ভাৰত-ইংলেণ্ডৰ মাজৰ টেষ্ট শৃংখলালৈ মাত্ৰ কেইটামান দিন। ৫ ফেব্ৰুৱাৰীত চেন্নাইত দুয়োটা দলে খেলিব প্ৰথমখন টেষ্ট। এই টেষ্ট চিৰজত ভাৰতকেই ফেভাৰিট আখ্যা দিছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ইয়ান চেপেলে। প্ৰাক্তন অধিনায়কজনে কৈছে, বেটিঙৰ লগতে বলিঙত যথেষ্ট শক্তিশালী ঘৰুৱা দলটোক পৰাস্ত কৰাটো ইংলেণ্ডৰ বাবে সহজ নহ’ব।
চেপেলে কৈছে, বিৰাট কোহলি, ৰোহিত শৰ্মা, চেটেশ্বৰ পূজাৰা, আজিংক্য ৰাহানেৰ দৰে অভিজ্ঞ তাৰকা আৰু শুভমন গিল, হাৰ্দিক পাণ্ডিয়া, ঋষভ পণ্টৰ দৰে প্ৰতিভাৱান খেলুৱৈৰে গঠিত ভাৰতীয় দলটো বেটিঙত অতি শক্তিশালী। একেদৰে বিলঙত ঈশান্ত শৰ্মাৰ আগমনে শক্তি বৃদ্ধি কৰিব।
মন কৰিবলগীয়া যে অষ্ট্ৰেলিয়াক দেশখনৰ মাটিতে ভাৰতে পৰাস্ত কৰি ঐতিহাসিক বিজয় সাব্যস্ত কৰিছিল যদিও সেই চিৰিজত ভাৰতৰ কেইবাগৰাকীও অভিজ্ঞ তাৰকা খেলুৱৈ উপস্থিত নাছিল। ইংলেণ্ডৰ বিৰুদ্ধে ঘৰৰ মাটিত অনুষ্ঠিত হ’বলগীয়া এই চিৰিজত এতিয়া সেই অভিজ্ঞ তাৰকা ক্ৰিকেটাৰসকল ঘূৰি আহিছে। বিশেষকৈ অধিনায়ক কোহলি, বেগী বলাৰ ঈশান্ত শৰ্মা, অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া দললৈ ঘূৰি অহাত ভাৰতৰ শক্তি যথেষ্ট বৃদ্ধি পালে।
চেপেলে এই প্ৰসংগত কৈছে, কোহলি, পাণ্ডিয়া আৰি ঈশান্তৰ আগমনে টীম ইণ্ডিয়াক অধিক ভাৰসাম্য কৰি তুলিছে। অভিজ্ঞ আৰু তৰুণ খেলুৱৈৰে দলটো একপ্ৰকাৰৰ অপ্ৰতিৰোধ্য হৈ উঠিছে। প্ৰতিটো দিশতে ভাৰতে দিনকদিনে উন্নতি কৰিবলৈ সক্ষম হৈছে।এনে শক্তিশালী দলৰ বিৰুদ্ধে ইংলেণ্ডে কিদৰে মোকাবিলা কৰিব সেয়া লক্ষণীয় হ’ব। মোৰ মতে ইংলেণ্ডৰ বাবে এইবাৰ জয় সহজ নহ’ব।