Friday, September 30, 2022
HomeNewsউত্তৰ প্ৰদেশৰ কাবাডী টুৰ্ণামেন্টত খেলুৱৈসকলে খাদ্য গ্ৰহণ কৰিছে টয়লেটত!

উত্তৰ প্ৰদেশৰ কাবাডী টুৰ্ণামেন্টত খেলুৱৈসকলে খাদ্য গ্ৰহণ কৰিছে টয়লেটত!

উত্তৰ প্ৰদেশৰ কাবাডী টুৰ্ণামেন্টত খেলুৱৈসকলে খাদ্য গ্ৰহণ কৰিছে টয়লেটত!

অলিম্পিয়া প্ৰতিবেদন: কোন দিশে ভাৰতীয় ক্ৰীড়া ! উত্তৰ প্ৰদেশত অনুষ্ঠিত কাবাডী টুৰ্ণামেন্টে উদঙাইছে ভাৰতীয় ক্ৰীড়াৰ অন্য এক দু:খজনক স্বৰূপ । সমালোচনাৰ বলি যোগী আদিত্যনাথ চৰকাৰ তথা আয়োজক । সামাজিক মাধ্যমত ভাইৰেল এটা ভিডিঅ’ ।

যোৱা ১৬ ছেপ্টেম্বৰৰ পৰা উত্তৰ প্ৰদেশৰ শ্বাহাৰাণপুৰত অনুষ্ঠিত হৈছে ১৭ বছৰ অনূৰ্ধৰ উত্তৰ প্ৰদেশ আন্তঃজিলা মহিলা কাবাডী প্ৰতিযোগিতা । এই কাবাডী টুৰ্ণামেন্টত ঘটিছে এক অথন্তৰ । খেলুৱৈৰ দুৰ্দশা দেখি আপুনিও ভাবিবলৈ বাধ্য হ’ব এয়াই নেকি ভাৰতীয় ক্ৰীড়াৰ অৱস্থা । এই দৃশ্যলৈ মন কৰক । ৰাতিপুৱাৰ আহাৰ গ্ৰহণৰ বাবে হাতত প্লেট লৈ শাৰী পাতিছে এজাক কিশোৰী কাবাডী খেলুৱৈয়ে ।

কিন্তু আপুনি লক্ষ্য কৰক ক’ত পৰিবেশন কৰা হৈছে খাদ্য ! আপুনি শুনিলে আচৰিত হ’ব – — এয়া কোনো ৰান্ধনিশাল নহয়, খেলুৱৈ সকলে খাদ্য গ্ৰহণ কৰিছে টয়লেটত । ভিডিঅ’টোত স্পষ্টকৈ দেখা গৈছে এয়া এক টয়লেট । আয়োজকৰ কৰ্ম কাণ্ডত কম্পিত হৈ উঠিছে দেশৰ ক্ৰীড়াক্ষেত্র । খেলত অংশগ্ৰহণ কৰিবলৈ অহা কোনোবা কৰ্মকৰ্তাৰ মোবাইলত বন্দী হৈছে এই দৃশ্য । ইয়াৰ পাছতেই ভাইৰেল হৈ পৰিছে খেলুৱৈৰ এই দুৰ্দশাৰ ছবি । উক্ত টয়লেটত খানাও তৈয়াৰ কৰা হৈছে ।

ছচিয়েল মিডিয়াত খলকনি তুলিছে এই বিশেষ ভিডিঅ’ । বিভিন্ন জনে যোগী আদিত্যনাথ চৰকাৰ তথা আয়োজকক এই বিষয়ক লৈ প্ৰশ্ন উত্থাপন কৰিছে । জানিব পৰা মতে চৰকাৰী তদন্তত এই পৰ্যন্ত নিলম্বিত হৈছে এগৰাকী ক্ৰীড়া বিষয়া । ঘটনা সন্দৰ্ভত কঠোৰ হোৱাৰ ইংগিত দিছে কেন্দ্ৰীয় ক্ৰীড়ামন্ত্রী অনুৰাগ ঠাকুৰে ।

কাৰ ভুলৰ বাবে শ শ উদীয়মান কিশোৰীয়ে এনে অস্বাস্থ্যকৰ ঠাইত খাদ্য গ্ৰহণ কৰিব লগা হ’ল ? খেলুৱৈক অপমান কৰাৰ স্পৰ্ধা কাৰ ? এগৰাকী সাধাৰণ খেলুৱৈয়ে ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰত কেতিয়া পাব প্ৰাপ্য সন্মান ? দোষীক শাস্তি বিহাৰ দাবী তুলিছে দেশৰ ক্ৰীড়া মহলে । সকলোৱে আশা কৰিছে —- খেলুৱৈৰ সৈতে যাতে ভৱিষ্যতে আৰু এনে অবান্তৰ পৰিস্থিতিৰ সৃষ্টি নহওক । উত্তৰ প্ৰদেশৰ ঘটনাই হওক অন্তিমটো এনেধৰণৰ দুৰ্ভাগ্যজনক ঘটনা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twelve − 7 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments