Tuesday, October 4, 2022
HomeNewsইতিহাসত পোন প্ৰথমবাৰৰ বাবে পিছুৱাই দিয়া হ'ল অলিম্পিক প্ৰতিযোগিতা

ইতিহাসত পোন প্ৰথমবাৰৰ বাবে পিছুৱাই দিয়া হ’ল অলিম্পিক প্ৰতিযোগিতা

মাৰাত্মক ক’ৰনা ভাইৰাছৰ সংক্ৰামক সমগ্ৰ বিশ্বত বৃদ্ধি পোৱাৰ লগতে হাজাৰ হাজাৰ সংক্ৰমিত লোক মৃত্যু হোৱাৰ ফলত সমগ্ৰ বিশ্বতে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে। ফলত বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহ অলিম্পিক পিছুৱাই দিবলৈ বাধ্য হৈছে। হয়, ইতিহাসত পোন প্ৰথমবাৰৰ বাবে অলিম্পিক ক্ৰীড়া প্ৰতিযোগিতা পিছুৱাই দিবলৈ বাধ্য হৈছে। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ অধ্যক্ষ টমাছ বাখৰ আৰু আয়োজক দেশ জাপানৰ প্ৰধানমন্ত্ৰী চিনজো আবেৰ এক টেলিফোনিক বাৰ্তালাপৰ পিছতেই এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

কিছুসময়ৰ আগতে জাপানৰ প্ৰধান মন্ত্ৰীৰ কাৰ্য্যালয়ৰ পৰা এই গুৰুত্বপূৰ্ণ ঘোষণা কৰা হয়। প্ৰতিযোগিতাখন সম্পূৰ্ণ এবছৰ পিছুৱাই দি ২০২১ চনৰ গ্ৰীষ্মত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

জাপানৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা কৰা এক টুইটত উল্লেখ কৰি কৈছে ২০২১ বৰ্ষৰ গ্ৰীষ্মত অলিম্পিক ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

উল্লেখ্য যে চলিত বছৰৰ জুলাই মাহৰ ২৪ তাৰিখৰ পৰা আগষ্ট মাহৰ ৯ তাৰিখলৈ অলিম্পিক প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সূচী তৈয়াৰ কৰা হৈছিল। কিন্তু সমগ্ৰ বিশ্বজুৰি ক’ৰনা ভাইৰাছৰ সংক্ৰমণ অভাৱনীয় ভাৱে বৃদ্ধি পোৱাৰ বাবেই প্ৰতিযোগিতাখন পিছুৱাই দিবলৈ আয়োজক দেশ জাপান আৰু অলিম্পিক কমিটিৰ ওপৰত চাপ বৃদ্ধি পাইছিল। আয়োজক দেশ জাপানৰ বিভিন্ন সংস্থা, কেবিনেট মন্ত্ৰী আদিৰ লগতে বিশ্বৰ বহু কেইখন দেশৰ পৰা প্ৰতিযোগিতিখন পিছুৱাই দিবলৈ দাবী উত্থাপন হৈছিল। তৎসত্বেও অৱশ্যে জাপানৰ প্ৰধানমন্ত্ৰী চিনজো আবে আৰু আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে প্ৰতিযোগিখন পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰিয়েই অনুষ্ঠিত কৰাৰ পক্ষপাতী আছিল। সেইবাবেই অলিম্পিক কমিটিয়ে ‘অলিম্পিক টৰ্চ ৰান’ কাৰ্যসূচী চলাই আছিল।

পৰিস্থিতিৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি অষ্ট্ৰেলিয়া, কনাডা আদিৰ দৰে দেশে প্ৰতিযোগিতাখনলৈ খেলুৱৈ প্ৰেৰণ কৰাৰ পৰা বিৰত থাকিব বুলি কোৱাৰ লগতে আমেৰিকা, জাৰ্মানী, পোলেণ্ড আদিয়েও প্ৰতিযোগিতাখন পিছুৱাই দিবলৈ দাবী উত্থাপন কৰিছিল।

এনে এক পৰিস্থিতিত জাপান চৰকাৰ।আৰু অলিম্পিক কমিটিৰ হাতত প্ৰতিযোগিতাখন পিছুৱাই দিয়াৰ বাহিৰে অন্য কোনো পথ নাছিল।

ইয়াৰ পূৰ্বে অলিম্পিকৰ ইতিহাসত প্ৰতিযোগিতাখন পিছুৱাই দিয়াৰ নজিৰ নাই। বিশ্বযুদ্ধৰ সময়চোৱাত অৱশ্যে প্ৰতিযোগিতাখন সম্পূৰ্ণৰূপে বাতিল কৰা হৈছিল।

এতিয়ালৈকে সমগ্র বিশ্বত মাৰাত্মক মহামাৰী ক’ৰনা ভাইৰাছৰ সংক্ৰমণৰ ফলত মুঠ ১৭,১৭৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ৪ লাখ লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।

আনহাতে ভাৰতত ক’ৰ’না ভাইৰাছে ক্ৰমান্বয়ে জটিল ৰূপ ধাৰণ কৰাৰ উপৰিও ১০ গৰাকী লোকৰ মৃত্যু ঘটিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty + one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments