম বাচনিৰ চিমনা হালেফ । বিশ্বৰ প্ৰাক্তন খেলুৱৈ ছিমনা হালেফক পৰাস্ত কৰিলে ইউক্রেইনৰ অখ্যাত খেলুৱৈ ডাৰিয়া স্নীগুয়ে ।

কোৱালিফায়াৰৰ পৰা মুল পৰ্বলৈ উন্নীত হোৱা ডাৰিয়াই ৬-২,০-৬,৬-৪ ব্যৱধানত পৰাস্ত কৰিলে দুটা গ্ৰেণ্ডশ্লাম জয়ী হালেফক । ব্ৰিটিছ টেনিছ তাৰকা এণ্ডী মাৰেই সুকলমে প্ৰথম ৰাউণ্ডৰ দেওনা অতিক্রম কৰিলে । তেওঁ ৭-৫,৬-৩,৬-৩ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে আৰ্জেণ্টিনাৰ ফ্ৰান্সিছ ছেৰুণ্ডোলাক । প্ৰথম ৰাউণ্ডত সুকলমে জয়লাভ কৰিলেও নিউয়র্কৰ প্ৰচণ্ড গৰমত কাহিল হৈ পৰিল তেওঁ । মেচৰ অন্তত মাৰে কলে,
“প্ৰচণ্ড গৰম আৰু শুকান পৰিৱেশ। ইয়াৰ মাজতে প্ৰথম ধাপ অতিক্রম কৰি ভালেই লাগিছে। ”
ইফালে ঘৰুৱা পৰিৱেশত সহজতে দ্বিতীয় ৰাউণ্ডত প্ৰবেশ কৰিলে মাৰ্কিন যুৱতী কোকো গফে । এঘন্টা ২০ মিনিট যুঁজি তেওঁ ৬-২,৬-৩ চেটত পৰাস্ত কৰে ফ্ৰান্সৰ লিউলিয়া জিনজিনিক ।
চলিত বছৰৰ ফ্ৰান্স অপেনৰ ফাইনেলত প্ৰবেশ কৰিছিল কোকেয়ে । কোকোৰ বাবে এয়া ইউ এছ অপেনত প্ৰথম জয় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

thirteen + twenty =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments