ইণ্ডো- নেপাল অলিম্পিক ডে চিৰিমণিত অসমৰ ৬ টা পদক অৰ্জন
অলিম্পিয়া প্ৰতিবেদন: পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ সমৰকলা খেলুৱৈ । নেপালত উৰিল অসমৰ বিজয়ধ্বজা । ইণ্ডো- নেপাল অলিম্পিক ডে চিৰিমণিত অসমৰ ৬ টা পদক অৰ্জন ।
যোৱা ১৮ আৰু ১৯ জুনত নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত হয় ইণ্ডো -নেপাল অলিম্পিক ডে চিৰিমণি টুৰ্ণামেন্ট । এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে অসমৰ এটা সমৰকলা খেলুৱৈৰ দলে । কাঠমাণ্ডুত দাঙি ধৰিলে দুৰ্দান্ত ক্ৰীড়া প্ৰদৰ্শন । কুংফু টাউলু, কুংফু চন্দা, কিক বক্সিং আদি বিভিন্ন শিতানত অসমৰ খেলুৱৈয়ে আঁজুৰি আনিলে মুঠ ৬ টাকৈ পদক । ইয়াৰে ৩ টা স্বৰ্ণ আৰু ৩ টা ৰূপৰ পদক ।
নিজামুদ্দিন আহমেদে কুংফু টাউলু ইভেন্টত অৰ্জন কৰিছে স্বৰ্ণ পদক । সেইদৰে কুংফু চন্দাত স্বৰ্ণ আৰু কিক বক্সিঙত ৰূপ দখল কৰিছে বাবুল বসুমতাৰীয়ে । একেদৰে, কুংফু চন্দাত স্বৰ্ণ আৰু কিক বক্সিঙত ৰূপ অৰ্জনেৰে গৌৰৱ কঢ়িয়াই আনিছে ছিনি বৰুৱাই । আনহাতে, কিক বক্সিঙত ৰূপ দখলেৰে অসম মাতৃক গৌৰৱান্বিত কৰিলে ত্রিদীপ কুমাৰ নাথে ।
অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক
উল্লেখযোগ্য যে, ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰা দলটোৰ মেনেজাৰৰ দায়িত্বত আছিল জি এম গমে থাপা, লগতে প্ৰশিক্ষক হিচাপে থাকে নিজামুদ্দিন আহমেদ ।
ক্ৰীড়া অনুৰাগীৰ আশা– -অসমৰ সমৰকলা খেলুৱৈৰ সাফল্যই বিশ্ব ক্ৰীড়াঙ্গনৰ শিখৰ চুৱক । পদক অৰ্জনৰে অসম তথা ভাৰতক কৰক গৌৰৱৰ ভাগীদাৰ ।