Thursday, July 7, 2022
HomeNewsইৰফান পাঠানৰ এটা বাউঞ্চাৰে শেষ কৰিলে কেৰিয়াৰ : মানসিক বিকৃতি ঘটি সংঘটিত...

ইৰফান পাঠানৰ এটা বাউঞ্চাৰে শেষ কৰিলে কেৰিয়াৰ : মানসিক বিকৃতি ঘটি সংঘটিত কৰিছিল অগ্নি কাণ্ড

‘বাউঞ্চাৰ’– ক্ৰিকেট বেটছমেনসকলৰ বাবে এক অস্বস্তিকৰ শব্দ। খেল পথাৰত বহু সময়ত বাউঞ্চাৰ মাৰিয়েই বেগী বলাৰে ব্যতিব্যস্ত কৰি তোলে বেটছমেনসকলক। বাউঞ্চাৰৰ আঘাতৰ ফলতেই খেল পথাৰত ক্ৰিকেটাৰৰ মৃত্যু পৰ্যন্ত ঘটিছে। কেইবছৰমানৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ ফিলিপ হিউজ নামৰ ক্ৰিকেটাৰগৰাকী ছিন এবটৰ এক বাউঞ্চাৰৰ আঘাতৰ সন্মুখীন হৈ মৃত্যু মুখত পৰিছিল। আজি আপোনালোকলৈ এনে এক বাউঞ্চাৰৰ আক্ৰমণৰ বিষয়ে লৈ আহিছোঁ। এগৰাকী ভাৰতীয় বেগী বলাৰৰ বাউঞ্চাৰ আক্ৰমণৰ ফলত নিজৰ ক্ৰিকেট কেৰিয়াৰ সামৰি থৈছিল এগৰাকী বিশেষ ক্ৰিকেটাৰে। বিকৃতি ঘটিছিল মগজুৰ।

ভাৰতৰ সফল বেগী বলাৰসকলৰ ভিতৰত এগৰাকী অন্যতম সফল বেগী বলাৰ ইৰফান পাঠান। নিজৰ সময়ত তেওঁ হৈ পৰিছিল ভাৰতৰ বলিং আক্ৰমণৰ অন্যতম বৃহৎ শক্তি। বিশ্বৰ বহু বাঘা বাঘা বেটছমেনক তেওঁ পেভিলিয়নমুখি কৰি তুলিছে। ইৰফান পাঠানৰ বাউঞ্চাৰ আক্ৰমণৰ ফলতেই এজন ক্ৰিকেটাৰে সামৰি থ’লে নিজৰ ক্ৰিকেট কেৰিয়াৰ।

জিম্বাৱে’ৰ মাৰ্ক ভাৰ্মেউলেন নামৰ ক্ৰিকেটাৰগৰাকীৰ কথা নিশ্চয় আপোনালোকৰ মনত আছে। এইগৰাকী ভাৰ্মেউলেনে ইৰফান পাঠানৰ বলিং আক্ৰমণত ত্যাগ কৰিলে ক্ৰিকেট। ২০০০চনত জিম্বাৱে’ৰ জাতীয় দলৰ হৈ আত্মপ্ৰকাশ কৰিছিল ভাৰ্মেউলেনে আৰু নিজৰ প্ৰদৰ্শনেৰে ক্ৰিকেট বিশেষজ্ঞৰ দৃষ্টি আকৰ্ষণ কৰিছিল। ২০০৪ চনত অষ্ট্ৰেলিয়াত ভাৰত আৰু জিম্বাৱে’ই এক ছিৰিজত অংশগ্ৰহণ কৰিছিল। এই ছিৰিজৰ এখন মেচত ইৰফান পাঠানৰ এক বাউঞ্চাৰে গৈ ভাৰ্মেউলেনৰ মূৰত আঘাত কৰিছিল। এই আঘাত ইমানেই ভয়ংকৰ আছিল যে কোনোমতে হে প্ৰাণ ৰক্ষা হৈছিল ভাৰ্মেউলেনৰ। কিন্তু তেওঁ হৈ পৰিছিল মানসিক বিকাৰগ্ৰস্ত। কিয়নো এই আঘাতৰ পৰা মুক্ত হোৱাৰ পিছতে তেওঁ হৰাৰে স্প’ৰ্টছ ক্লাব নেচনেল ক্ৰিকেট একাডেমীত অগ্নি সংযোগ কৰিছিল। যাৰবাবে তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। ২০০৮ চনত তেওঁক অৱশ্যে এই কাণ্ডৰ বাবে জেললৈ যোৱা ভাৰ্মেউলেনক ন্যায়ালয়ে মুক্তি দিছিল। বিচাৰ প্ৰক্ৰিয়াত ভাৰ্মেউলেন মানসিক বিকাৰগ্ৰস্ত বুলি প্ৰমাণিত হৈছিল।

২০০৯ চনত তেওঁ পুনৰ জিম্বাৱে’ দলৰ হৈ খেলাৰ এক সুযোগ লাভ কৰিছিল যদিও ইয়াৰ পিছত তেওঁ সামাজিক মাধ্যমত কৰা কিছুমান আপত্তিজনক কামৰ বাবে সম্পূৰ্ণৰূপে জিম্বাৱে ক্ৰিকেটে ভাৰ্মেউলেনক নিষিদ্ধ ঘোষণা কৰে। ফলস্বৰূপে ক্ৰিকেট সামৰি থবলৈ বাধ্য হ’ল মাৰ্ক ভাৰ্মেউলেন।

আজি মাৰ্ক ভাৰ্মেউলেনৰ জন্মদিন। ১৯৭৯ চনৰ ২ মাৰ্চত জন্মগ্ৰহণ কৰিছিল এইগৰাকী ক্ৰিকেটাৰে। ভাৰতীয় বেগী বলাৰ ইৰফান পাঠানৰ এটা বাউঞ্চাৰেই কাল হৈ পৰিছিল মাৰ্ক ভাৰ্মেউলেনৰ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments