Friday, September 30, 2022
HomeNewsউত্তৰ পূব টাইকোৱানডোত অসমৰ অধিপত্য

উত্তৰ পূব টাইকোৱানডোত অসমৰ অধিপত্য

উত্তৰ পূব টাইকোৱানডোত অসমৰ অধিপত্য

অলিম্পিয়া প্ৰতিবেদন: উত্তৰ পূব টাইকোৱানডোত অসমৰ অধিপত্য ।
গুৱাহাটীত উত্তৰ – পূব টাইকোৱানডোৰ সামৰণি । সাজু নাছিকত হ’ব লগা ফাইনেললৈ ।

প্ৰথম বাৰৰ বাবে মহানগৰীৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় টাইকোৱানডো ক্ৰীড়াৰ “ৰ’ড টু চেম্পিয়ন অৱ চেম্পিয়নছ ” । অসম তথা উত্তৰ পূূবৰ খেলুৱৈলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে এই প্ৰতিযোগিতাখনে ৷ কাৰণ বিশ্ব টাইকোৱানডো চেম্পিয়নশ্বিপৰ বাবে গুৱাহাটীকে ধৰি দেশৰ ৬ খন চহৰত অনুষ্ঠিত হৈছে প্ৰথম ৰাউণ্ডৰ বাছনি প্ৰক্ৰিয়া ।

পুৰুষ -মহিলাৰ আঠটাকৈ ওজন শাখাত অনুষ্ঠিত প্ৰতিযোগিতাৰ বিজয়ী আৰু বিজিত সকলে সৰ্বভাৰতীয় “চেম্পিয়ন অৱ চেম্পিয়নছ” প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব । ইয়াৰ পাছতেই স্বৰ্ণজয় কৰাসকলে মেক্সিকোত হ’ব লগা টাইকোৱানডোৰ বিশ্ব চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাট মুকলি হ’ব । মংগলবাৰে গুৱাহাটীত প্ৰথম ৰাউণ্ডৰ খেল অন্ত পৰিল ।
প্ৰায় ২৩০ গৰাকী পুৰুষ -মহিলা খেলুৱৈয়ে অংশগ্ৰহণ কৰা দুদিনীয়া মাণ্ডলিক ভিত্তিক চেম্পিয়ন অৱ চেম্পিয়নছত উজাৰি দিলে নিজৰ শ্ৰেষ্ঠত্ব ।

পুৰুষ আৰু মহিলা শাখাত জিলিকিল কেইবাগৰাকীও উদীয়মান প্ৰতিভা । স্বৰ্ণ আৰু ৰূপ জয়েৰে নাছিকৰ ফাইনেললৈ যোৱাৰ পথ প্ৰশস্ত হ’ল সেইসকল খেলুৱৈৰ । গুৱাহাটীত অনুষ্ঠিত এই প্ৰতিযোগিতাত
পুৰুষৰ বিভিন্ন ওজন গোটৰ শাখাত স্বৰ্ণ জয় কৰিলে নিতু গগৈ, সুৰয কুমাৰ সাহ, দিবাকৰ দুৱৰা, দিক্ষান্ত কাশ্যপে । সেইদৰে পুৰুষৰ বিভিন্ন ওজন শাখাত ৰূপ অৰ্জন কৰিছে নিৰ্মাণ ৰূপম কাশ্যপ, থায়াম ৰহন সিংহা, সুৰয প্ৰতীম দত্তই ।

আনহাতে মহিলাৰ বিভিন্ন ওজন গোটত স্বৰ্ণ জয়েৰে জিলিকিল মানসী গগৈ , নয়ত্রী চেতীয়া, মনোমতী দহোতীয়া, চনামিকা ব্ৰহ্ম, জাহ্নৱী মজুমদাৰ । সেইদৰে মহিলা শাখাত ৰূপ লাভ কৰিছে থাপনা সন্দিকৈ, ৰিয়া গোহাঁই, জয়শ্ৰী বসুমতাৰী, আৰু নেইনা শইকীয়াই ।

উল্লেখযোগ্য যে, অসম টাইকোৱানডো সন্থাই আয়োজন কৰা প্ৰতিযোগিতাৰ অন্তিম দিনটোত অসম টাইকোৱানডো সন্থাৰ সভাপতি তথা অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা সহিতে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, অসম টাইকোৱানডো সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি তথা মণিপুৰ চৰকাৰৰ মন্ত্ৰী ৱাই খেমচান্দ সিং, বিশ্ব টাইকোৱানডোৰ সমন্বয়ক কৈৰাশ বাহৰি আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে । অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈসকলৰ প্ৰতিভাত আপ্লুত হৈ পৰিল কৃষিমন্ত্ৰী অতুল বৰা ।

ক্ৰীড়া অনুৰাগীৰ আশা — -নাছিকত হ’ব লগা দ্বিতীয় ৰাউণ্ড তথা ফাইনেলত স্বৰ্ণ আৰু ৰূপজয়ী অসমৰ টাইকোৱানডো খেলুৱৈসকসকলে দাঙি ধৰক উন্নত প্ৰদৰ্শন । স্বৰ্ণ লাভেৰে বিশ্ব টাইকোৱানডো চেম্পিয়নশ্বিপলৈ বাছনি হওক অসমৰ উদিত প্ৰতিভা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 + 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments