Thursday, July 7, 2022
HomeNewsইনষ্টাগ্ৰামৰ একছত্ৰী সম্ৰাট বিৰাট

ইনষ্টাগ্ৰামৰ একছত্ৰী সম্ৰাট বিৰাট

ইনষ্টাগ্ৰামৰ একছত্ৰী সম্ৰাট বিৰাট !

অলিম্পিয়া প্ৰতিবেদন: এক মহাকাব্যিক ইনিংছ ! খেলপথাৰত নহয়, সামাজিক মাধ্যমত বিৰাট কোহলিয়ে খেলিলে এক মহাকাব্যিক ইনিংছ । যি ইনিংছৰ অধিকাৰী হ’বলৈ খেলুৱৈৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰৰে চেলিব্ৰেটিয়ে আজিৰ তাৰিখত ইচ্ছা কৰে, চেষ্টা কৰে ।

প্ৰাক্তন অধিনায়ক বিৰাট কোহলিৰ বেট বহুদিন ধৰি স্তব্ধ হৈ আছে । বিৰাটে হেৰুৱাইছে স্বাভাৱিক ছন্দ । যি ছন্দৰ সন্ধানত বিৰাটে অব্যাহত ৰাখিছে সকলো ধৰণৰ প্ৰচেষ্টা । নেটত কঠোৰ অনুশীলন কৰিছে, নিজকে ফিট ৰাখিছে আৰু যিমান পাৰে এক পজিটিভ আৰু এগ্ৰেছিভ মোডত খেলপথাৰত নামিছে ।

ছন্দ হেৰুওৱা বিৰাটৰ বেটৰ পৰা এটা ইনিংছত ৫০ বা তাতকৈ অধিক ৰাণ আহিছে যদিও সকলো অপেক্ষাৰত শতকীয় ইনিংছলৈ । বহু দিন, বহু কেইটা বছৰেই হ’ল বিৰাটৰ শতকীয় ইনিংছ নেদেখা । শতকীয় ইনিংছ খেলাৰ প্ৰেছাৰতে হয়তো বিৰাট বাৰে বাৰে খেলপথাৰত বিফল হৈছে । তথাপিও হাৰ মনা নাই তেওঁ ।

আৰু অধিক পঢ়ক

বেটিঙত দুৰ্বল হৈ পৰা বিৰাটে সামাজিক মাধ্যমত নিজৰ আধিপত্য ঠিকেই বজাই ৰাখিছে । ইনষ্টাগ্ৰামত আজিৰ তাৰিখত বিৰাটে অধিকাৰ কৰিছে একছত্ৰী সম্ৰাটৰ আসন । তেওঁক স্পৰ্শ কৰিবলৈ কোনো সতীৰ্থ ক্ৰিকেটাৰ হয়তো সক্ষম নহ’ব ।

এসময়ত ষ্টেডিয়ামত বিৰাটৰ বেটৰ পৰা ছয়, চাৰিৰ বৰষুণ নামিছিল । ধাৰাবাহিক শতকীয় ইনিংছে বিৰাটক নতুন পৰিচয় দিছিল । সেই বিৰাটৰ বেটৰ পৰা এতিয়া শতকীয় ইনিংছ অথবা ছয়, চাৰিৰ বৰষুণ নাহিলেও সামাজিক মাধ্যমত একো একোটা পোষ্টৰ জৰিয়তে ছয়, চাৰি ঠিকেই কোবাই আছে ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

ক্ৰিকেটৰ কিং কোহলি আজিৰ তাৰিখত ইনষ্টাগ্ৰামৰো কিং ।ইনষ্টাগ্ৰামত বিৰাটে ২০ কোটিতকৈ অধিক অনুসৰণকাৰী অৰ্থাত ফ’লৱাৰ্ছ লাভ কৰিছে । তেওঁ ২০০ মিলিয়ন ফ’লৱাৰ্ছ থকা বিশ্বৰ একমাত্ৰ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে ।

এটা পোষ্টৰ পৰা লাভ ৫ কোটি টকা

৯ জুনৰ পৰা আৰম্ভ হ’বলগীয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাত বিৰাট কোহলি টীম ইণ্ডিয়াৰ অংশ নহয় । কিন্তু অনুৰাগীসকলৰ মাজত তেওঁৰ উন্মাদনা অটুট আছে । ইনষ্টাগ্ৰামত প্ৰতি মুহূৰ্ততে বিৰাটৰ ফ’লৱাৰ্ছ বৃদ্ধি হোৱাৰ পৰিসংখ্যাই এই কথাকে প্ৰমাণ কৰে ।

২০০ মিলিয়ন ফ’লৱাৰ্ছ থকা বিশ্বৰ একমাত্ৰ ক্ৰিকেটাৰ বিৰাট কোহলিয়ে এতিয়া ইনষ্টাগ্ৰামত এটা পোষ্ট কৰিলেই লাভ কৰে প্ৰায় ৫ কোটি টকা ।অৱশ্যে বিশ্বৰ বিভিন্ন খেলৰ খেলুৱৈৰ ভিতৰত বিৰাট ইনষ্টাগ্ৰামত ফ’লৱাৰ্ছৰ সংখ্যাৰে তৃতীয় স্থানত হে আছে । ইনষ্টাগ্ৰামত সৰ্বাধিক সংখ্যক ফ’লৱাৰ্ছ আছে পৰ্তুগালৰ তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰোণাল্ডোৰ । ৰোণাল্ডোৰ মুঠ ফ’লৱাৰ্ছ আছে ৪৫১ মিলিয়ন ।

ৰোণাল্ডোৰ পিছতে আছে আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰ লিয়নেল মেছি । মেছিৰ ফ’লৱাৰ্ছ আছে ৩৩৪ মিলিয়ন । অৰ্থাৎ ইনষ্টাগ্ৰামত খেলুৱৈৰ ভিতৰত সৰ্বাধিক ফ’লৱাৰ্ছ আছে ৰোণাল্ডোৰ। তাৰ পিছতে আছে মেছি আৰু বিৰাট কোহলি ।আনহাতে যদি ইনষ্টাগ্ৰামত খেলুৱৈ, অভিনেতা বা আন ক্ষেত্ৰৰ সকলোকে একাকাৰ কৰি চাও তেনে সামগ্ৰিকভাৱে বিৰাট কোহলি ইনষ্টাগ্ৰামৰ সৰ্বাধিক ফ’লৱাৰ্ছ থকা বিশ্বৰ ১৯ নম্বৰৰ ব্যক্তি । ইনষ্টাগ্ৰামত সৰ্বাধিক ফ’লৱাৰ্ছ থকা একমাত্ৰ ভাৰতীয় বিৰাট ।

ইমান বৃহৎ সংখ্যক ফ’লৱাৰ্ছ থকা বিৰাটে ইনষ্টাগ্ৰামত তেওঁৰ প্ৰতিটো পোষ্টৰ বাবে ৫ কোটিকৈ টকা উপাৰ্জন কৰে । যোৱা বছৰ Hopperhq.com য়ে ইনষ্টাগ্ৰামৰ ধনী ব্যক্তিসকলৰ তালিকা মুকলি কৰিছিল । এই তালিকাত কোহলি ভাৰতীয়সকলৰ ভিতৰত শীৰ্ষত আছিল ।বিৰাটে প্ৰতিটো পোষ্টৰ বিপৰীতে ৫ কোটি টকা লাভ কৰা বিষয়টো পোহৰলৈ আহিছিল । আনহাতে সৰ্বাধিক ফ’লৱাৰ্ছ থকা খেলুৱৈ তথা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰোণাল্ডোৱে আজিৰ তাৰিখত প্ৰতিটো পোষ্টৰ বিনিময়ত লাভ কৰে ১১.৯ কোটি টকা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments