Thursday, July 7, 2022
HomeNewsউমৰাণৰ স্পীডক লৈ কটাক্ষ আখটাৰৰ । অভিলেখ ভঙাৰ দৌৰত যাতে নাভাগে হাঁড়

উমৰাণৰ স্পীডক লৈ কটাক্ষ আখটাৰৰ । অভিলেখ ভঙাৰ দৌৰত যাতে নাভাগে হাঁড়

অলিম্পিয়া প্ৰতিবেদন

চলিত ছিজনৰ আই পি এলত খুবেই এটি চৰ্চিত নাম উমৰাণ মালিক । যাৰ বলিঙৰ গতিয়ে লাভ কৰিছে বহুল জনপ্ৰিয়তা । ছানৰাইজাৰ্ছ হাইদৰাবাদৰ হৈ ধাৰাবাহিকভাৱে ঘণ্টাত ১৫০ তকৈ অধিক কিলোমিটাৰ স্পীডত বল নিক্ষেপ কৰা দৃশ্যই স্তম্ভিত কৰে ক্ৰিকেটপ্ৰেমীক । সেইজন উমৰাণকে এতিয়া কটাক্ষ কৰিছে পাকিস্তানৰ প্ৰাক্তন পেচ বলাৰ ছুৱেইব আখটাৰে । ঘণ্টাত ১৫৭ কি:মি: বেগেৰে বল নিক্ষেপ কৰাৰ পাছতে বহু ক্ৰিকেট বিশেষজ্ঞই ভাৱে উমৰাণে খুব কম দিনৰ ভিতৰতে অতিক্ৰম কৰিব ছুৱেইবক । যাৰ বাবে ছুৱেইবে কটাক্ষ কৰিছে উমৰাণক ।
আখটাৰে উমৰাণৰ গতি সম্পৰ্কত কৈছে এইদৰে যে ভাৰতীয় পেচাৰে তেওঁৰ অভিলেখ ভংগ কৰিব পাৰিলে তেওঁ অত্যন্ত সুখী হ’ব । কিন্তু তাৰ লগতে এই কথাও কয় যে তেওঁৰ অভিলেখ ভংগ কৰিবলৈ যাওঁতে যাতে উমৰাণৰ হাড় নাভাঙে এয়াই হ’ব প্ৰাৰ্থনা ।
পাকিস্তানৰ প্ৰাক্তন পেচাৰজনে ১৬১.৩ কি:মি: প্ৰতি ঘণ্টাত বল নিক্ষেপ কৰি বিশ্ব ক্ৰিকেটত খোদিত কৰিছিল নিজৰ নাম । সম্প্ৰতি চলিত ছিজনৰ আই পি এলৰ এখন মেচত ১৫৭ কি:মি: গতিবেগত বল নিক্ষেপ কৰি উমৰাণে দখল কৰিবলৈ সক্ষম হৈছিল বেগী বলাৰৰ তালিকাত বিশ্বৰ দ্বিতীয় স্থান ।
উমৰাণ সন্দৰ্ভত অৱশ্যে আখটাৰে দাঙি ধৰে আন বহু মন্তব্য । তেওঁ কয় যে – ভাৰতীয় দলে আয়াৰলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ছিৰিজত নমাৰ চলাইছে প্ৰস্তুতি । এনে পৰিস্থিতিত নিৰ্বাচনী বৰ্ডে নিশ্চিতভাৱে উমৰাণৰ ওপৰত দৃষ্টি নিবন্ধ ৰাখিছে । সম্ভৱত: ভৰতীয় জাতীয় দলত শীঘ্ৰে স্থান পাব পাৰে উমৰাণে । সেই ক্ষেত্ৰত বি চি চি আই-এ উমৰাণৰ অনুশীলনৰ ওপৰত দিব লাগিব বিশেষ গুৰুত্ব । লক্ষ্য ৰাখিব লাগিব যাতে উমৰাণৰ ওপৰত বলিঙৰ ক্ষেত্ৰত বেছি হেঁচা নপৰে । তেওঁক এতিয়া বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি উন্নত ট্ৰেইনিঙত মনোনিবেশ কৰোৱাব লাগিব ।
এই ক্ষেত্ৰত আখটৰে দিয়ে অন্য এটি উদাহৰণ । এখন গাড়ী যিদৰে বেছি স্পীডত চলালে তাৰ ইঞ্জিন আৰু টায়াৰ ফুটি যোৱাৰ সম্ভাৱনা থাকে ঠিক সেইদৰে বেছি বেগত বল নিক্ষেপ কৰিলেও ভৰি আৰু হাতত আঘাত পোৱাৰ সম্ভাৱনা থাকে । উমৰাণে সেইখিনিৰ ওপৰতো দিব লাগিব বিশেষ গুৰুত্ব ।
অৱশ্যে আখটাৰে উমৰাণৰ ওপৰত দিয়া মন্তব্য ঋণাত্মক দিশৰ লগতে যোগাত্মক দৃষ্টিভংগী যে আছে সেই কথা নুই কৰিব নোৱাৰি । কিন্তু তেওঁৰ কথনশৈলীৰ ওপৰত নিৰ্ভৰ কৰিব ইয়াৰ আঁৰৰ উদ্দেশ্য ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

6 + 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments