অলিম্পিয়া বাৰ্তা
অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে এক সুখবৰ। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে TOPS আঁচনিৰ জৰিয়তে ২০২৪ আৰু ২০২৮ চনৰ অলিম্পিকৰ বাবে নিৰ্বাচিত কৰি উলিওৱা দেশৰ উদীয়মান খেলুৱৈৰ তালিকাত স্থান লাভ কৰিছে অসমৰ জুডোকা পূজা বসুমতাৰীয়ে।
TOPS ৰ সম্পূৰ্ণ নাম হৈছে Target Olympic Podium Scheme। ই হৈছে ভাৰতীয় ক্ৰীড়া মন্ত্ৰণালয়ৰ দ্বাৰা প্ৰস্তাৱিত এক আঁচনি যাৰ জৰিয়তে সম্ভাৱনাপূৰ্ণ এথলিটসকলক অলিম্পিকৰ বাবে প্ৰস্তুত কৰি তোলা হয়।
পূজাৰ বাহিৰেও এই তালিকাত অসমৰ অংকুশিতা বড়ো, যমুনা বড়ো, অস্মিতা চলিহাকে আদি কৰি বহু কেইগৰাকী খেলুৱৈয়ে স্থান লাভ কৰিছে।
উল্লেখযোগ্য যে গুৱাহাটীত অনুষ্ঠিত তৃতীয় সংখ্যক খেল’ ইণ্ডিয়াত পূজাই জুডোত পদক আজুৰি আনিবলৈ সক্ষম হৈছিল। TOPS আঁচনিৰ জৰিয়তে ভাৰতীয় জুডো দললৈ নিৰ্বাচিত হোৱা পূজা সহিতে আন আন সদস্যসকল কিছুদিনৰ পিছতে উচ্চ প্ৰশিক্ষণৰ বাবে জাপানলৈ ৰাওনা হ’ব।
ভাৰতীয় দলৰ সৈতে চামিল হ’বলৈ পূজা আজি দিল্লীলৈ ৰাওনা হ’ব। ইতিমধ্যে পূজাৰ এই সাফল্যত উৎফুল্লিত হৈ পৰা অসম জুডো সন্থাই তাৰকা জুডোকাগৰাকীক দিল্লীলৈ যোৱাৰ প্ৰাকক্ষণত সম্বৰ্ধনা জ্ঞাপন কৰিব। সেই উপলক্ষে আজি ৰাধা বৰুৱা ক্ৰীড়া প্ৰকল্পস্থিত অসম জুডো সন্থাৰ কাৰ্য্যালয়ত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে।