Tuesday, October 4, 2022
HomeNewsউদয়াচলত পেৰা খেলুৱৈক সম্বৰ্ধনা

উদয়াচলত পেৰা খেলুৱৈক সম্বৰ্ধনা

উদয়াচলত পেৰা খেলুৱৈক সম্বৰ্ধনা

অলিম্পিয়া প্ৰতিবেদন: তেওঁলোকৰ মুখত আজি প্ৰাপ্তিৰ হাঁহি । ফুলৰ থোপা, গামোচাৰে সম্ভাষণ জনাইছে অসম পেৰালিম্পিক সন্থাই । উদয়াচলত পেৰা খেলুৱৈক উষ্ম আদৰণি । ক্ৰীড়াঙ্গনত পদক লাভেৰে অসম মাতৃক গৌৰৱান্বিত কৰিছে অসমৰ এজাক উদীয়মান পেৰা খেলুৱৈয়ে । চলিত বৰ্ষত অসমৰ পেৰা খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত অৰ্জন কৰিলে ১৮ টাকৈ পদক । ইয়াৰে ৰাষ্ট্ৰীয় পেৰা সাঁতোৰত ৯ টা, পেৰা বচ্চিয়াত ৩ টা, পেৰা বেডমিণ্টনত ১ টা আৰু পেৰা এথলেটিকছত ৫ টা পদক অৰ্জন কৰিলে অসমে । সেই সকল বিজয়ী খেলুৱৈক উৎসাহ জনোৱাৰ উদ্দেশ্যে সোমবাৰে গুৱাহাটী পাণ্ডুস্থিত উদয়াচলৰ প্ৰেক্ষাগৃহত অসম পেৰালিম্পিক সন্থাই আয়োজন কৰিলে এক সম্বৰ্ধনা অনুষ্ঠান।

আৰু অধিক পঢ়ক

খেলুৱৈসকলৰ প্ৰদৰ্শনক লৈ সুখী অসম পেৰালিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ দে । ইফালে ৰাষ্ট্ৰীয় পেৰা সাঁতোৰত স্বৰ্ণজয়ী আনোৱাৰ ছিকদাৰে গঢ়িছে ৰাষ্ট্ৰীয় অভিলেখ । লগতে সুন্দৰ টাইমিঙেৰে এথলেটিকছৰ ১০০ মি:ত স্বৰ্ণজয় আৰু ৪০০ মি: ৰূপ জয়ৰে চমক দিয়া আনিস্মিতা কোঁৱৰৰ লৈ আশাবাদী অসম পেৰালিম্পিক সন্থাৰ সম্পাদকজন । ৰাষ্ট্ৰীয় পেৰা সাঁতোৰত স্বৰ্ণজয় কৰি আনন্দিত আনোৱাৰ ছিকদাৰ । অসম পেৰালিম্পিক সন্থাৰ সম্ভাষণ গ্ৰহণ কৰি কৰিলে মন্তব্য—কিছুদিনৰ পূৰ্বে পাণ্ডুৰ উদয়াচলত মুকলি কৰা হৈছিল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো পেৰা বচ্চিয়াৰ প্ৰশিক্ষণ কেন্দ্ৰ । এই কেন্দ্ৰতেই প্ৰশিক্ষণ গ্ৰহণ কৰি পদক অৰ্জন কৰিলে পেৰা বচ্চিয়াৰ খেলুৱৈসকলে । পেৰা খেলুৱৈৰ সাফল্যত প্ৰাইড ইষ্ট এন্টাৰটেন্টমেন্টৰ তৰফৰ পৰাও কিংশুক তালুকদাৰে জনালে শুভেচ্ছা ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

অতি কম দিনৰ ভিতৰতে অসম পেৰালিম্পিক সন্থাৰ তত্বাৱধানত ৰাষ্ট্ৰীয় পেৰা বচ্চিয়াৰ বাবে খেলুৱৈক প্ৰস্তুত কৰি তুলিছিল প্ৰশিক্ষক মোহন ঘোষে । যাৰ বাবে ৰাষ্ট্ৰীয় পেৰা বচ্চিয়াত অসমে প্ৰথমবাৰ অংশগ্ৰহণ কৰি আজুৰি আনিলে ৩ টা পদক।উল্লেখযোগ্য যে, সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকিল অসম পেৰালিম্পিক সন্থাৰ সভাপতি চন্দন বৰুৱা, উপ সভাপতি হিমা ওজা দাস, উদীয়মান পেৰা খেলুৱৈসকলৰ লগতে অভিভাৱকসকল । ক্ৰীড়া অনুৰাগীৰ আশা –অসমৰ পেৰা খেলুৱৈৰ এই বিজয়ধাৰা চিৰপ্ৰবাহমান হওক । তেওঁলোকৰ সাফল্যই ক্ৰীড়াঙ্গনৰ উচ্চ শিখৰ স্পৰ্শ কৰক ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 + four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments