উশ্বুত জিলিকিছে বকো বাকাৰাপাৰাৰ জিনা হুছেইন
অলিম্পিয়া প্ৰতিবেদন: উশ্বুত জিলিকিছে বকো বাকাৰাপাৰাৰ জিনা হুছেইন । ১৫ সংখ্যক কামৰূপ জিলা ২০২২ উশ্বু প্ৰতিযোগিতাত স্বৰ্ণ লাভ । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সুনাম অৰ্জন জিনাৰ ।
বকো বাকাৰাপাৰাৰ এগৰাকী উদীয়মান উশ্বু খেলুৱৈ । নাম জিনা হুছেইন । ২ ৰ পৰা ৩ জুনত বকোত অনুষ্ঠিত ১৫ সংখ্যক কামৰূপ জিলা ২০২২ উশ্বুত জিনাৰ অদমনীয় প্ৰদৰ্শন । অসম উশ্বু এছচিয়েচন আৰু কামৰূপ জিলা উশ্বু এছচিয়েচনৰ সহযোগত আয়োজিত এই প্ৰতিযোগিতাত জিনাই ছোৱালী জুনিয়ৰ শাখাত অৰ্জন কৰিছে সোণৰ পদক । ইয়াৰ লগে লগে ৰাজ্যিক উশ্বু প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিলে উদীয়মান প্ৰতিভা জিনা হুছেইনে ।
পিছে জিনাৰ এয়াই প্ৰথম সাফল্য নহয় । ইয়াৰ পূৰ্বেও আন্তঃৰাষ্ট্ৰীয় উশ্বুত অসম তথা ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিছে জিনাই । বিগত মাহৰ ২৮ ৰ পৰা ৩০ মে’লৈ ছাউথ এছিয়ান ফেডাৰেচনে নেপাল কাঠমাণ্ডুত অনুষ্ঠিত কৰা আন্তঃৰাষ্ট্ৰীয় উশ্বুত সোণৰ পদক অৰ্জন কৰিছিল তেওঁ । জিনাক লৈ গৌৰৱান্বিত অসম তথা দক্ষিণ কামৰূপ বাসী ৰাইজ ।
ক্ৰীড়া অনুৰাগীৰ আশা- – অপ্ৰতিৰোধ্য হওক জিনাৰ উশ্বুৰ এই বিজয় যাত্রা । পদক লাভেৰে ভাৰতক গৌৰৱান্বিত কৰি যাওক অসম কন্যাই ।